ETV Bharat / politics

যোৰহাট সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰত নামিছে অতুল বৰা-কেশৱ মহন্ত - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:42 PM IST

Jorhat Lok Sabha Seat
অতুল বৰা-কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

Jorhat Lok Sabha Seat : যোৰহাট লোকসভা সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অতুল বৰা-কেশৱ মহন্তৰ । ধুবুৰী আৰু বৰপেটা আসনক লৈ অধিক উৎসাহী অতুল বৰা ।

যোৰহাটত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অতুল বৰা-কেশৱ মহন্ত

যোৰহাট, 4 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়েই সমষ্টিয়ে সমষ্টিয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগা যোৰহাট লোকসভা সমষ্টিত বিজেপি দলে সৰ্বস্ব উজাৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ বিজেপি মিত্ৰোজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰাবলৈ বিজেপিৰ লগতে মিত্ৰদল অগপই তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ লোকসভা সমষ্টিটোৰ বিভিন্ন অঞ্চলত বিজেপিৰ লগতে অগপই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উত্তৰ পশ্চিম যোৰহাটৰ বৃহৎ জনজাতীয় অঞ্চল হিচাপে পৰিচিত বৰমুকলি ৰংগমঞ্চত বৃহস্পতিবাৰে অগপৰ সভাপতি অতুল বৰা আৰু দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে, যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব ৷ তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 400 তকৈ অধিক আসন লাভ কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী কৰে ৷ মন্ত্ৰী বৰাই লগতে কংগ্ৰেছে বিগত সময়ত অসমৰ লগতে দেশৰ জনসাধাৰণক প্ৰতাৰণা কৰিলে বুলিও মন্তব্য কৰে ৷

কংগ্ৰেছে টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰিব বুলি দলটোক কটাক্ষ কৰি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে বৰপেটা আৰু ধুবুৰী লোকসভা আসন দুখনক লৈ তেওঁলোক বহু আশাবাদী আৰু দুয়োখন আসনতেই অগপৰ প্ৰাৰ্থী দুগৰাকী জয়ী হ'ব ৷ এইবাৰ নিৰ্বাচনত অসমত কংগ্ৰেছৰ আসন শূণ্য হ'ব বুলিও দাবী কৰে তেওঁ ৷

আজি নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন দল-সংগঠনৰ বহু লোকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টি আৰু কাজিৰঙা লোকসভা সমষ্টিত অগপ দলৰ প্ৰাধান্য থকা বহু অঞ্চলত দলটোৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.