ETV Bharat / politics

ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ গোচৰ: বিপদত সাংসদ নৱ কুমাৰ শৰণীয়া; নোৱাৰিব কোকৰাঝাৰৰ প্ৰাৰ্থী হ’ব ! - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 4:31 PM IST

Lok Sabha election 2024
MP Naba Saraniya caste certificate

MP Naba Sarania caste certificate: কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব সাংসদ নৱ শৰণীয়াই ! তেওঁৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ গোচৰৰ অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ৷

গুৱাহাটী, ৪ এপ্ৰিল: এইবাৰ লোকসভা নিৰ্বাচন খেলিব নোৱাৰিব সাংসদ নৱ শৰণীয়াই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত নাকচ হ'ল শৰণীয়াই অসম চৰকাৰক প্ৰত্যাহ্বান জনাই নিজৰ জনজাতিৰ প্ৰমাণ পত্ৰ বৈধ হিচাবে গণ্য কৰাৰ আবেদন ৷ ইতিমধ্যে নৱ শৰণীয়া জনজাতি (ST) নহয় বুলি ৰাজ্য চৰকাৰে দিছিল নিৰ্দেশ ।

MP Naba Saraniya
উচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি

নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত স্থগিতাদেশ দিছিল উচ্চ ন্যায়ালয়ে । অসম চৰকাৰে প্ৰত্যাহ্বান জনাইছিল এই স্থগিতাদেশৰ । অৱশেষত এজনীয়া বিচাৰপীঠৰ পূৰ্বৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ ৰায় খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৷ ইয়াৰ ফলত নৱ শৰণীয়াই লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলেও এতিয়া খাৰিজ হোৱাৰ সম্ভাৱনা ৷

MP Naba Saraniya
উচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি

কোকৰাঝাৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ মাজতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই নিৰ্বাচন খেলিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে । সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণপত্ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত প্রত্যাহ্বান জনাইছিল অসম চৰকাৰে । বুধবাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰৰ আবেদনখনৰ শুনানি গ্রহণ কৰে ।

প্ৰায় দিনজোৰা দীঘলীয়া শুনানিৰ অন্তত খণ্ড বিচাৰপীঠে কালি ৰায়দান সংৰক্ষিত ৰাখিছিল । বৃহস্পতিবাৰে এই শুনানিৰ ৰায় প্ৰদান কৰে খণ্ড বিচাৰপীঠে ৷ ৰায়দান কৰি আদালতৰ খণ্ড বিচাৰপীঠে অন্তৱৰ্তীকালীন ৰায় খাৰিজ কৰি এজনীয়া বিচাৰপীঠলৈ প্ৰয়োজনত দৈনিক শুনানি গ্ৰহণ কৰি বিষয়টো জৰুৰীভাৱে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায় ।

এককথাত লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব চলি থকাৰ সময়তে বিপদৰ সন্মুখীন হৈছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ আদালতৰ এই ৰায়ৰ পিচত পুনৰবাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্রমাণ পত্রখন ভুৱা বুলি চৰকাৰীভাৱে বিবেচিত হৈছে ৷

মন কৰিবলগীয়া যে এই জনজাতি প্ৰমাণ পত্ৰৰ আধাৰতে নৱ কুমাৰ শৰণীয়াই জনজাতিসকলৰ বাবে সংৰক্ষিত ২ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ২০১৪ আৰু ২০২৯ত দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰি সাংসদ হ'বলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে অসম চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ এখন কমিটীয়ে ঘোষণা কৰিছিল যে প্ৰমাণ পত্ৰত উল্লেখ থকাৰ দৰে নৱ কুমাৰ শৰণীয়া বড়ো কছাৰী জনগোষ্ঠীৰ লোক নহয় ৷ কমিটীখনে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন যোৱা ১২ জানুৱাৰীত বাতিল কৰিছিল । কোকৰাঝাৰৰ জনকলাল বসুমতাৰী নামৰ এজন ব্যক্তিয়ে শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি অভিযোগ তুলি আবেদন জনাইছিল ৷

এই আবেদনৰ ভিত্তিত তদন্তৰ বাবে অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা এখন কমিটী গঠন কৰিছিল ৷ কমিটীখনে প্ৰমাণ পত্ৰখন ভুৱা বুলি ঘোষণা কৰাৰ পিছতে সাংসদ নৱ কুমাৰ শৰণীয়াই স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । পৰৱৰ্তী সময়ত নৱ কুমাৰ শৰণীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷

ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চৰকাৰৰ কমিটীখনৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে যদিও ন্যায়ালয়ৰ এই স্থগিতাদেশক প্রত্যাহ্বান জনাই এইবাৰ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত আবেদন জনায় । খণ্ড বিচাৰপীঠে আজি ৰায়দান কৰে । এই ৰায়দানত পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ খাৰিজ কৰাৰ ফলত এইবাৰ নৱ কুমাৰ শৰণীয়াই জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰৰ পৰা নিৰ্বাচন খেলিব নোৱাৰাটো প্ৰায় অনিশ্চিত হৈ পৰিল ।

লগতে পঢ়ক: জনতাৰ সমস্যাক লৈ কাৰো কোনো কথা নাই; প্ৰচাৰৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতি - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.