ETV Bharat / politics

কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 5:40 PM IST

Romen Borthakur Resign Congress: এইবাৰ কংগ্ৰেছ দল এৰিলে দলটোৰ জ্য়েষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ ৷ শেহতীয়াকৈ দলৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী ৷

Romen Borthakur Resign
পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে

গুৱাহাটী, ৪ মাৰ্চ: কংগ্ৰেছ দলত অব্যাহত থকা খহনীয়া ৰোধ হোৱাৰ বিপৰীতে অধিক তীব্ৰতৰ হৈ পৰাহে পৰিলক্ষিত হৈছে । এজনৰ পাছত আনজনকৈ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি আন দললৈ ধাৱমান হৈছে ৷

লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে কংগ্ৰেছ দলত সিমানে পদত্যাগৰ জোৱাৰ উঠিছে । এইবাৰ পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে । দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিলে ৰমেন বৰঠাকুৰে । তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে ৰমেন বৰঠাকুৰৰ পদত্যাগ প্ৰদেশ কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত । কিয়নো বিগত বিধানসভা নিৰ্বাচনত ৰমেন বৰঠাকুৰে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জালুকবাৰী সমষ্টিত ড৹ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । এইবাৰৰ লোকসভা নিৰ্বাচনতো তেওঁ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ।

ইফালে শেহতীয়াকৈ দুলু আহমেদে অভিযোগ কৰিছিল যে টিকট লাভৰ বাবে ৰমেন বৰঠাকুৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙক ২ কোটি টকা দিছিল । অৱশ্যে টিকটৰ বাবে টকা দিয়াৰ কথা অস্বীকাৰ কৰিছিল যদিও ৰমেন বৰঠাকুৰে দললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা স্বীকাৰ কৰিছে ।

লক্ষ্যণীয় বিষয় যে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হোৱা ৰমেন বৰঠাকুৰে হঠাতে পদত্যাগ কৰা বিষয়টোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে । বিশেষকৈ টিকটৰ বাবে টকা দিয়াৰ বিষয়টো চৰ্চালৈ অহাৰ পিচতে তেওঁ পদত্যাগ কৰিলে । মন কৰিবলগীয়া যে শেহতীয়াকৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ৰমেন বৰঠাকুৰ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক: ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ গোচৰ: বিপদত সাংসদ নৱ কুমাৰ শৰণীয়া; নোৱাৰিব কোকৰাঝাৰৰ প্ৰাৰ্থী হ’ব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.