ETV Bharat / politics

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ পাচতে বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি

বিৰোধী ঐক্য মঞ্চৰ আসন দাবীদাৰ দলক উপেক্ষা কৰি কংগ্ৰেছে প্ৰকাশ কৰিলে ১২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা । একমাত্ৰ ডিব্ৰুগড় সমষ্টি এৰি দিলে মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক । ঘোষণা কৰিবলৈ বাকী আছে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম । বৰপেটাত নিৰ্বাচন খেলিব বিৰোধী ঐক্য মঞ্চৰ চি পি আই এম দলে । কাইলৈ প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা । নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু আপ, তৃণমূল কংগ্ৰেছ ।

dissatisfaction in the Opposition Unity Forum after Congress declares candidate list
বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 10:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১২ মাৰ্চ : বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে ১২টা সমষ্টিৰ প্ৰাৰ্থী তালিকা । ১৬টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্য মঞ্চক প্ৰাধান্য নিদি কংগ্ৰেছ দলে নিজাকৈ ১২টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰি মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰিলে ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা । লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই ।

dissatisfaction in the Opposition Unity Forum after Congress declares candidate list
বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি

ইফালে ডিব্ৰুগড় সমষ্টিটো মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়াৰ কথা ইতিমধ্যে কংগ্ৰেছ দলে ঘোষণা কৰিছে । একমাত্ৰ অসম জাতীয় পৰিষদৰ বাহিৰে মিত্ৰদলৰ কোনো এটা দলকে এখনো আসন নিদিলে কংগ্ৰেছ দলে । কংগ্ৰেছ দলে আজি প্ৰকাশ কৰা ১২টা সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ পাচতে বিৰোধী ঐক্য মঞ্চত দেখা দিছে অসন্তুষ্টিয়ে । অৱশ্যে বিৰোধী ঐক্য মঞ্চত আসনকেন্দ্ৰিক অসন্তুষ্টি বহু আগৰে পৰা আছিল যদিও আসন বুজাবুজিক লৈ আলোচনা অব্যাহত আছিল । কিন্তু আজি তালিকা প্ৰকাশৰ পাচতে সকলো কথা স্পষ্ট হৈ পৰিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিৰোধী ঐক্য মঞ্চৰ আসন বিচৰা দলসমূহক এলাগী কৰি কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা । উল্লেখ্য যে চি পি আই এম দলে একপ্ৰকাৰ আৰম্ভণিৰ পৰাই বৰপেটা সমষ্টি বিচাৰি আহিছিল । আনকি তেওঁলোকে কংগ্ৰেছ দলক লিখিত আকাৰেও নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল । বৰপেটা সমষ্টিত চি পি আই এমৰ বৰ্ষীয়ান নেতা মনোৰঞ্জন তালুকদাৰৰ নামটো চৰ্চিত হৈ আহিছে । কিন্তু তাৰ পাচতো চি পি আই এম দলক উপেক্ষা কৰি কংগ্ৰেছ দলে বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দ্বীপ বায়নক প্ৰক্ষেপ কৰে ।

কংগ্ৰেছে আজি প্ৰকাশ কৰা তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বৰ্তমান বিৰোধী ঐক্য মঞ্চ বুলি একো নাই । চি পি আই এম নিজৰ স্থিতিত অটল আছে বুলি সদৰী কৰি তেওঁ কয় যে তেওঁলোকে বৰপেটা সমষ্টিত নিৰ্বাচন খেলাটো নিশ্চিত । কাইলৈ তেওঁলোকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে তেওঁলোকে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া নিশ্চিত কৰা নাই যদিও বৰপেটাত খেলাটো খাটাং ।

ইফালে চি আই এম দলেও কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈ আছে । আনহাতে তৃণমূল কংগ্ৰেছে ইতিমধ্যেই চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে । সেইদৰে আম আদমী দলেও মিত্ৰতা নাথাকিলে ১৪খন আসনতে খেলাৰ বাবে সাজু হৈ আছে । তেনেস্থলত বিৰোধী ঐক্য মঞ্চৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে । আগন্তুক দিনত যে বিৰোধী ঐক্য মঞ্চৰ সংখ্যা কমিব সেয়া নিশ্চিত ।

লগতে পঢ়ক : অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা