ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

2 Congress MLAs extend support to BJP govt: অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিপৰ্যয় ৷ মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই মুকলিকৈ অসমৰ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ নিজৰ সহযোগিতাৰ কথা প্ৰকাশ কৰে । অৱশ্যে বিধায়ক কমলাক্ষই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য ৰূপে দলটোতে থাকিব বুলি উল্লেখ কৰে ।

Kamalakhya Dey Purkayastha
গেৰুৱা হোৱাৰ দিশে কমলাক্ষ-বসন্ত !
author img

By ETV Bharat Assamese Team

Published : February 14, 2024 at 12:26 PM IST

|

Updated : February 14, 2024 at 1:33 PM IST

2 Min Read
Choose ETV Bharat
মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত এক মোক্ষম আঘাত । কংগ্ৰেছৰ দুজনকৈ বিধায়কে পোনপটীয়াকৈ সমৰ্থন জনাইছে বিজেপিক । থাকিব কংগ্ৰছতে, সমৰ্থন জনাই যাব বিজেপি চৰকাৰক । অসম বিধানসভা চৌহদত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই মুকলিকৈ অসমৰ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ নিজৰ সহযোগিতাৰ কথা প্ৰকাশ কৰে ৷

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদত থকা কমলাক্ষ দে’ পুৰকায়স্থই কাৰ্যকৰী সভাপতিৰ পদৰ পৰা পদত্যাগ কৰে ৷ ইতিমধ্যেই কমলাক্ষ দে’ পুৰকায়স্থই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনত বিধায়ক কমলাক্ষই উল্লেখ কৰে যে তেওঁ কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য ৰূপে দলটোতে থাকিব । কংগ্ৰেছৰ কাৰ্যবাহী সভাপতিৰ পদৰ পৰা পদত্যাগ কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে কমলাক্ষ দে’ পুৰকায়স্থই ।

kamalakhya-dey-purkayastha-resigns-from-congress-excutive-president-post
কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধানসভা চৌহদত আজি দুপৰীয়া সাক্ষাৎ কৰে কংগ্ৰেছৰ মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু কৰিমগঞ্জৰ বিধায়ক তথা এপিচিচিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই ৷ দুয়োগৰাকী কংগ্ৰেছ বিধায়কে মুখ্যমন্ত্ৰীক গামোচা পিন্ধায় ৷ মুখ্যমন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদ বিচাৰিলে বসন্ত দাসে ।

অসমৰ বিজেপি চৰকাৰলৈ নিজৰ সমৰ্থন আগবঢ়াই নিজৰ সপক্ষে দুয়োগৰাকী কংগ্ৰেছী বিধায়কে আগবঢ়ালে যুক্তি । নিজৰ সমষ্টি উন্নয়নৰ স্বাৰ্থতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমৰ্থন জনোৱা বুলি মন্তব্য আগবঢ়ালে দুই বিজেপিমুখী কংগ্ৰেছী বিধায়কে । ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ আন দুগৰাকী বিধায়ক ৰহাৰ শশীকান্ত দাস আৰু ছিদ্দিক আহমেদে ৰাজ্যৰ বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আছে বুলি মন্তব্য প্ৰকাশ কৰিছিল ।

কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসকে ধৰি এতিয়া কংগ্ৰেছ দলত থাকি বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা বিধায়কৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি হ’ল ৷ চাৰিওজন কংগ্ৰেছী বিধায়কক কাষত বহুৱাই বুধবাৰে সংবাদ মাধ্যমক সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ ন-বিজেপি বিস্মিতা গগৈ

Last Updated : February 14, 2024 at 1:33 PM IST