ETV Bharat / politics

ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীক : বিশ্বনাথ জিলা কংগ্ৰেছ - Arvind Kejriwal arrested

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 12:30 PM IST

Biswanath Congress
ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীক: বিশ্বনাথ জিলা কংগ্ৰেছ

Arvind Kejriwal arrested : ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ বিজেপি চৰকাৰক সমালোচনা বিশ্বনাথ জিলা কংগ্ৰেছৰ ৷

ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীক: বিশ্বনাথ জিলা কংগ্ৰেছ

বিশ্বনাথ, 25 মাৰ্চ : 21 মাৰ্চ বৃহস্পতিবাৰৰ দিনা ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ আপৰ সমান্তৰালভাৱে বিৰোধী ঐক্য মঞ্চয়ো এই ঘটনাক গৰিহণা জনাইছে ৷ শেহতীয়াকৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্য সন্দৰ্ভত বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে ৷

দিল্লী মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কয় বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই কয়, "একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে আন আন ৰাজনৈতিক দলসমূহক ভয়-ভাবুকি প্ৰদানৰ উদ্দেশ্য আপ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আগন্তুক লোকসভা নিৰ্বাচনক লৈ শংকিত হৈ পৰিছে বিজেপি দল ৷ যাৰ ফলত ইজনৰ পিচত সিজনক ইডিৰ মেৰপেচত পেলোৱাৰ লগতে কংগ্ৰেছৰ 11 টাকৈ দলীয় বেংক একাউণ্ট বন্ধ কৰি কংগ্ৰেছ দলটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছে । বিজেপিৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে এইবাৰ দেশৰ জনতাই ভোট দিব আৰু শাসনৰ পৰা বিজেপি দলক খেদিব ।"

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰে ইডিয়ে । ইডিয়ে আপৰ নেতাসকলে এই সুৰা নীতিত 100 কোটি টকাৰ উৎকোচ লাভ কৰিছিল বুলি দাবী কৰিছে ।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে সমগ্র দেশতে বিভিন্ন ৰাজনৈতিক দল-সংগঠন প্ৰতিবাদ কৰা দেখা গৈছে । কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আপে ৷ আজি সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যসূচীৰ ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে ।

লগতে পঢ়ক: দিল্লীৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আজি ৰাজপথ উত্তাল কৰিব আপে - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.