ETV Bharat / politics

বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে ?

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 4:12 PM IST

Updated : Mar 18, 2024, 7:15 PM IST

Deep Gogoi met Topon Kumar Gogoi : কিয় গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে লগ কৰিছিল বিজেপিৰ যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক ? এই সাক্ষাতৰ আঁৰত আছে নেকি কিবা ৰাজনৈতিক উদ্দেশ্য ? কি কয় দীপ গগৈয়ে ?

বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে ?
বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে ?

বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে ?

যোৰহাট, ১৮ মাৰ্চ : ‘‘তপন কুমাৰ গগৈ আৰু মোৰ মাজত যি সাক্ষাতকাৰ হৈছিল সেয়া সৌজন্যমূলক ৷ কিন্তু তেওঁলোকৰ কিবা আছে নেকি সেয়া মই নাজানো । মই তপন কুমাৰ গগৈক ৫ বছৰ পিচত লগ পাইছো ।’’ এই মন্তব্য দীপ গগৈৰ ৷

উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১০ বজাত গৌৰৱ গগৈৰ খুড়াক দীপ গগৈক বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে সাক্ষাৎ কৰে ৷ দীপ গগৈয়ে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক সাক্ষাৎ কৰাৰ পাচতে ৰাজনৈতিক মহল সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দীপ গগৈয়ে ।

Deep Gogoi met Topon Kumar Gogoi
গেৰুৱা বসন পিন্ধিব নেকি দীপ গগৈয়ে ?

আনহাতে, যোৰহাটলৈ অহাৰ সময়ত গৌৰৱ গগৈয়ে খুড়াকক লগ নকৰে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘গৌৰৱ আৰু মোৰ মাজত সেয়া ঘৰুৱা কথা । কাৰণ প্ৰায়ে গৌৰৱ মোৰ ওচৰলৈ আহে ৷ প্ৰাৰ্থিত্ব পোৱাৰ পাচত যি দিনা গৌৰৱ যোৰহাটত পদাপৰ্ণ কৰিছিল, তেতিয়া গৌৰৱে ফোন কৰি মোক লগ কৰাৰ কথা কৈছিল ৷ কিন্তু মোৰ চকু অপাৰেশ্যন হোৱাৰ কাৰণে মই আহিবলৈ কোৱা নাছিলো ৷ সেয়া তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে কোৱা কথা’’ ৷

লগতে দীপ গগৈক লেং মাৰি গৌৰৱ গগৈ সাংসদ হৈছিল বুলি কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘মই স্ব-ইচ্ছাই গৌৰৱক সেই আসন এৰি দিছিলো ৷ মুখ্যমন্ত্ৰী হৈ থকা সময়ত তৰুণ গগৈয়ে অন্য স্থানত নাথাকি মোৰ সাংসদ কোৱাটাৰতে আছিল’’ ।

‘‘পীযুষ হাজৰীকাৰ লগতে অন্যসকলে গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণ কৰিছে, সেয়া সকলো সীমা চেৰাই গৈছে । বৰ্তমান সময়ত মোৰ ভতিজাই সংসদত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মই খুড়াক হিচাপে গৌৰৱান্বিত ৷ ৰাইজে পুনৰ গৌৰৱক জিকাই পঠাব বুলি আশাবাদী’’ । তেওঁ কয় ৷

ইপিনে এই সাক্ষাতকাৰ সন্দৰ্ভত তপন কুমাৰ গগৈয়ে সোমবাৰে ইটিভি ভাৰতক কয়, ‘‘মই দীপ গগৈক সাক্ষাৎ কৰা বিষয়টো সম্পূৰ্ণ ব্যক্তিগত ৷ ইয়াত কোনো ৰাজনৈতিক কাৰণ নাই ৷ আমাৰ দুয়োৰে এয়া আছিল এক সৌজন্যমূলক সাক্ষাৎ’’ ৷

লগতে পঢ়ক : শোণিতপুৰ লোকসভাত প্ৰতিন্দন্দ্বিতা বিৰোধীৰ লগত নহয়, বিধায়কসকলৰ মাজতহে হ’ব : অশোক সিংহল

Last Updated : Mar 18, 2024, 7:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.