ETV Bharat / politics

বিপদত পৰিছে কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন জনোৱা তিনি বিধায়ক - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 8:01 PM IST

LOK SABHA POLLS 2024 :বিজেপি চৰকাৰক সমৰ্থন জনাইছে যেতিয়া বিজেপি দলৰ বাবে কৰিব লাগিব কাম । এটা ভৰি কংগ্ৰেছত থৈ আন এটা ভৰি বিজেপিত থোৱা বিধায়ক তিনিগৰাকীক লোকসভাৰ নিৰ্বাচনত বিজেপিৰ হৈ ভোট সংগ্ৰহৰ লক্ষ্য বান্ধি দিছে গেৰুৱা দলটোৱে । বাজপেয়ী ভৱনৰ কঠোৰ নিৰ্দেশত দিশাহাৰা বিধায়ক বসন্ত দাস, শশীকান্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থ।

LOK SABHA POLLS 2024
বাজপেয়ী ভৱনৰ কঠোৰ নিৰ্দেশত দিশাহাৰা বিধায়ক

গুৱাহাটী, ২ এপ্ৰিলঃ দুখন নাৱত ভৰি থৈ পাৰ পোৱাটো সম্ভৱ নহয় । সেই কথা জানিও কংগ্ৰেছত থাকিয়ে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা তিনি বিধায়ক এতিয়া পৰিছে বিপদত । বিৰোধী দলত থাকি শাসকীয় শিৱিৰত আশ্ৰয় লোৱা কংগ্ৰেছৰ তিনি বিধায়ক এতিয়া মহাসংকটত । কংগ্ৰেছ দলত থাকি চৰকাৰক সমৰ্থন জনাই শাসকীয় দলৰ প্ৰিয় হৈ পৰাৰ পিছত সৌ সিদিনাখনলৈকে সকলো ঠিকেই আছিল । কিন্তু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া বিজেপিয়ে দিয়া টার্গেটক লৈ সমস্যাত পৰিছে বিধায়ক তিনিগৰাকী ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ২০২১ ৰ ডিচেম্বৰত কংগ্ৰেছৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে মুকলিকৈ বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈছিল । ইয়াৰ পিছত শেহতীয়া বাজেট অধিৱেশনৰ সময়ত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই শশীকান্ত দাসৰ দৰে মুখ্যমন্ত্রীৰ শৰণাগত হৈছিল । এই ঘটনাই ৰাজনৈতিক মহলত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰিছিল যদিও তেওঁলোকে বিনাদিধাই চৰকাৰখনৰ পক্ষত মাত মাতি আহিছে। বিজেপি শিবিৰেও তেওঁলোকক আঁকোৱালি লৈছে। কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত পৰিস্থিতি সলনি হৈছে । বাজপেয়ী ভৱনৰ পৰা দিয়া কঠিন চৰ্ত আৰু যাক লৈ এতিয়া তেওঁলোকৰ অৱস্থা কাহিল কৰিছে ।

দলীয় এক বিশেষ সূত্রই উল্লেখ কৰা মতে, এখন ভৰি কংগ্ৰেছত থৈ আন এখন ভৰি বিজেপিত থোৱা বিধায়ক তিনিগৰাকীক লোকসভাৰ নিৰ্বাচনত বিজেপিৰ হৈ ভোট সংগ্ৰহৰ লক্ষ্য বান্ধি দিছে গেৰুৱা দলটোৱে । দলটোৱে এনে কঠিন দায়িত্ব দিব বুলি ভবাই নাছিল 'আধা কংগ্ৰেছী আধা বিজেপি' বিধায়ক বসন্ত দাস, শশীকান্ত দাস আৰু কমলাক্ষ দে' পুৰকায়স্থই ।

ভোটৰ অংকত পাকৈত বিজেপিয়ে ভোট গোটাই দিব নোৱাৰিলে ভৱিষ্যতে সমস্যাত পৰিব বুলিও বিধায়ক কেইজনক সকীয়াই দিছে । সূত্ৰটোৰ মতে, অধিক লাভৰ আশাত কংগ্ৰেছতে থাকি বিজেপি চৰকাৰক সমর্থন জনোৱা বিধায়ক বসন্ত দাসক দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াৰ বাবে ভোট গোটাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে । যোৱাবাৰতকৈ বিধানসভা সমষ্টিটোত যদি এইবাৰ বসন্ত দাসে অধিক ভোট গোটাই দিব নোৱাৰে তেন্তে তেওঁৰ ভৱিষ্যৎ অন্ধকাৰ বুলিও জনাই দিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই ।

একেই দশা হৈছে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰো । শশীকান্ত দাসকো বিজেপিৰ প্ৰাৰ্থীৰ বাবে ভোট সংগ্ৰহৰ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ চৰণ চুই বিজেপি চৰকাৰৰ শৰণাগত হোৱা শশীকান্ত দাসক বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাহৈ ভোট সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে । কিন্তু শশীকান্ত দাসে সুৰেশ বৰাৰ বাবে ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব তাত সন্দেহ আছে । বিধায়ক কেইজনক নিৰ্দেশ দিয়া হৈছে যদিও তেওঁলোকৰ একো কথাই শুনিব খোজা নাই বাজপেয়ী ভৱনে ।

আনহাতে, বিজেপিক মুকলি ভাৱে সমৰ্থন জনোৱা বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ অৱস্থাও একে । তেওঁকো স্পষ্টভাৱে জনাই দিয়া হৈছে যে বিজেপিক সমর্থন জনালেই নহ'ব বিজেপিৰ বাবে ভোটো সংগ্ৰহ কৰিব পাৰিব লাগিব । উত্তৰ কৰিমগঞ্জ সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই পাব লাগিব পূর্বতকৈ অধিক ভোট । বাজপেয়ী ভৱনৰ এনে নিৰ্দেশৰ পাছত আনকি কমলাক্ষ দে' পুৰকায়স্থই মুখ্যমন্ত্রীকো সাক্ষাৎ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । মুঠৰ ওপৰত কংগ্ৰেছত থাকি বিজেপি চৰকাৰৰ অনুগত্য স্বীকাৰ কৰা এই তিনিগৰাকী বিধায়কৰ ওপৰত বিজেপিয়ে গুৰু দায়িত্ব জাপি দিছে । ফলত তেওঁলোকৰ এতিয়া বিপদত পৰিছে ।

লগতে পঢ়ক:বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.