ETV Bharat / politics

টকাৰ কাৰণে নিজৰ মাক- ভনীয়েকক বিক্ৰী কৰি দিব পাৰে অখিল-লুৰীণে: আজমল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:05 PM IST

AIUDF election campaign: গোৱালপাৰা ময়লাপথাৰত সাংসদ বদৰুদ্দিন আজমল । নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ লুৰীণজ্যোতি গগৈ অখিল গগৈক দালাল আখ্যা আজমলৰ । কংগ্ৰেছে মুছলমানক গোলাম বনাই ৰাখিব বিচাৰে আৰু আজমলে মুছলমানক ডাক্তৰ আৰু ডিচি বনাব বিচাৰে বুলিও মন্তব্য ।

Lok Sabha Election 2024
Badruddin Ajmal in Goalpara

বদৰুদ্দিন আজমলৰ প্ৰচাৰ

গোৱালপাৰা, ১ মে': অহা ৭ মে'ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ । গোৱালপাৰা চহৰৰ ময়লাপথাৰত বুধবাৰে এআইইউডিএফ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় ।

সাংসদ বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয়, "ধুবুৰী সমষ্টি চোৰ-ডকাইতেৰে ভৰি পৰিছে । লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ হৈছে দালাল । টকাৰ কাৰণে নিজৰ মাক- ভনীয়েকক বিক্ৰী কৰি দিব এই দুয়োৱে । আজি মই টকা দিম দুয়ো মোৰ হৈ যাব । এই লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা মোটা অংকৰ টকা লৈ এনআৰচিৰ সময়ত ৪৫ লাখ মুছলমান লোকৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল কৰিছিল । এই ৪৫ লাখ লোকৰ নাম এনআৰচিৰ পৰা নাম কৰ্তন কৰিব লাগে বুলি দাবী কৰিছিল ।"

  • " class="align-text-top noRightClick twitterSection" data="">

আজমলে লগতে কয় যে এনেকুৱা মুছলিম বিদ্বেষী লোকক লগত লৈ ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে । আজমলে ভাষণ প্ৰসংগত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি কয়, "ধুবুৰী সমষ্টিত উন্নয়নৰ কাৰণে মই কি কৰা নাই । ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা ৫ হাজাৰ কোটি টকা মোকোলাই আনিছোঁ । ধুবুৰী সমষ্টিলৈ বিমানবন্দৰ, মেডিকেল কলেজ আৰু ৰেল ষ্টেচন আনিছোঁ । আজমলে কি কৰিলে সেয়া আপোনাৰ মাতৃক সোধক । আজমল আপোনাৰ মাতৃৰ সমপৰ্যায়ৰ । এই উত্তৰ সংসদত আপোনাৰ মাতৃক দিম ।"

উল্লেখ্য যে আজি ধুবুৰী সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধীয়ে বিগত ১৫ বছৰত আজমলে একো কৰা নাই বুলি মন্তব্য কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত আজমল এইদৰে কয় । কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি আজমলে কয় যে কংগ্ৰেছে মুছলিম জাতিটোক গোলামৰ দৰে জীয়াই ৰাখিছে । কংগ্ৰেছৰ এই নীতিৰ বিৰুদ্ধে আজমল ওলাই আহিছে । আজমল সদায় দুখীয়া, নিষ্পেষিত জনতাৰ কাষত থাকে ।

আজমলে সদায় এই দৰিদ্ৰ লোকসকলৰ পৰা ডাক্তৰ, ইঞ্জিনীয়াৰ, ডিচি, আইপিএছ আৰু ডাঙৰ ডাঙৰ অফিচাৰ বনাব বিচাৰে । কিন্তু কংগ্ৰেছ দলে এই জাতিটোক সদায় গোলামৰ দৰেই ব্যৱহাৰ কৰিব বিচাৰে । গতিকে কংগ্রেছক ভোট দিলে অহা ৫ শ বছৰ মুছমান লোকসকলে কংগ্ৰেছৰ গোলাম হৈ থাকিব লাগিব । নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত অহা ৭ মে' তাৰিখে তলা-চাবিৰ ছবিত আজমলক ভোট দিবলৈ ৰাইজক আহ্বান জনায় আজমলে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা প্ৰিয়ংকা গান্ধীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.