ETV Bharat / politics

আসনক লৈ বিৰোধী ঐক্যমঞ্চৰ জংক-পংক অংক: অজাপৰ দুখনলৈ মন

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 4:16 PM IST

Oppositions Unity Assam: মতৰ অমিলে বিঘ্নিত কৰিছে বিৰোধী ঐক্যমঞ্চৰ ঐক্য । অজাপ এ ডিব্ৰুগড় আৰু গুৱাহাটী বিচাৰি কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে পত্ৰ । ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ, গুৱাহাটীত কমল নয়ন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰস্তাৱ । অজাপ নেতা দুলু আহমেদেও বিচাৰিছে বৰপেটা সমষ্টি । আপ, তৃণমূল কংগ্ৰেছ আৰু চি পি আয়ে ঐক্যমঞ্চৰ পৰা আঁতৰি নিজাকৈ নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুত হৈছে । প্ৰশ্ন হৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে থাকিব নে বিৰোধী ঐক্যমঞ্চ । জটিলতাৰ মাজত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই কংগ্ৰেছে ।

Oppositions Unity Assam
বিৰোধী ঐক্যমঞ্চ

গুৱাহাটী, ৮ মাৰ্চ: লোকসভা নিৰ্বাচন সমাগত যদিও ১৪টা সমষ্টিৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্যমঞ্চৰ অংক এতিয়াও মিলা নাই ৷ বৰং দিনক দিনে এই অংক সমাধান হোৱাৰ বিপৰীতে আৰু অধিক জটিল হৈ পৰিছে । এটাৰ পিচত আনটো দলে বিৰোধী ঐক্যমঞ্চৰ স্থিতিৰ বিপৰীতে নিজাকৈ সমষ্টি নিৰ্ধাৰণ কৰি প্ৰাৰ্থী দিয়াৰ বাবে তৎপৰ হৈ পৰিছে ।

আপ, তৃণমূল কংগ্ৰেছ আৰু চি পি আয়ে ঐক্যমঞ্চৰ পৰা আঁতৰি যাবলৈ প্ৰস্তুত হোৱাৰ সময়তে অতি শেহতীয়াকৈ অসম জাতীয় পৰিষদ চমুকৈ অজাপতো সমষ্টিৰ দাবী উত্থাপন হৈছে । লক্ষ্যণীয় বিষয় যে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে বিৰোধী ঐক্যমঞ্চ বিশেষকৈ ‘বিগ ব্ৰাদাৰ’ কংগ্ৰেছ দল একপ্ৰকাৰ সাজু হৈছে । লুৰীণজ্যোতি গগৈ বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈছে যদিও অজাপৰ সৈতেও আসনৰ ভাগ-বাটোৱাৰাক লৈ বিৰোধী ঐক্যমঞ্চত উদ্ভৱ হৈছে নিমিলা অংকৰ ।

মিত্ৰতাৰ ভিত্তিত কংগ্ৰেছে অজাপক ডিব্ৰুগড় লোকসভা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ সময়তে লক্ষণীয়ভাৱে কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰি আঞ্চলিক দলটোৱে ডিব্ৰুগড় সমষ্টিৰ লগতে গুৱাহাটী সমষ্টিও দাবী কৰিছে । অজাপই ডিব্ৰুগড়ত সভাপতি লুৰীণজ্যোতি গগৈ আৰু গুৱাহাটী সমষ্টিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীক প্ৰাৰ্থিত্ব দিব বিচাৰিছে । প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ঐক্যমঞ্চৰ অংশীদাৰ দলসমূহৰ মাজত মতানৈক্য চলি থকাৰ সময়তে অজাপই দুটা সমষ্টি দাবী কৰা কাৰ্যই অধিক জটিলতাৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত ।

ইফালে অজাপৰ উপ-সভাপতি দুলু আহমেদেও বৃহস্পতিবাৰে এখন সংবাদমেলযোগে লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাৰ কথা সদৰী কৰে । ঐক্যমঞ্চত আসনৰ ভাগ-বাটোৱাৰাক লৈ এতিয়ালৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই ৷ যাৰ বাবে তেওঁ বৰপেটা সমষ্টিটো দাবী কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত তেওঁৰ নিজৰ গৃহ সমষ্টি হাজো বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁ বৰপেটা লোকসভা সমষ্টিত অজাপৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে ।

