ETV Bharat / international

লণ্ডনৰ মেয়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কিয় চৰ্চাত ভাৰতীয়মূলৰ গুলাটি ? - London mayoral election

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:58 AM IST

London mayoral election
লণ্ডনৰ মেয়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কিয় চৰ্চাত ভাৰতীয়মূলৰ গুলাটি

London mayoral election: অহা ২ মে' লণ্ডনৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । এইবাৰ তৰুণ গুলাটি নামৰ ভাৰতীয়মূলৰ এজন লোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁ দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে লণ্ডনত ব্যাপক চৰ্চা লাভ কৰিছে ।

নিউজ ডেস্ক ডেস্ক,২৯ এপ্ৰিল : দিল্লীত জন্মগ্ৰহণ কৰা এগৰাকী ব্যৱসায়ী তৰুণ গুলাটি ২ মে'ত লণ্ডনৰ মেয়ৰ নিৰ্বাচনৰ বাবে বৰ্তমানৰ ছাদিক খানৰ বাবে প্ৰত্যাহ্বানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ তেওঁৰ গণ আধাৰ আৰু বিত্তৰ বুজাবুজিৰ বাবে জয়ী হোৱাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি এই পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে । ভাৰতীয়মূলৰ মেয়ৰ প্ৰাৰ্থীজনে কৈছে যে তেওঁ লণ্ডনক এগৰাকী 'অভিজ্ঞ চিইঅ'ৰ দৰে চলাব বিচাৰে ।

৬৩ বছৰীয়া গুলাটিৰ মতে প্ৰতিদ্বন্দ্বিতাত থকা ১৩ জন প্ৰাৰ্থীৰ মাজত তেওঁ শীৰ্ষত আছে । নিৰ্বাচনী ট্ৰেণ্ডে খানক সম্ভাৱ্য বিজয়ী হিচাপে দেখুৱাইছে, কিন্তু গুলাটি বিচলিত হোৱা নাই । বৰ্তমানৰ মেয়ৰৰ জয়ৰ প্ৰেডিকেচনক 'বিভ্ৰান্তিকৰ' বুলি তেওঁ স্বীকাৰ কৰিছে । ১০ লাখ টকা ব্যয় কৰি লণ্ডনৰ প্ৰতিটো বৰোৰ পৰা ১০ টা স্বাক্ষৰ লাভ কৰি তেওঁ কেৱল এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে । ইয়াৰ পিচতে গুলাটিৰ চকু মেয়ৰ কাৰ্যালয়ত আছে ।

গুলাটিয়ে জয়পুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু এইচএছবিচিত আন্তঃৰাষ্ট্ৰীয় মেনেজাৰ হিচাপে যোগদান কৰাৰ পূৰ্বে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এমবিএ কৰিছিল । ২০০৬ চনত লণ্ডনত নিযুক্তি লাভ কৰাৰ পিচত তেওঁ লণ্ডনৰ বহু সংস্কৃতিবাদ আৰু সুযোগৰ দ্বাৰা প্ৰেৰিত হৈ ইউকেত বসতি স্থাপন কৰাৰ সিদ্ধান্ত লয় ।

দুটা সন্তানৰ পিতৃ গুলাটি একমাত্ৰ ভাৰতীয়মূলৰ প্ৰাৰ্থী । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে বিত্তীয় ক্ষেত্ৰত ভাল দৰে বুজাবুজি থকা ব্যক্তি হিচাপে তেওঁৰ শক্তিশালী ক্ৰেণ্টিয়েলবোৰ মেয়ৰ নিৰ্বাচনৰ বাবে ভাল হ'ব লাগে । তেওঁ 'নতুন ধন' অনাৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁ ধনৰ গতিশীলতা বুজি পায় ।

