ETV Bharat / politics

ভাৰত-ম্যানমাৰৰ‌ মাজত মুক্ত যাতায়ত ব্যৱস্থা বন্ধ কৰা হ'ব: অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:57 PM IST

Updated : Jan 20, 2024, 7:54 PM IST

Home Minister Amit Shah
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ

Assam Police Commando Parade :তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ অসম তথা উত্তৰ-পূব ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ

গুৱাহাটী, ২০ জানুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন ৷ শুকুৰবাৰে নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ আজিৰ কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত অল বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰে । তাৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহি মন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ ।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২,৫৫১ জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ভাৰত আৰু ম্যানমাৰৰ‌ মাজত ভিছা অবিহনে মুক্তভাৱে ভাৰত আৰু ম্যানমাৰৰ‌ মাজত অহা যোৱা কৰা ব্যৱস্থা ভাৰত চৰকাৰে শীঘ্ৰে বন্ধ কৰিব বুলি মন্তব্য় কৰে । তেওঁ কয় যে মুক্তভাৱে ভাৰত আৰু ম্যানমাৰৰ‌ মাজত অহা যোৱা কৰা মুক্তভাৱে চলাচল চুক্তিখন (The Free Movement Regime) পুনৰ বিচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শনিবাৰে গুৱাহাটীৰ সৰুসজাইত অসম আৰক্ষীৰ নৱ নিযুক্ত কমাণ্ডো বেটেলিয়ানৰ পেৰেডত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে ঘোষণা কৰে যে ভাৰত, ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীকো প্ৰশংসাৰে ওপচাই দিয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে অসম আৰক্ষীৰ এক গৌৰৱোজ্বল ইতিহাস আছে । অসম আৰক্ষীয়ে ভাৰতৰ অন্য ৰাজ্যৰ আৰক্ষীতকৈ যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে ।‌ ভাৰত বিভাজন, শৰণাৰ্থীৰ সমস্যা, বাংলাদেশৰ মুক্তি আন্দোলন,অবৈধ নাগৰিকৰ প্ৰব্ৰজনৰ‌ সমস্যা আদিৰ অসম আৰক্ষীয়ে সাহসেৰে সন্মুখীন হৈ আহিছে ।

তেওঁ পুনৰ কয় যে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ নক্সাল জৰ্জৰিত অঞ্চল, কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলত ৭৩ শতাংশ হিংসা হ্ৰাস হৈছে । শান্তি প্ৰতিষ্ঠা হৈছে । দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বৰ বাবে যোৱা দহ বছৰত উন্নয়নৰ দিশত আগুৱাই গৈছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত উত্তৰ-পূবত ৭৩ শতাংশ হ্ৰাস হিংসাত্মক ঘটনা: অমিত শ্বাহ

Last Updated :Jan 20, 2024, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.