সুস্থ হৈ ঘৰলৈ উভতিল মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ গোপীৰাম বৰগায়ন - Padma Shri Gopiram Borgayan
Padma Shri Gupiram Burhabhakat: মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ১০১ বছৰীয়া বুঢ়াভকত পদ্মশ্ৰী গোপীৰাম বৰগায়নক সুস্থ কৰি বিদায় দিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে তদাৰক কৰিছিল পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়নৰ স্বাস্থ্যাৱস্থা ।

Published : June 13, 2024 at 10:23 PM IST
ডিব্ৰুগড়,১৩ জুন: মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ অনন্য প্ৰতিভাসম্পন্ন শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক, সংগীত নাটক অকাডেমি টেগ'ৰ বঁটাপ্ৰাপক তথা পদ্মশ্ৰী গোপীৰাম বৰগায়ন গুৰুতৰভাৱে অসুস্থ হৈ দীৰ্ঘদিন ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । কফ আৰু শ্বাসজনিত সমস্যাত ভুগি যোৱা ৯ মে'ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল পদ্মশ্ৰী গোপীৰাম বৰগায়ন । ১০১ বছৰ গৰকা বুঢ়াভকত গোপীৰাম বৰগায়নক ইয়াৰ পূৰ্বে দুবাৰকৈ এ এম চিএইচত ভৰ্তি কৰোৱা হৈছিল । এইবাৰ স্বাস্থ্য অধিক অৱনতি ঘটাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুঢ়াভকতজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল এ এম চি এইচৰ কৰ্তৃপক্ষক ।
চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে দুই তিনিবাৰকৈ খবৰ লৈছিল ১০১ বছৰীয়া পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়নৰ । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰগায়নক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা পাছত স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ।
জ্যেষ্ঠ চিকিৎসকে দীৰ্ঘদিন চলোৱা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়ন । বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অতি আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিদায় দিয়ে । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াৰ লগতে জ্যেষ্ঠ চিকিৎসকসকলে উপস্থিত থাকি তেওঁক বিদায় দিয়ে । অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়নক মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ।

