ETV Bharat / politics

হাতৰ প্ৰতি মোহভংগ; বিজেপিত যোগদান ৱাৰ্ড কমিছনাৰৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:58 AM IST

Lok sabha Election 2024: কংগ্ৰেছ মুক্ত হ'ল ডিব্ৰুগড়ৰ পৌৰ নিগম ৷ কংগ্ৰেছ দখলত থকা একমাত্ৰ ৱাৰ্ডটোৰ কমিছনাৰে দলে-বলে যোগদান কৰিলে বিজেপি দলত ৷

Congress ward commissioner join BJP with many workers in dibrugarh
হাতৰ প্ৰতি মোহভংগ; বিজেপিত যোগদান ৱাৰ্ড কমিছনাৰৰ

হাতৰ প্ৰতি মোহভংগ; বিজেপিত যোগদান ৱাৰ্ড কমিছনাৰৰ

মৰাণ, 13 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নেতা-কৰ্মীৰ দল সলোৱাৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ সদৃশ দৃশ্য পৰিলক্ষিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত ৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই সমষ্টিটোত ৰাজনৈতিক প্ৰেক্ষাপট সঘনাই সলনি হোৱা দেখিবলৈ পোৱা গৈছে । বিৰোধী শূন্য কৰি সহজ জয়লাভৰ বাবে চেষ্টা চলাইছে শাসকীয় দল বিজেপিয়ে ।

ডিব্ৰুগড়ত বিজেপিত যোগদান কৰাৰ ঢৌ উঠা দেখিবলৈ পোৱা গৈছে । লোকসভা নিৰ্বাচনলৈ কেইটামান দিন থকা সময়ত ডিব্ৰুগড় পৌৰ নিগম শুকুৰবাৰে কংগ্ৰেছ শূণ্য হৈ পৰিল । ডিব্ৰুগড় পৌৰ নিগমৰ 22 টাকৈ ৱাৰ্ডৰ একমাত্ৰ 10 নম্বৰ ৱাৰ্ডটোৱে বিগত নিৰ্বাচনত কংগ্ৰেছৰ দখলত আছিল । শুকুৰবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড় পৌৰ নিগমৰ 10 নং ৱাৰ্ডৰ কমিচনাৰ চামচুৰ নাহৰ হুছেইনে গেৰুৱা বসন পৰিধান কৰে ।

লগতে ডিব্ৰুগড় জিলাৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত চেতিয়া, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চাবিৰ হুছেইনসহ কেইবা শতাধিক লোকে বিজেপিৰ নীতি-আদৰ্শত আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে শাসকীয় দলটোত যোগদান কৰে । এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যোগদান সন্দৰ্ভত সোণোৱালে কয়, "কংগ্ৰেছ ভ্ৰষ্টাচাৰী দল । কংগ্ৰেছ দিশহাৰা, হতাশগ্ৰস্ত এতিয়া এই দলত কোনোৱে নাথাকে । নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ ঢৌ উঠিছে । সকলোৱে বুজি উঠিছে কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই ।"

লগতে পঢ়ক: চাবুৱাত সৰ্বানন্দ সোণোৱালে ৭০-৭৫ হাজাৰ ভোট লাভ কৰিব :মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.