ETV Bharat / politics

মঞ্চত বজালে বৰতাল : বৰপেটা সত্ৰত আশীষ ল’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:04 PM IST

Rajnath Singh in Barpeta
বৰপেটাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Rajnath Singh in Barpeta : বৰপেটাত বৃহস্পতিবাৰে নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভাৰতবৰ্ষৰ বিকাশৰ গতিক ৰোধ কৰিব পৰা কোনো শক্তি এতিয়া নাই বুলি কয় তেওঁ ৷ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ৰাইজক যি কয় সেয়া কৰি দেখুৱাই বুলিও কয় তেওঁ ৷

বৰপেটাত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

বৰপেটা, 14 মাৰ্চ : বৰপেটা লোকসভা সমষ্টিত বৃহস্পতিবাৰে বৰতাল বজাই নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বিজেপিৰ মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আজি বৰপেটাত উপস্থিত হয় ৷ কোকৰাঝাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ পিচত বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজনাথ সিঙে সভাত অংশগ্ৰহণ কৰি কয় যে, ভাৰতবৰ্ষৰ বিকাশৰ গতিক ৰোধ কৰিব পৰা কোনো শক্তি এতিয়া নাই ৷ সমগ্ৰ বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ জয়যাত্ৰাৰ ধাৰা উচ্চৰ পৰা উচ্চতৰলৈ ধাৱমান হৈছে ৷ এই গতিক অব্যাহত ৰাখিবলৈ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ গঠন হ'ব লাগিব ৷ সেয়েহে কেন্দ্ৰীয় মন্ত্ৰীজনে বিজেপি আৰু ইয়াৰ সহযোগী দলৰ প্ৰাৰ্থীসকলক নিৰ্বাচনত আশীৰ্বাদ দিবলৈ ৰাইজক আহ্বান জনায় ৷

উল্লেখ্য যে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে তিনি নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ সমৰ্থনত আজি বৰপেটা পৌৰসভাৰ খেলপথাৰত এখন বিশাল জনসভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক পবিত্ৰ গুৰু আসন উপহাৰ দি আদৰণি জনায় ৰাজ্যিক বিজেপিৰ নেতা সকলে ৷

কেবাহাজাৰ লোক সমবেত হোৱা জনসভাখনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ৰাইজক যি কয় সেয়া কৰি দেখুৱাই ৷ লক্ষ্য নিৰ্ধাৰিত কৰি চৰকাৰে কাম কৰে ৷ সেই বাবেই ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হৈছে, তিনি তালাক নিষিদ্ধ কৰা হৈছে ৷ আজিৰ‌ ভাৰতে যি কয় সেয়া বিশ্বই আজি কাণ ঠিয়‌ কৰি শুনিবলৈ বাধ্য ৷ ভাৰত আজি অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বৰ পঞ্চম অৰ্থনীতিত পৰিণত হৈছে আৰু 2027 ত তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব ৷ আকৌ স্বাধীনতাৰ এশ বছৰত অৰ্থাৎ 2047 ত ভাৰত উন্নত ৰাষ্ট্ৰত পৰিণত হ'ব বুলিও কয় তেওঁ ৷

জনসভাখনত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰপেটা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আদি উপস্থিত থাকে ৷ জনসভাখনৰ পাচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হয় ৷ তেওঁ সত্ৰখনত সেৱা লয় ৷ সত্ৰখন দৰ্শন কৰাৰ পাছত ৰাজনাথ সিঙে সাংবাদিকৰ আগত কয়‌ যে বৰপেটা সত্ৰৰ নিজস্ব গৰিমা আছে ৷ এনে এখন সত্ৰ দৰ্শন কৰিবলৈ সক্ষম হোৱাতো তেওঁৰ বাবে সৌভাগ্যৰ বিষয় বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ৷

লগতে পঢ়ক : এইবাৰ বিজেপিৰ চৰকাৰ আহিলে অসমত নাথাকিব এটাও কেঁচাঘৰ: ৰাজনাথ সিঙৰ প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.