ETV Bharat / politics

কংগ্ৰেছ তোড়ো ন্যায় যাত্ৰা ! কিয় ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ?

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 4:43 PM IST

Updated : Feb 14, 2024, 8:10 PM IST

Himanta Biswa Sarma: চৰকাৰৰ প্ৰতি সমৰ্থন কংগ্ৰেছৰ দুই বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসৰ । প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছ দলৰ বহু বিধায়ক আৰু নেতাৰ চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ ইচ্ছা আছে । ৰাহুল গান্ধীয়ে ভাৰত তোড়ো অন্যায় যাত্ৰা কৰিছে । বিজেপিত ঠাই নাই বাবেহে নহ'লে ৰাজীৱ ভৱনত কাৰ্ফিউ লগাই দিব পাৰিলোহেতেন মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছত থকাসকলৰ শৰীৰটো তাত আছে আৰু আত্মা আছে বিজেপি চৰকাৰত ।

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,১৪ ফেব্ৰুৱাৰীঃ অসম বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে হঠাতে কংগ্ৰেছৰ দুগৰাকী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে প্ৰত্যক্ষভাৱে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা সদৰী কৰে । ইয়াৰ পূৰ্বে কংগ্ৰেছৰ দুই বিধায়ক শশীকান্ত দাস আৰু ছিদ্দিক আহমেদে বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল । যাৰ বাবে দুয়োজন বিধায়ক বৰ্তমান কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজি কংগ্ৰেছত থাকিয়ে বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা কথা সদৰী কৰি মুখ্যমন্ত্ৰীৰ কাষলৈ আহিল কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাস । দুয়োগৰাকী বিধায়কক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ চাৰিগৰাকী বিধায়ক ক্ৰমে কমলাক্ষ দে' পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস আৰু ছিদ্দিক আহমেদক লগত বহুৱাই সংবাদ মাধ্যমক সম্বোধন কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়ক কমলাক্ষ পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কামতে সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে । বিনাচৰ্তে চৰকাৰক সমৰ্থন জনাবলৈ সংকল্প লৈছে । তেওঁলোকে প্ৰতিনিধিত্ব কৰা দুয়োটা সমষ্টিত আমি চৰকাৰে একেলগে কাম কৰিম । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে বৰ্তমান পৰিস্থিতিত কংগ্ৰেছৰ বহুকেইজন বিধায়ক অস্বস্তিত আছে আৰু তেওঁৰ লগত যোগাযোগ কৰিছে ।

বিগত কেইদিনত ছয়-সাতজন বিধায়কে সাক্ষাৎ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । কংগ্ৰেছ দলৰ আৰু বহু বিধায়ক আৰু নেতাৰ চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ ইচ্ছা আছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সময়ে সময়ে ইয়াৰ প্ৰতিফলন ঘটিব । চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা কংগ্ৰেছৰ দুই বিধায়কে বিজেপিত যোগদান কৰিব নেকি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ আগত দেখা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । বৰ্তমান তেওঁলোকে চৰকাৰৰ গঠনমূলক কাম-কাজত সেৱা আগবঢ়াব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে অৰাজনৈতিক ইছ্যুসমূহত কথা পাতিব । অহা-যোৱাও চলি থাকিব ।

অসম কংগ্ৰেছমুক্ত হ'ব নেকি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সকলো বিধায়কে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সমৰ্থন আগবঢ়াব । চৰকাৰৰ কামত সকলো সুখী । বিৰোধী নামতেহে থাকি যাব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে সমৰ্থনৰ সংখ্যা আৰু বৃদ্ধি পাই থাকিব । আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগত কোনো বিধায়ক নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ নিৰ্দেশৰ পিচতো কোনো বিধায়ক বিধানসভাত সৰৱ হোৱা দেখা নগ'ল ।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ তোড়ো যাত্ৰা আখ্যা দিয়ে । বৰ্তমান ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰী কৰি থকা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীয়ে কংগ্ৰেছ তোড়ো অন্যায় যাত্ৰা কৰিছে ।

কমলাক্ষ দে' পুৰকায়স্থৰ বিৰুদ্ধে চি এম ভিজিলেন্সৰ গোচৰ থকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে গোচৰ চলি থাকিব, সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও চলি আছে । গোচৰৰ লগত কোনো কথা নাই । কংগ্ৰেছ নেতাসকলৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ শৰীৰটো কংগ্ৰেছত আছে আত্মাবোৰ আমাৰ লগত আছে । কেৱল কংগ্ৰেছৰ বিধায়কে নহয়, ৰাজীৱ ভৱনৰ সকলো আমাৰ লগত আছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিত ঠাই নাই বাবেহে, নহ'লে ৰাজীৱ ভৱনতো কাৰ্ফিউ লগাই দিলেহেতেন ।

লোকসভা নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে চাৰে এঘাৰৰ পূৰ্বৰ স্থিতিতে তেওঁলোক অটল আছে যদিও বহু ভোটৰ ব্যৱধানত জয়ী হ'ব । প্ৰতিটো সমষ্টিত ২ লাখৰ পৰা ৫ লাখৰ ব্যৱধানত জয়ী হোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভা নিৰ্বাচনত ১০০ খন আসনত লীড ল’ব । ইফালে অখিল গগৈয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুক গান্ধীক সাক্ষাৎ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত অসমৰ এজন আন্দোলনজীৱী বিৰোধী বিধায়কে ৰাহুল গান্ধীক কংগ্ৰেছৰ বিধায়কসকলে চৰকাৰৰ বিৰুদ্ধ মাত নামাতে বুলি অভিযোগ কৰিছিল । সেই সন্দৰ্ভত ৰাহুল গান্ধীয়ে অসমৰ পৰা যোৱাৰ সময়ত সকলো বিধায়কক তেওঁৰ বিশেষ বাহনখনলৈ মাতি নি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীক 'ফালি' দিয়াৰ নিৰ্দেশ দিছিল বুলি হিমন্ত বিশ্ব শৰ্মাই কয় ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সেই কাম কৰিব নোৱাৰিলে ৫ বছৰৰ পৰা ১৫ বছৰৰ বাবে দলৰ পৰা উলিয়াই দিয়া হ'ব বুলি কংগ্ৰেছ বিধায়কসকলক ভাবুকি দিয়া হৈছিল । কিন্তু তাৰ পিচতো বিধানসভাত তেনে কোনো পৰিৱেশ নহ'ল । এতিয়ালৈকে শান্তিপূৰ্ণভাৱে বিধানসভাৰ অধিৱেশন চলি আছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অধিৱেশত কোনোধৰণৰ ফালি দিয়া নাইবা ভাঙি দিয়াৰ পৰিৱেশ হোৱা নাই ।

ন্যায় যাত্ৰাৰ ভাল উপহাৰ দিয়া হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ এই দুইগৰাকী বিধায়ক অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মুখ্যমন্ত্ৰীৰ উপহাৰ ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

Last Updated : Feb 14, 2024, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.