ETV Bharat / politics

কংগ্ৰেছৰ বিকল্প চিন্তা কৰিছে নেকি ৰাণা গোস্বামীয়ে ? হঠাৎ চৰ্চাত কিয় ?

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 3:47 PM IST

Assam political updates
Rana Goswami Jorhat

Assam political updates: প্ৰদেশ কংগ্ৰেছলৈ আহিছে আন এক শংকা ৷ ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে যে অচিৰেই কংগ্ৰেছ ত্যাগ কৰিব যোৰহাটৰ প্ৰতাপী নেতা ৰাণা গোস্বামীয়ে ৷

ৰাণা গোস্বামীৰ মন্তব্য

যোৰহাট, 25 ফেব্ৰুৱাৰী: কংগ্ৰেছ দলৰ পৰা এতিয়া বহু নেতা ঢাপলি মেলিছে আন দললৈ ৷ তাৰ মাজতে চৰ্চালৈ আহিছে যোৰহাটৰ প্ৰতাপী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নাম ৷ নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি অগপ বা বিজেপিত অচিৰেই যোগ দিব বুলি বিভিন্ন মহলত শেহতীয়াভাৱে চৰ্চা চলি আছে ৷

দেওবাৰে যোৰহাটত দলত্য়াগ সন্দৰ্ভত মত ব্যক্ত কৰিছে ৰাণা গোস্বামীয়ে ৷ তেওঁ কয় যে কংগ্ৰেছ কোনো বিষয়-বাব তেওঁ ত্যাগ কৰা নাই বা দল ত্যাগৰ কথাও চিন্তা কৰা নাই ৷ বৰ্তমান তেওঁ উজনি অসমৰ দায়িত্বত আছে আৰু দলৰ হৈ তেওঁ কাম কৰি আছে ৷

তেওঁ লগতে কয় যে বৰ্তমান অগপ আৰু বিজেপিৰ মাজত তেওঁক লৈ টনা-আজোঁৰা লাগিছে ৷ এই টনা-আঁজোৰা দেখি তেওঁ উমান পাইছে নিজৰ শক্তিৰ ৷ দুয়োটা দলে তেওঁক সবল ৰাজনীতিক হিচাপে প্ৰতিষ্ঠা কৰাৰ আনন্দতে যোৱা ৰাতি দুগৰাহ ভাত বেছিকৈ খোৱা বুলিও কয় ৰাণা গোস্বামীয়ে ৷ তেওঁ লগতে কয় যে টনা-আঁজোৰা কৰি থাকিলেও তেওঁৰ বাহু সৱল, গতিকে কোনোফালেই তেওঁ নাহালে ৷

ৰাণা গোস্বামীৰ মন্তব্যৰ পৰা অৱশ্যে এটা কথা বুজিব পৰা যায় যে অনাগত সময়ত ৰাজনৈতিক ভৱিষ্যৎ সলনি হ’ব ৷ অহা 28 বা 29 ফেব্ৰুৱাৰীত ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে ৷ কিন্তু এই কথা তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৷ 26 ফেব্ৰুৱাৰীত গোলাঘাটত দলীয় কাৰ্যসূচীত অংশ লোৱাৰ পিচত 27 ফেব্ৰুৱাৰীত দলীয় কামত তেওঁ গুৱাহাটীলৈ যাব বুলি জনায় ৷

ইফালে এই কেইটা দিনত তেওঁৰ যোৰহাটৰ ঘৰ সঘনে চলিছে দলীয় কৰ্মীৰ বৈঠক ৷ সেই দিশলৈ চাই তেওঁ বিজেপি বা অগপলৈ যোৱাৰ কুচকাৱাজ চলাই থকা বুলিও বহুতেই সন্দেহ কৰিছে ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন : বৰপেটা লোকসভা সমষ্টিৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.