ETV Bharat / politics

বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কংগনা ৰনৌতৰ, মাণ্ডিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা - Kangana Ranaut got BJP ticket

Kangana Ranaut got BJP ticket: বিজেপি দলৰ পঞ্চমখন তালিকাত কংগনা ৰনৌতক হিমাচলৰ মাণ্ডিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদানৰ কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে । ৰামায়ণৰ ৰাম চৰিত্ৰৰ বাবে জনাজাত অৰুণ গোভিলকো প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ ।

Kangana Ranaut got BJP ticket
বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কংগনা ৰাণাৱটৰ
author img

By ETV Bharat Assamese Team

Published : March 25, 2024 at 10:20 AM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৫ মাৰ্চ : জন্মস্থান হিমাচল প্ৰদেশৰ পৰা বিজেপি দলে লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতক । জন্মস্থান মাণ্ডি সমষ্টিৰ পৰা শাসকীয় দলে টিকট প্ৰদান কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰিছে । বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁৰ সদায় চৰ্তহীন সমৰ্থন আছে ।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ খন ৰাজ্যৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ কৰে । য'ত কংগনাক কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা মনোনীত কৰা হৈছে । বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতে কংগনাই ইনষ্টাগ্ৰামত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ।

তেওঁ লিখিছে, "মোৰ প্ৰিয় ভাৰত আৰু ভাৰতীয় জনতাৰ নিজৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) সদায় মোৰ পৰা চৰ্তহীন সমৰ্থন লাভ কৰি আহিছে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক মোৰ জন্মস্থান হিমাচল প্ৰদেশ, মাণ্ডি (সমষ্টি)ৰ পৰা তেওঁলোকৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত হাইকমাণ্ডৰ সিদ্ধান্ত মই মানি লৈছো ।"

তেওঁ পিচত পুনৰ লিখিছে, "আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰি মই আনন্দিত । মই এগৰাকী যোগ্য কৰ্মকৰ্তা আৰু এগৰাকী নিৰ্ভৰযোগ্য ৰাজহুৱা সেৱক হ'বলৈ আকাংক্ষা ৰাখিছো । ধন্যবাদ ।"

ইফালে বিজেপি দলে ৰামানন্দ সাগৰৰ ৰামায়ণৰ ৰাম চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিলকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । গোভিলে উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

শেহতীয়াকৈ বিজেপিয়ে উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কেৰালা, কৰ্ণাটক, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মিজোৰাম, ছিকিম, তেলেংগানা, আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে লোকসভা আসনৰ ঘোষণা কৰিছে । বিজেপিৰ পঞ্চমখন তালিকাত ১৯ গৰাকী মহিলা প্ৰাৰ্থী আছে ।

লগতে পঢ়ক : কংগনা ৰণৌতে খেলিব লোকসভা নিৰ্বাচন; বিজেপিৰ পঞ্চম প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰিল বৰুণ গান্ধী - Lok Sabha Elections