ETV Bharat / politics

বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 5:09 PM IST

Barpeta Lok Sabha constituency: বৰপেটা লোকসভা সমষ্টিত ঘোষণা হ'ল চি পি আই এমৰ প্ৰাৰ্থী । নাটকীয়ভাৱে কালি কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিচতেই চি পি আই এমে আয়োজন কৰিলে সংবাদমেলৰ ।

Barpeta Lok Sabha constituency
বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন তালুকদাৰ

চি পি আই এমৰ সংবাদমেল

গুৱাহাটী, ১৩ মাৰ্চ: কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টি চি পি আই এমক এৰি দিয়াৰ কথা আছিল যদিও অৱশেষত নাটকীয়ভাৱে কালি দলীয় প্ৰৰ্থীৰ নাম ঘোষণা কৰে । ইয়াৰ পিচতেই বৰপেটা লোকসভা সমষ্টিত ঘোষণা হ'ল চি পি আই এমৰ প্ৰাৰ্থীৰ নাম । ৩ নং বৰপেটা লোকসভা সমষ্টিৰ পৰা চি পি আই এমে প্ৰাৰ্থিত্ব প্ৰদান কৰিব । বুধবাৰে মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে দলটোৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে । চি পি আই এমে তিনিটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে দাবী জনাইছিল যদিও অৱশেষত কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টি এৰি দিব বুলি অন্তিম মুহুৰ্তলৈ নিশ্চিতি দিও কালি দলীয় প্ৰাৰ্থী ঘোষণা কৰাত ক্ষুব্ধ হৈ পৰিছে চি পি আই এম ।

তেওঁ এই সন্দৰ্ভত কয়, "আমাৰ দলৰ ফালৰ পৰা বৰপেটা সমষ্টিৰপৰা প্ৰতিদ্বন্দিতা আগবঢ়াব মনোৰঞ্জন তালুকদাৰে । বাকী লোকসভা সমষ্টিত বিজেপি বিৰোধী প্ৰাৰ্থীক সহযোগিতা কৰিম । বিজেপিক পৰাভূত আৰু গণ বিচ্ছিন্ন কৰাৰ উদ্দেশ্য বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল । যোৱা বিধানসভা নিৰ্বাচনৰ পৰা যৌথ বাবে আমি কাম কৰি আহিছিলো । এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে আমি তিনিটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি চলাইছিলো । কিন্তু কংগ্ৰেছৰ লগত হোৱা দ্বিপাক্ষীক আলোচনাত বৰপেটা আৰু শিলচৰ আসন বিচাৰিছিলো । কিন্তু কংগ্ৰেছ দলে বৰপেটা সমষ্টি দিয়াৰ কথা ব্যক্ত কৰিলে । তাৰ পিছৰে পৰা আমি বৰপেটাত কাম আৰম্ভ কৰিছিলো । কিন্তু কালি হঠাৎ কংগ্ৰেছ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে । সেয়ে বৰপেটাত আমি আনুষ্ঠানিক ভাৱে প্ৰাৰ্থী আজি ঘোষণা কৰিলো । মনোৰঞ্জন তালুকদাৰে বৰপেটাত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব । আমি কংগ্ৰেছক আহ্বান জনাম বৰপেটাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীটো উঠাই ল'বলৈ ।"

উল্লেখ্য যে নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে প্রায় এবছৰ পূর্বে অসমত কংগ্রেছৰ নেতৃত্বত গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ । বিজেপি বিৰোধী সৰু-বৰ ৰাষ্ট্রীয় আৰু আঞ্চলিক দলক লৈ গঠিত বিৰোধী ঐক্যমঞ্চত পৰবর্তী পর্যায়ত ১৬ টাকে দল চামিল হৈছিল । কিন্তু লোকসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে আসন বুজাবুজিক লৈ ঐক্যমঞ্চৰ মাজত জটিলতা বৃদ্ধি পায় । ফলত ইটোৰ পিছত সিটো দলে কংগ্রেছৰ সংগ এবিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক:কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ পাচতে বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.