ETV Bharat / politics

কংগ্ৰেছৰ ভিত্তিয়েই নাই, গণ শব্দটো দলটোৰ লগত যোগেই নহয়: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:51 PM IST

BJP Election Campaign
কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ (ETV BHARAT ASSAM)

BJP Election Campaign : যিয়ে ফণীভূষণ চৌধুৰীৰ সমালোচনা কৰে তেওঁৰ ৰাজনৈতিক জ্ঞানেই নাই ৷ তৃতীয় পৰ্যায়ত অসমৰ চাৰিওখন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৷ গণ শব্দটো কংগ্ৰেছৰ সৈতে ক’বই নাপায়- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

বৰপেটাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ (ETV BHARAT ASSAM)

বৰপেটা, 2 মে’ : বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বিজয় সংকল্প যাত্ৰা ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 5 লাখ ভোটত জয়লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অসমত বিজেপিয়ে 7 খনতকৈ বেছি আসন নাপায় বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জনে ৷ এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে, অসমত শুকুৰ আলী, বদৰুদ্দিন আজমল, হাগ্ৰামা মহিলাৰী সকলোৱেই নিৰ্বাচনত জিকাৰ কথা কৈ আছে ৷ কিন্তু 14 খনৰ 14খনত বিজেপিয়েই জিকিব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ লগতে কংগ্ৰেছ দলে সমগ্ৰ ভাৰততে 20ৰ পৰা 25খন আসন লাভ কৰিব বুলি দাবী কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী বৰুৱাই লগতে কয় যে, যিয়ে ফণীভূষণ চৌধুৰীৰ সমালোচনা কৰে তেওঁৰ ৰাজনৈতিক জ্ঞানেই নাই ৷ এজন ব্যক্তি যেতিয়া একেৰাহে 40 বছৰ বিধায়ক হ’ব পাৰে, সমষ্টিৰ মানুহে আঠবাৰকৈ জিকাই , তেওঁক সমালোচনা কৰা মানে সমষ্টিবাসীক অপমান কৰা ৷ বঙাইগাঁৱৰ দৰে উচ্চ শিক্ষিত, সচেতন নাগৰিক থকা সমষ্টিৰ ৰাইজে যিজন মানুহক আঠবাৰকৈ জিকাই তেওঁক সমালোচনা কৰা মানে সেই নাগৰিকক অপমান কৰা বুলি কয় মন্ত্ৰীজনে ৷

ইফালে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমৰ চাৰিওখন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ কয় যে, কেইদিনমান আগলৈকে ধুবুৰী লোকসভা সমষ্টিটো বিজেপি মিত্ৰজোঁটে জিকাৰ সম্ভাৱনা নাছিল যদিও এতিয়া জিকিব বুলি উল্লেখ কৰে তেওঁ ৷ লগতে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ব বুলি সদৰী কৰে ৷ কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীজনে কয় যে, কংগ্ৰেছৰ ভিত্তিয়েই নাই, গণ শব্দটো দলটোৰ লগত যোগেই নহয় ৷ গণ শব্দটো কংগ্ৰেছৰ সৈতে ক’বই নাপায় ৷ কংগ্ৰেছ এতিয়া অচল টকা, কোনোৱে জানিব নুখোজে, বুজিব নুখোজে ৷ 60 বছৰ কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণা কৰাৰ ফল এতিয়া পাইছে বুলি দলটোক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীক সমালোচনা কৰা মানে বঙাইগাঁওবাসী ৰাইজক অপমান কৰা: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.