ETV Bharat / politics

বিজেপি ত্যাগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ,‌ কংগ্ৰেছত কৰিব যোগদান আমিনুল হক লস্কৰে

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:31 PM IST

Updated : Mar 19, 2024, 8:13 PM IST

Aminul Haque Laskar
আমিনুল হক লস্কৰৰ বিজেপিত্যাগ

Aminul Haque Laskar: বিজেপি ত্যাগ কৰিলে বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷ বুধবাৰে কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ বিজেপি দল আদৰ্শৰ পৰা কক্ষচ্যুত হোৱাৰ অভিযোগ পদত্যাগী বিজেপি নেতাগৰাকীৰ ৷

গুৱাহাটী, ১৯ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে এটা দলৰ পৰা আন এটা দললৈ ৰাজনৈতিক নেতাসকলৰ সোঁত অব্যাহত আছে । শেহতীয়াকৈ বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰিলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি দল ত্যাগ কৰি ইছলামে যোগদান কৰিব কংগ্ৰেছ দলত । কংগ্ৰেছৰ মিডিয়া বিভাগৰ বেদব্ৰত বৰাই জনোৱা‌ মতে, বুধবাৰে দিনৰ‌‌ ২ বজাত ৰাজীৱ ভৱনত আমিনুল হক লস্কৰে কংগ্ৰেছ দলত যোগদান কৰিব । উল্লেখ্য যে কাইলৈ কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ এখন‌ সভাত অংশ‌ ল'বলৈ আহিব । ৰাজীৱ ভৱনত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিতে আমিনুল হক লস্কৰে কংগ্ৰেছত যোগদান‌ কৰিব ।

আমিনুল হক লস্কৰ ২০১৬ চনত‌ বৰাকৰ সোনাই বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ‌‌ বিধায়ক হৈছিল । তেওঁ ২০১৬ চনত বিজেপিৰ পৰা বিধায়ক হোৱা একমাত্ৰ মুছলমান বিধায়ক আছিল । ২০১৯ চনৰ ৩১ জুলাইত বিধানসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ।

ইপিনে বিজেপি দল ত্যাগ কৰি আমিনুল হক লস্কৰে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি এতিয়া আদৰ্শৰ পৰা কক্ষচ্যুত হৈছে । মন কৰিবলগীয়া যে সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত সোনাই বিধানসভাৰ‌ ভৌগলিক এলেকাৰ সলনি‌ হয় । ইয়াকে লৈ আমিনুল হক লস্কৰে অসন্তুষ্টি আছিল । যাৰ‌‌ বাবে ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমিনুল হক লস্কৰে যোগ দিবলৈ ওলাইছে কংগ্ৰেছত ।

ইয়াৰ বিপৰীতে আজিৰ দিনটোতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই ত্যাগ কৰে কংগ্ৰেছ দল । লোকসভা নিৰ্বাচনৰ টিকট লাভ নকৰাৰ ফলতেই প্ৰাক্তন সাংসদগৰাকীয়ে দলত্যাগ কৰে । কংগ্ৰেছ ত্যাগ কৰিয়েই দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰাক্তন সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: বুদ্ধিজীৱীক দোষ দি টিকট নাপাই কংগ্ৰেছ ত্যাগ দ্বিজেন শৰ্মাৰ

Last Updated :Mar 19, 2024, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.