ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন, ভৱেশ-পৱিত্ৰক গুৰু দায়িত্ব

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:11 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত ৩৮ টা উপ-বিভাগেৰে নিৰ্বাচনী পৰিচালনা কমিটি গঠন বিজেপিৰ। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়কৰ গুৰু দায়িত্ব ৷

Assam BJP
নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰৱন্ধন কমিটি গঠন ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, 1 মাৰ্চ : সমগ্ৰ দেশজুৰি লোকসভা নিৰ্বাচন 2024 ৰ ৰণদুন্দুভি বাজিছে ৷ অসমতো ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল ৷ ৰাজ্যিক বিজেপিয়ে অপচয় হ’বলৈ দিয়া নাই এখন্তেকো ৷ সৰ্বশক্তিৰে নিৰ্বাচনী ক্ষেত্ৰত জঁপিয়াই পৰিছে ৰাজ্যিক বিজেপি ৷ ৰাজ্যিক বিজেপিয়ে লোকসভা নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ বাবে গঠন কৰিছে 'ৰাজ্যিক নিৰ্বাচনী প্ৰৱন্ধন কমিটি' ৷ আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ঘোষণা কৰিছে এই নিৰ্বাচন পৰিচালনা কমিটি ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই পৰিচালনা কমিটিৰ বাবে 38 টা বিভাগত এজনকৈ প্ৰমুখ নিযুক্তি দিয়াৰ লগতে প্ৰতিটো পৰিচালনা বিভাগতে 1 জন আৰু তিনিজনকৈ সহকাৰী প্ৰমুখ নিযুক্তি দিছে ৰাজ্যিক বিজেপিয়ে ৷ ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ অধ্যক্ষ ৰূপে আছে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷ সভাপতি কলিতাৰ পিচতে ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ সমন্বয়ক ৰূপে আছে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা ৷ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগত সহ-সমন্বয়কৰূপে আছে পুলক গোঁহাই, কন্নাড পুৰকায়স্থ ৷ মিডিয়া বিভাগৰ প্ৰমুখৰ দায়িত্ব মনোজ বৰুৱাক দিয়াৰ লগতে মিডিয়া যোগাযোগৰ দায়িত্ব দিয়া হৈছে দেৱান ধ্ৰুৱজ্যোতি মৰলক ৷ এইদৰে আইন আৰু ইলেকচন কমিটি, বিজ্ঞাপন, মেনিফেষ্টো, হেলিকপ্টাৰ-চাৰ্টাৰ ফ্লাইট ইত্যাদিৰ ব্যৱস্থাপনা বিভাগকে ধৰি মুঠ 38 টা বিভাগেৰে নিৰ্বাচনী পৰিচালনা কমিটি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে ৷

উল্লেখযোগ্য যে নতুন দিল্লীত দলটোৰ ৰাষ্ট্ৰীয় সংসদীয় কমিটিৰ বৈঠকত অসমৰ প্ৰাৰ্থী নিৰ্বাচন প্ৰায় চূড়ান্ত হৈছে ৷ কেৱল ঘোষণা কৰিবলৈ বাকী অসমৰ প্ৰাৰ্থী তালিকা ৷ অসমৰ 14 খন আসনৰ 11 খনত বিজেপিয়ে আৰু 2 খনত অগপই, এখনত ইউ পি পি এলে নিৰ্বাচন খেলিবৰ বাবে ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি মিত্ৰজোঁটে ৷ নতুন দিল্লীত বিজেপিৰ সংসদীয় কমিটিৰ বৈঠকত বিজেপিয়ে নিৰ্বাচন খেলিবলগীয়া 11 টা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী সকলৰ নাম সমূহ এতিয়া মানুহৰ মুখে মুখে ৷

গুৱাহাটীত বিজুলী কলিতা মেধি, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ৷ শোণিতপুৰত প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বৰ্তমানৰ বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, দৰং-ওদালগুৰিত দিলীপ শইকীয়া, নৱ গঠিত কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ৷ একেদৰে নগাঁৱত দলটোৱে সুৰেশ বৰাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ৷ যোৰহাটত তপন গগৈকে পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে বিজেপিয়ে ৷ ইফালে ডিফুত অমৰছিং টিছ’ আৰু শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত কৃপানাথ মাল্লাহক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত বুলিলেও ভুল নহ’ব ৷

লগতে পঢ়ক : আকৌ টিকট পাব প্ৰদান বৰুৱাই ! কি কয় সাংসদগৰাকীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.