আনকি তেওঁ মনোনয়নপত্ৰ দাখিলৰ বাবেও প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে । ইফালে অজাপই দুটা সমষ্টি বিচাৰি কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই নিজৰ প্ৰতিক্ৰিয়াত কয় যে অজাপই গুৱাহাটী আৰু ডিব্ৰুগড় সমষ্টি বিচাৰিছে । তেওঁলোকে ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ আৰু গুৱাহাটীত কমল নয়ন চৌধুৰীক প্ৰৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে ।

বিৰোধী ঐক্যমঞ্চত থকা দলক এখন আসনহে দিব পৰা যাব বুলি সদৰী কৰি ভূপেন বৰাই কয় যে অজাপই গুৱাহাটী নাইবা ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব । এনে প্ৰেক্ষাপটত বিৰোধী ঐক্যমঞ্চৰ আসন বুজাবুজিৰ বিষয়টো ক্ৰমাৎ অধিক জটিল হৈ পৰিছে। ইফালে শেহতীয়াকৈ চি পি আই দলেও তিনিটা সমষ্টিত নিজাববীয়াকৈ প্ৰৰ্থিত্ব ঘোষণা কৰিছে । উল্লেখ্য যে প্ৰার্থী তালিকা ঘোষণাৰে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সৰ্বশক্তিৰে ৰণক্ষেত্ৰত নামি পৰাৰ সময়তে বিৰোধী ঐক্যমঞ্চত ক্ৰমাৎ বৃদ্ধি পাইছে ব্যৱধান ।

ইতিমধ্যে আম আদমি পাৰ্টী চমুকৈ আপে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ডিব্ৰুগড়, গুৱাহাটী আৰু শোণিতপুৰ সমষ্টিত আপে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । বিৰোধী ঐক্যমঞ্চৰ প্ৰতিটো সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সিদ্ধান্তৰ বিপৰীতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, গুৱাহাটীত ভবেন চৌধুৰী আৰু শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্যৰ নাম ইতিমধ্যেই ঘোষণা কৰিছে ।

সেইদৰে কংগ্ৰেছক দোষাৰোপ কৰি তৃণমূল কংগ্ৰেছ দলেও অকলেই চাৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈছে । একমাত্ৰ বিধায়ক অখিল গগৈৰ ৰাইজৰ দলে লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা আগতেই ঘোষণা কৰি সেই স্থিতিত অটল হৈ আছে । বিৰোধী ঐক্যমঞ্চৰ এনে খেলিমেলিৰ বাবে কংগ্ৰেছ দলে এতিয়াও ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থী তালিকা ।

১১ মাৰ্চত কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰিছে যদিও তাৰ পূৰ্বে বিৰোধী ঐক্যমঞ্চত আৰু কি নতুন সমস্যাৰ সৃষ্টি হয় সেয়া সময়েহে ক'ব । কাৰণ প্ৰতি মূহুৰ্ততে বিৰোধী ঐক্যমঞ্চৰ দৃশ্যপট সলনি হৈ আছে । ইফালে লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত যুদ্ধংদেহিভাৱে জঁপিয়াই পৰিছে বিজেপি ।

প্ৰাৰ্থীসকলে ইতিমধ্যে তৃণমূল পৰ্যায়লৈ গৈ প্ৰচাৰ অভিযানৰ পাতনি মেলিছে । কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চত এতিয়ালৈ আসনৰ ভাগ-বাটোৱাৰাক লৈ টনা-আঁজোৰা অব্যাহত আছে । বিৰোধী ঐক্যমঞ্চৰ দলসমূহক আস্থা আৰু বিশ্বাসত লৈ এতিয়ালৈকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰাটো কংগ্ৰেছ দলৰ বাবে চৰম ব্যৰ্থতা । পৰিস্থিতি অনুৰূপ থাকিলে বিৰোধী ঐক্যমঞ্চ নিৰ্বাচনৰ পূৰ্বে বৰ্তি থাকিব নে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক: শীঘ্ৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.