ETV Bharat / politics

গুৱাহাটী মডেল মানে চৰকাৰী বিল্ডিংবোৰ ভাঙি বেলেগলৈ লৈ যাব লাগে : গৌৰৱ গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 9:56 PM IST

Jorhat Congress Candidate
যোৰহাটত ধাৰাবাহিকভ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ

Jorhat Congress Candidate : গুৱাহাটী মডেল মানেই হ’ল চৰকাৰী বিল্ডিংবোৰ ভাঙি বেলেগত লৈ যাব লাগে ৷ এজন বিশেষ ব্যক্তিয়ে যেতিয়া গড়কাপ্তানী বিভাগৰ দায়িত্ব ল’লে, তেতিয়াৰ পৰা অচ্ছে দিন কেৱল গুৱাহাটীৰ ঠিকাদাৰৰ কাৰণে আহিছে ৷ এই অভিযোগ গৌৰৱ গগৈৰ ৷

যোৰহাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

যোৰহাট, 6 এপ্ৰিল : যোৰহাটত ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ শনিবাৰে যোৰহাট নগৰৰ মাজমজিয়াত থকা শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত 'ভিজন যোৰহাট ' নামেৰে এক অনুষ্ঠান আয়োজন কৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ এই অনুষ্ঠানত যোৰহাটৰ বুদ্ধিজীৱী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে সমষ্টিটোৰ সমস্যা সন্দৰ্ভত মত বিনিময় কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে কয় যে, গুৱাহাটী মডেল যোৰহাটত গ্ৰহণ কৰি যোৰহাটীয়া স্বাভিমানক আঘাত কৰা হৈছে ৷ গুৱাহাটী মডেল হ’ল অদৰকাৰী ফ্লাই অভাৰ ৷ যোৰহাটতো ইয়াৰ ইংগিত পোৱা গৈছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ লগতে কয় য়ে, গুৱাহাটী মডেল হ’ল চৰকাৰী বিল্ডিংবোৰ ভাঙি বেলেগলৈ লৈ যাব লাগে ৷ যিটো কাম যোৰহাটতো হৈছে ৷ কাৰণ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় চিনামৰালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি কয় তেওঁ ৷

কংগ্ৰেছ প্ৰাৰ্থীজনে পুনৰ কয় যে, এজন বিশেষ ব্যক্তিয়ে যেতিয়া গড়কাপ্তানী বিভাগৰ দায়িত্ব ল’লে, তেতিয়াৰ পৰা অচ্ছে দিন কেৱল গুৱাহাটীৰ ঠিকাদাৰৰ কাৰণে আহিছে ৷ তাকো সকলো ঠিকাদাৰ নহয় ৷ নতুন বিজেপি চৰকাৰ অহাৰ পিচত পি ডব্লিউ ডিৰ দুই-চাৰিজন ঠিকাদাৰৰ জয় জয় ময় ময় ৷ তেওঁলোকৰ মতে তেওঁলোকে গুৱাহাটীৰ নক্সা সলনি কৰিছে ৷ এতিয়া তেওঁলোকে তেওঁলোকৰ মতে যোৰহাটৰ নক্সা সলনি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

বৰ্তমানৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে পুনৰ কয়- "বিজেপিয়ে কৈছিল অসমক উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তিনি নম্বৰ স্থানলৈ লৈ যাব ৷ কিন্তু আমি অপৰাধৰ ক্ষেত্ৰতহে প্ৰথম তিনি নম্বৰ স্থানত দেখা পাইছো ৷ মহিলাৰ ওপৰত নিৰ্যাতন, চাইবাৰ অপৰাধ, মানৱ সৰবৰাহ এইবিলাকহে বৃদ্ধি হৈছে ৷ বিজেপি অহাৰ পিচৰে পৰাই অসমৰ পৰিৱেশ বহুতো বেয়া হৈছে ৷"

লগতে পঢ়ক : তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাই মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.