ETV Bharat / politics

গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:28 PM IST

গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !
গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

Rana Goswami to join BJP : শীঘ্ৰে গেৰুৱা বসন পৰিধান কৰিব কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ! যোৰহাটৰ পৰা বিমানযোগে দিল্লীলৈ ৰাওনা হৈছে গোস্বামী ৷ কাইলৈ দিল্লীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ।

যোৰহাট, 27 ফেব্ৰুৱাৰী : নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি বিজেপিত যোগদানৰ বাবে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা যোৰহাট প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী । সেই উদ্দেশ্য আগত ৰাখি আজি অৰ্থাৎ মঙলবাৰে যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লীলৈ ৰাওনা হয় ৰাণা গোস্বামী ৷ আজি বিয়লিৰ ভাগত তেওঁ দিল্লীত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তথ্য মতে, কাইলৈ অৰ্থা‌ৎ বুধবাৰে দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বতেই ৰাণা গোস্বামীয়ে সাক্ষাৎ কৰিব বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলক ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতেই ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰা কথা এশ শতাংশই নিশ্চিত বুলি কথা দিব বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায় নেতাক ।

মাৰ্চৰ প্ৰথম সপ্তাহতেই গুৱাহাটী বাজপেয়ী ভৱনত ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভাৱনা আছে ৷ কাৰণ এজন শক্তিশালী পৰ্যায় নেতা বাবে তেওঁ গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব । এই কথা প্ৰকাশ কৰিছে ৰাজনৈতিক মহলৰ এক বিশেষ সূত্ৰই । ৰাণা গোস্বামীয়ে সোমবাৰে গোলাঘাট কংগ্ৰেছৰ নতুন সভাপতিয়ে কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানলৈ যাব বুলি চৰ্চা চলি থকাৰ মাজতে তেওঁ দিল্লী পায়গৈ ৷

Congress leader Rana Goswami to join BJP
গেৰুৱা বসন পৰিধান কৰাৰ দিশে কংগ্ৰেছ নেতা ৰাণা গোস্বামী !

উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ নকৰো বুলি দেওবাৰে পুৱাৰ ভাগত মন্তব্য প্ৰদান কৰি বিয়লিৰ ভাগত ৰাণা গোস্বামীয়ে উজনি কংগ্ৰেছৰ তত্বাৱধায়কৰ পৰা পদত্যাগ কৰে ৷ তেওঁ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

আনহাতে, আজি মাজুলীত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাণা গোস্বামীৰ ৰাজনৈতিক পথাৰখনত দেখুওৱা সক্ষমতাৰ কথাও স্বীকাৰ কৰে ৷ লগতে ৰাণা গোস্বামীৰ বাবে বিজেপিৰ দুৱাৰ মুকলি আছে বুলিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰে ।

ইফালে ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ অপূৰণীয় ক্ষতি হ’ব বুলি ইতিমধ্যে ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : কংগ্ৰেছৰ বিকল্প চিন্তা কৰিছে নেকি ৰাণা গোস্বামীয়ে ? হঠাৎ চৰ্চাত কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.