ETV Bharat / politics

লোকসভা নিৰ্বাচন : বৰপেটা লোকসভা সমষ্টিৰ এক অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 9:46 PM IST

Lok Sabha Election 2024: নতুন ভোটাৰ তালিকা অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ১৯, ৪৯,৮৭৩ গৰাকী । পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৭৩,০১৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

Barpeta Lok Sabha constituency
বৰপেটা লোকসভা সমষ্টি

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : সময় যোৱাৰ লগে লগে লোকসভা নিৰ্বাচন ক্ৰমাৎ চমু চাপি আহিছে ৷ সকলো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে ৷ অসমৰ ১৪ টা লোকসভা সমষ্টিতে সকলো‌ দলৰে এতিয়া নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে ৷

তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি কৰা হৈছে । এককথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে । এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনৰ ৰণকৌশল কিছু পৃথক হ'ব ৰাজনৈতিক দল সমূহৰ বাবে । নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে ।

এতিয়া নিৰ্বাচনৰ গৰম পৰিৱেশে বিৰাজ কৰিছে । বৰপেটা লোকসভা সমষ্টিটো বেছিভাগ সময় কংগ্ৰেছৰ দখলত আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সমষ্টিটোৰ কিছু সালসলনি হৈছে যদিও বিধানসভা সমষ্টি সংখ্যা পূৰ্বৰ দৰে দহটাই আছে । কিন্তু বিধানসভাবোৰৰ সীমা সালসলনি হৈছে ।‌ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টি হৈছে- অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পাকাবেতবাৰী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু ।

বৰপেটা লোকসভা সমষ্টিৰ ইতিহাস সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পূৰ্বে বঙাইগাঁও, অভয়াপুৰী (উত্তৰ), অভয়াপুৰী (দক্ষিণ), পাটাচাৰকুছি, বৰপেটা, জনীয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা আৰু ধৰমপুৰ বিধানসভা সমষ্টিৰে গঠিত আছিল বৰপেটা লোকসভা সমষ্টিটো ।

উল্লেখ্য যে বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা বৰপেটা লোকসভা সমষ্টিটোত ১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বেলিৰাম দাস সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । বৰপেটা লোকসভাৰ পৰা সাংসদ হোৱা সকল - ১৯৫১ চনত বেলিৰাম দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ) , ১৯৬২ ৰেণুকা দেৱী বৰকটকী (ভাৰতীয় জাতীয় কংগ্ৰেছ) , ১৯৬৭ চনত ফখৰুদ্দিন আলি আহমেদ (ভাৰতীয় জাতীয় কংগ্ৰেছ), ১৯৭১ ফখৰুদ্দিন আলি আহমেদ ( ভাৰতীয় জাতীয় কংগ্ৰেছ) , ১৯৭৭ চনত ইছমাইল হুছেইন খান (ভাৰতীয় জাতীয় কংগ্ৰেছ), ১৯৮৫ চনত আতাউৰ ৰহমান ( অগপ), ১৯৯১ চনত উদ্ধৱ বৰ্মন ( চি পি আই এম ), ১৯৯৬ চনত উদ্ধৱ বৰ্মন( চি পি আই এম) , ১৯৯৮ চনত এ এফ গোলাম ওচমানি (ভাৰতীয় জাতীয় কংগ্ৰেছ), ১৯৯৯ চনত এ এফ গোলাম ওচমানি ( ভাৰতীয় জাতীয় কংগ্ৰেছ), ২০০৪ চনত এ এফ গোলাম ওচমানি ( ভাৰতীয় জাতীয় কংগ্ৰেছ), ২০০৯ চনত ইছমাইল হুছেইন (ভাৰতীয় জাতীয় কংগ্ৰেছ), ২০১৪ চিৰাজুদ্দিন আজমল (এ আই ইউ ডি এফ), ২০১৯ ত আব্দুল খালেক(ভাৰতীয় জাতীয় কংগ্ৰেছ)।

২০১৯ চনত লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা সমষ্টিৰ‌পৰা মুঠ ১৩জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ তেওঁলোক আছিল ক্ৰমে- কংগ্ৰেছৰ আব্দুল খালেক, তৃণমূল কংগ্ৰেছৰ আছাহক আলী দেৱান, অগপৰ কুমাৰ দীপক দাস, এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম, পূৰ্বাঞ্চল জনতা পাৰ্টি (চেকুলাৰ)ৰ অৰুণ বৰুৱা, এছ ইউ চি আই (কমিউনিষ্ট)ৰ চিত্ৰলেখা দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰ্নেশ্যনেলৰ ছানিয়াৰা পাৰবীন, এন পি পিৰ প্ৰণৱজ্যোতি দাস ৰাজবংশী, নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ ভদ্ৰেশ্বৰ বৰ্মন, দ্য নেশ্যনেল ৰ’ড মেপ পাৰ্টি অব্ ইণ্ডিয়াৰ মটিয়াৰ ৰহমান, ৰিপাব্লিকান পাৰ্টি অব্ ইণ্ডিয়া (এ)ৰ ৰেজাউল কৰিম, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু নিৰ্দলীয় আৰ্ফান আলী ।

উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে ৷ ১,৩৫,৪৪৫টা ভোটত বিজয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে । সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ । তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে ৬,৪০,২২৭টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে ৫,০৪,৭৮২টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল ২,৪৪,৭৮৯টা ভোট ।

ইপিনে যোৱা ২০১৪ চনৰ পৰা ২০১৯ চনলৈ সমষ্টিটোৰ সাংসদ আছিল এ আই ইউ ডি এফৰ ছিৰাজুদ্দিন আজমল । ২০১৪চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে ৩৯৪,৭০২টা ভোট লাভ কৰিছিল । দ্বিতীয় স্থানত আছিল চন্দ্ৰমোহন পাটোৱাৰী । বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৪ৰ লোকসভা নিৰ্বাচনত ৩৫২,৩৬১টা ভোট লাভ কৰিছিল । কংগ্ৰেছৰ প্ৰার্থী ইছমাইল হুছেইনে ২৭৭,৮০২টা আৰু অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৭৩,৭৩৩টা ভোট লাভ কৰিছিল ২০১৪ৰ লোকসভা নিৰ্বাচনত ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নতুন ভোটাৰ তালিকাৰে বৰপেটা লোকসভা সমষ্টি : সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি । বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে - অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পকাবেতবাৰী, বজালী, হাজো-শুৱালকুছি (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত নতুন ভোটাৰ তালিকা অনুসৰি বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ‌ সংখ্যা ১৯, ৪৯,৮৭৩ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯,৮৮,৫৭০ গৰাকী আৰু মহিলা ভোটাৰ ৯,৬১,২৭৬ গৰাকী আৰু তৃতীয় লিঙ্গৰ‌ ভোটাৰ ২৭ গৰাকী ।

পূৰ্বৰ বৰপেটা লোকসভা এই সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪ গৰাকী আছিল । ইয়াৰে পুৰুষ ভোটাৰ ৮,৬৫,৩০০ জন আৰু মহিলা ভোটাৰ ৮,১১,৫৩৮ গৰাকী আছিল । আকৌ তৃতীয় লিংগৰ ভোটাৰ ১৬ গৰাকী ।‌ গতিকে ইয়াৰ‌ পৰা দেখা যায় বৰপেটা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । অৰ্থাৎ বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৭৩,০১৯ গৰাকী বৃদ্ধি পাইছে ।

বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহৰ ভোটাৰৰ ৰূপৰেখা নতুন ভোটাৰ তালিকা অনুযায়ী বৰপেটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬,৮৭১৭ গৰাকী । ইয়াৰে ৮৫০৯২ গৰাকী পুৰুষ আৰু ৮৩৬১৮ গৰাকী মহিলা‌ ভোটাৰ ।

আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল ৭ গৰাকী । পাকা-বেতবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২, ৫৮, ৬৭২ জন । ইয়াৰে ১,৩৩,৭৬৮ গৰাকী পুৰুষ আৰু ১,২৪,৮৯৯ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল ৫ গৰাকী ।

বঙাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬৮৩৯২ গৰাকী । ইয়াৰে ৮৩৪৫১ গৰাকী পুৰুষ আৰু ৮৪৯৩৯ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল ২ গৰাকী । বজালী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬১৪৩২ গৰাকী । ইয়াৰে ৮১১৮২ গৰাকী পুৰুষ আৰু ৮০২৪৯ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল এগৰাকী ।

ভৱানীপুৰ- সৰভোগ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০৯৪৯৩ গৰাকী । ইয়াৰে ১০৫৫৫৭ গৰাকী পুৰুষ আৰু ১০৩৯৩১ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল ৫ গৰাকী । অভয়াপুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭৮৭৫৬ গৰাকী । ইয়াৰে ৮৯০৯৯ গৰাকী পুৰুষ আৰু ৮৯৬৫৫ গৰাকী মহিলা‌ ভোটাৰ ।

আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল দুগৰাকী । টিহু বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০১৭০১ গৰাকী । ইয়াৰে ১০৩৫২২ গৰাকী পুৰুষ আৰু ৯৮১৭৯ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ নাই ।

হাজো-শুৱালকুছি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯০৫৮১ গৰাকী । ইয়াৰে ৯৫৩৮৯ গৰাকী পুৰুষ আৰু ৯৫১৮৮ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল ৪ গৰাকী । বৰক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১৭০২৮ গৰাকী । ইয়াৰে ১১২০৩৯ গৰাকী পুৰুষ আৰু ১০৪৯৮৮ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল এগৰাকী । নলবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯৫১০১ জন । ইয়াৰে ৯৯৪৭১ গৰাকী পুৰুষ আৰু ৯৫৬৩০ গৰাকী মহিলা‌ ভোটাৰ । সমষ্টিটোত তৃতীয় লিংগৰ‌ ভোটাৰ নাই ।

লগতে পঢ়ক: ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.