ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণ হঠাতে বাতিল - Amit Shahs Assam Visit Cancelled

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 12:36 PM IST

Updated : Apr 6, 2024, 1:31 PM IST

অসমলৈ নাহে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ
অসমলৈ নাহে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

Lok Sabha Election 2024: অসমলৈ নাহে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ ৷ হঠাৎ বাতিল হ’ল কেন্দ্ৰীয় গৃহমন্ত্রীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী ৷ কিন্তু কিয় ?

গুৱাহাটী, ৬ এপ্রিল : বাতিল হ’ল কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ । দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহাৰ কথা আছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ । কিন্তু হঠাতে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীৰ অসম ভ্ৰমণ স্থগিত ৰখা হ'ল । অৱশ্যে কি কাৰণত অমিত শ্বাহৰ অসম ভ্ৰমণ স্থগিত ৰখা হ'ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৭ আৰু ৮ এপ্ৰিলত গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ অহাৰ কথা আছিল আৰু সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল । কিন্তু প্ৰস্তুতিৰ মাজতে হঠাতে বাতিল হ’ল অমিত শ্বাহৰ ভ্ৰমণ । দলীয়ভাৱে অমিত শ্বাহৰ অসম ভ্রমণ স্থগিত ৰখাৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা হোৱা নাই । বিজেপিৰ ৰাজ্যিক নেতৃত্বই জনোৱা মতে ৭-৮ এপ্ৰিলৰ পৰিৱৰ্তে ১১ এপ্ৰিলত প্ৰচাৰৰ বাবে অমিত শ্বাহ অসমলৈ অহাৰ সম্ভাৱনা আছে ।

৭ আৰু ৮ এপ্ৰিলত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহে নগাঁও সমষ্টিৰ হোজাই আৰু লখিমপুৰ সমষ্টিৰ লগতে আৰু শোণিতপুৰ সমষ্টিৰ গহপুৰত এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল । এই নির্বাচনী প্ৰচাৰ সভাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই সম্পূর্ণ প্রস্তুতি চলাইছিল । কিন্তু শেষ মুহূৰ্তত অমিত শ্বাহৰ ভ্রমণসূচী স্থগিত ৰখা হয় ।

ইফালে বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতেই ১৭ এপ্রিলত অসমলৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব ।

ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি চলোৱা হৈছে । স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সকলো দিশ তদাৰক কৰি আছে । প্ৰধানমন্ত্রীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে । নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্রীয়ে নলবাৰীত নিৰ্বাচনী সভা সম্বোধন কৰিব ।

উল্লখ্য যে, বৰপেটা সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক এৰি দিছে আৰু অগপই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে বিধায়ক ফণীভূষণ চৌধুৰীক । লক্ষণীয় বিষয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান । দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে দলৰ ৰথী-মহাৰথী ।

লগতে পঢ়ক : নলবাৰীত প্ৰধানমন্ত্ৰী মোদী : জনসভাথলী পৰ্যবেক্ষণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Lok Sabha election 2024

Last Updated :Apr 6, 2024, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.