তেওঁ খানৰ দ্বাৰা প্ৰৱৰ্তন কৰা বিতৰ্কিত ইউএলইজেড নীতি আঁতৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । যাৰ অধীনত লণ্ডনত আটাইতকৈ বেছি প্ৰদূষণ কৰা বাহনৰ চালকৰ পৰা প্ৰতিদিনে ১,৩০০ টকা মাচুল সংগ্ৰহ কৰে । তেওঁ লগতে ভাড়া নিয়ন্ত্ৰণ আৰু নিৰ্মাতাসকলক সামাজিক আৱাস নিৰ্মাণৰ বাবে উৎসাহিত কৰাৰ লগতে সামাজিক প্ৰভাৱ পুঁজি সৃষ্টিৰ বাবেও প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

নতুন দিল্লীৰ জিকে২-ৰ পৰা অহা হাই প্ৰফাইল প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁৰ মুছলমানসহ এছিয়ান ভোটাৰসকলৰ সমৰ্থন আছে । তেওঁৰ মতে তেওঁ হৈছে গাজাৰ বাবে আটাইতকৈ শক্তিশালী কণ্ঠস্বৰ ।

লণ্ডনৰ বাবে তেওঁৰ পৰিকল্পনা

চহৰখনৰ ৰাজপথত সুৰক্ষা তেওঁৰ অন্যান্য মুখ্য অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম । দৃশ্যমান কমিউনিটি পুলিচিং আৰু অধিক বিষয়াই কাৰ্যসূচীত টহল দিয়াৰ ব্যৱস্থা কৰা । যাৰ জৰিয়তে ৰাজপথত মহিলাসকলক সুৰক্ষা প্ৰদান কৰিব পৰা যায় । ইয়াৰ জৰিয়তে লুণ্ঠনকাৰী আৰু চোৰক ধৰি আৰু শাস্তি দিয়াও তেওঁৰ লক্ষ্য । লেবাৰ পাৰ্টীৰ কিছুমান অপ্ৰিয় নীতি বাতিল কৰা তেওঁৰ আন এক লক্ষ্য ।

জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা প্ৰভাৱৰ মোকাবিলা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা তেওঁ অন্যতম লক্ষ্য । তেওঁ উল্লেখ কৰা মতে লণ্ডনৰ বাবে যিকোনো পদক্ষেপ লোৱাৰ পূৰ্বে সাধাৰণ জনতাৰ মতামত ল'ব লাগিব যাতে জীৱন ধাৰণৰ ব্যয়ৰ সৈতে যুঁজি থকা ৱালেটবোৰৰ ওপৰত প্ৰভাৱ নপৰে । তেওঁ মেয়ৰৰ বাবে কনজাৰ্ভেটিভ পাৰ্টীৰ প্ৰাৰ্থী চুজান হলকো তীব্ৰ সমালোচনা কৰে । বহু বছৰ ধৰি লণ্ডনৰ বিধানসভাৰ সদস্য হৈ থকা স্বত্বেও মেয়ৰৰ বিতৰ্কিত নীতিসমূহক অৱৰোধ কৰাত চুজান হল ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ কৰে ।

গুলাটিৰ মতে ৰাজনৈতিক নেতাসকলে নিজৰ দায়িত্ব পালন কৰা হ'লে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন । গুলাটিৰ মতে ৰাজনৈতিক নেতাসকলে লণ্ডনবাসীক হতাশ কৰিছে । অধিক সুলভ গৃহ নিৰ্মাণ, পৰিষদৰ কৰ হ্ৰাস কৰা, ইউকেৰ ৰাজধানীলৈ পৰ্যটনৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰা আৰু বিদ্যালয়ৰ বিনামূলীয়া আহাৰ নিশ্চিত কৰাটো গুলাটিৰ আন কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ।

তেওঁ দাবী কৰে যে তেওঁৰ মেয়ৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত তেওঁৰ প্ৰয়োজনীয় স্বাক্ষৰ সংগ্ৰহ কৰিবলৈ লণ্ডনৰ বৰোৰ পৰা বৰোলৈ প্ৰচাৰ চলোৱা হৈছে । গুলাটিয়ে অফিচিয়েল মিনি ইস্তাহাৰো মুকলি কৰিছে ।

লগতে পঢ়ক :ইজৰাইল-হামাছ যুদ্ধৰ প্ৰতিক্ৰিয়া: আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জনক গ্ৰেপ্তাৰ - University Of Southern California

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.