ETV Bharat / politics

কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ? - Lok Sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 9:13 AM IST

Updated : Mar 26, 2024, 11:13 AM IST

First phase of Nomination : আজি যোৰহাটত বিশাল শোভাযাত্ৰাৰে মনোনয়ন দিব গৌৰৱ গগৈয়ে, গোলাঘাটত দাখিল কৰিব ৰ’জলীনা তিৰ্কীয়ে ৷ উপস্থিত থাকিব কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যমঞ্চৰ নেতাসকল ।

কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ?
কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ?

গুৱাহাটী, ২৬ মাৰ্চ : ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ ৫ টাকৈ লোকসভা সমষ্টিৰ শাসক-বিৰোধীৰ মনোনয়ন দাখিলৰ হেতুকে আজি ( মঙলবাৰ) এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৫ টা সমষ্টিৰ ৪ টা সমষ্টিৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চই নিজা আয়োজন প্ৰস্তুত কৰিছে ।

আজি পুৱাৰে পৰা ২৭ মাৰ্চলৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৪ জনকৈ প্ৰাৰ্থীয়ে । ইতিমধ্যেই তেজপুৰত আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ৷ চাৰিওগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীকেইগৰাকীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ নেতাসকলে ৷

জানিব পৰা মতে, আজি অৰ্থাৎ ২৬ মাৰ্চৰ পুৱা ১০ বজাত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিশাল আয়োজনেৰে মনোনয়ন দাখিল কৰিব ৷ গৌৰৱৰ সময়ত মনোনয়ন দাখিল পৰ্বত সংগ দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অখিল গগৈকে ধৰি বিৰোধী নেতাসকলে ।

আনহাতে আজিয়েই দুপৰীয়া ১ বজাত গোলাঘাটত আয়ুক্তৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ৷ ৰ’জলীনা তিৰ্কীৰ মনোনয়ন দাখিলৰ সময়তো সংগ দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি আন বিৰোধী নেতাসকলে ।

একেদিনাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে আজি দুপৰীয়া দাখিল কৰিব মনোনয়ন । লুৰীণৰ মনোনয়ন দাখিলৰ সময়তো উপস্থিত থাকিব বিৰোধী ঐক্যৰ নেতা তথা সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈকে ধৰি আন কেইবাজনো নেতা ৷ লুৰীণৰ মনোনয়ন দাখিলৰ সময়ত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা উপস্থিত নাথাকে যদিও অহা ২৮ মাৰ্চত তেওঁ লুৰীণৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৫ খনকৈ নিৰ্বাচনী সভাত ভাগ ল’ব ।

অহা ২৭ মাৰ্চৰ পুৱা ১০ বজাত লখিমপুৰৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই লখিমপুৰত দাখিল কৰিব মনোনয়ন ৷ কংগ্ৰেছৰ সূত্ৰ মতে, তাৰ বাবে নিজেই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইফালে ৰাণী নৰহে সমষ্টিটোত টিকটৰ পৰা বঞ্চিত হোৱাৰ পিচত সন্মানৰ প্ৰশ্ন হৈ পৰিছে ভূপেন বৰাৰ বাবে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত আজি মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal

Last Updated :Mar 26, 2024, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.