ETV Bharat / politics

অৰুণাচলৰ এটা বিশেষ ভোটকেন্দ্ৰ, য'ত আছে মাত্ৰ এজন ভোটাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 7:09 PM IST

Lok Sabha Election 2024
অৰুণাচলৰ এটা বিশেষ ভোটকেন্দ্ৰ, য'ত আছে মাত্ৰ এজন ভোটাৰ

Lok Sabha Election 2024: পূৱ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ সদৰ হায়ুলিয়াঙৰ পৰা ৩৯ কিলোমিটাৰ নিলগৰ মালোগাম গাঁৱত আছে এটা ভোটকেন্দ্ৰ । য'ত মাত্ৰ এগৰাকী ভোটাৰ আছে । ভোটকেন্দ্ৰটোলৈ যান-বাহন নাযায় । খোজকাঢ়ি গ'লেও নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলটোক লাগে এদিনৰ সময় ।

তেজপুৰ, ২৮ মাৰ্চ : দেশত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে । গণতন্ত্ৰৰ এই বৃহৎ উৎসৱৰ বাবে সকলো ব্যস্ত হৈ পৰিছে । যাতে কোনো কাৰণতে এজনো ভোটাৰ ভোটদানৰ পৰা বঞ্চিত নহয় তাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা লৈছে । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি আৰম্ভ হৈছে ।

পূৱ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ সদৰ হায়ুলিয়াঙৰ পৰা ৩৯ কিলোমিটাৰ নিলগৰ মালোগাম গাঁৱৰ বাসিন্দা চকেলা তায়াংগৰ একমাত্ৰ ভোটটো ল'বলৈ যাব নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল আৰু সুৰক্ষা কৰ্মী । কানাম টায়েঙ নামৰ এগৰাকী হায়ুলিয়াঙৰ বাসিন্দা, যি পেছাত শিক্ষা বিভাগৰ চৰকাৰী কৰ্মচাৰী তেওঁ ই টিভি ভাৰতক কয় যে মালোগামলৈ যাবলৈ কোনো ধৰণৰ যান-বাহনৰ ব্যৱস্থা নাই ।

এই মহিলা ভোটাৰগৰাকী সচৰাচৰ এই গাঁওখনত নাথাকে । তেওঁ কাষৰীয়া লোহিত জিলাৰ ৱাকৰোঁ নামৰ ঠাইত থাকে । একমাত্ৰ বিশেষ কাম বা ভোটদান কৰিবলৈহে তেওঁ তালৈ আহে বুলি টায়েঙে কয় । তেওঁ কয় যে সেই অঞ্চললৈ যাবলৈ নিৰ্বাচনী দলক প্ৰায় এটা দিনৰ প্ৰয়োজন হয় । তেওঁ নিজেও সেই ঠাইলৈ কেতিয়াও যোৱা নাই কাৰণ বিশেষ কোনো কাম নাথাকে আৰু সেই অঞ্চলত কেৱল যোগাযোগ ব্যৱস্থাই নহয় টেলিফোন বা মোবাইল ফোনৰ সংযোগো নাই ।

পূব অৰুণাচল প্ৰদেশৰ এই সংসদীয় সমষ্টিৰ পৰা যোৱাবাৰ তাপীৰ গাৱ নিৰ্বাচিত হৈছিল আৰু এইবাৰো তেওঁ বিজেপি দলৰ হৈ কংগ্ৰেছৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী বশীৰাম চিৰামৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছে । অৰুণাচল প্ৰদেশৰ মুঠ ২,২২৬ টা ভোটকেন্দ্ৰ আছে আৰু তাৰ ভিতৰত ২২৮ টা ভোটকেন্দ্ৰলৈ খোজ কাঢ়ি যাব লাগে । ৬১ টা কেন্দ্ৰলৈ যাবলৈ দুদিন সময় লাগে । কিন্তু এই মহিলা ভোটাৰগৰাকীৰ ভোটটো ল'বলৈ নিৰ্বাচনী দলে অতি কষ্টৰে যাব লগা হয় । লগতে সুৰক্ষাকৰ্মীৰ উপৰিও ভোটকেন্দ্ৰলৈ নিয়া সামগ্ৰী কঢ়িয়াই নিবলৈ পৰ্টাৰ ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক :অৰুণাচলক চীনৰ দাবীক গৰিহণা কংগ্ৰেছৰ; চীন সন্দৰ্ভত কেন্দ্ৰৰ নীতিক সমালোচনা - Congress Slams Policy On China

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.