ETV Bharat / international

ইজৰাইল-হামাছ যুদ্ধৰ প্ৰতিক্ৰিয়া: আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জনক গ্ৰেপ্তাৰ - University of Southern California

author img

By ANI

Published : Apr 26, 2024, 10:04 AM IST

Updated : Apr 26, 2024, 3:05 PM IST

ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জনক গ্ৰেপ্তাৰ
ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জনক গ্ৰেপ্তাৰ

Anti-Israel protests: ইজৰাইল-হামাছ যুদ্ধ ৷ এই যুদ্ধৰ বিক্ষোভৰ মাজতে ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল : ইজৰাইল-হামাছ যুদ্ধৰ বিক্ষোভ এতিয়া আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়ত দেখিবলৈ পোৱা গৈছে ৷ প্ৰতিবাদ হৈছে বহু বিশ্ববিদ্যালয়ত ৷ বুধবাৰে দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত হোৱা বিক্ষোভৰ সময়ত ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত ৯৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । লছ এঞ্জেলছ আৰক্ষী বিভাগে জনাইছে এই কথা ৷

সংবাদ সংস্থা ANI এ সদৰী কৰা অনুসৰি, বিশ্ববিদ্যালয়ৰ এটা ব্যক্তিগত কেম্পাছত একাংশ শিক্ষাৰ্থীয়ে বহুদিনৰ পৰা আদেশ উলংঘা কৰি আহিছিল । যাৰ বাবে দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷ তেতিয়াই লছ এঞ্জেলছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু লোকক ৷ লছ এঞ্জেলছ আৰক্ষীৰ কেপ্তেইন কেলি মুনিজে CNN ৰ আগত উল্লেখ কৰে এই কথা ৷

আনহাতে, প্ৰতিবাদকাৰী এজন ব্যক্তিক মাৰাত্মক অস্ত্ৰৰে আক্ৰমণো কৰে ৷ যাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ৷ CNN ৰ আগত মুনিজে কয় এই কথা ৷ অৱশ্যে কোনো প্ৰতিবাদকাৰী বা বিষয়া আহত হোৱাৰ খবৰ পোৱা নাই বুলিও কয় লছ এঞ্জেলছ আৰক্ষীয়ে । USC ৰ জনসাধাৰণ সুৰক্ষা বিভাগে বুধবাৰে বিয়লি কেম্পাছৰ প্ৰাক্তন ছাত্ৰ উদ্যানত (Alumni Park) সমবেত হোৱা প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ চেষ্টা কৰা হৈছিল ৷

বিশ্ববিদ্যালয়ৰ এজন বিষয়াৰ মতে, এই বিক্ষোভৰ সময়তে উত্তেজনা বৃদ্ধি পাইছিল ৷ কিয়নো এটা সময়ত প্ৰতিবাদকাৰীয়ে নিজৰ তম্বু আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী স্থানান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পাচতে বুধবাৰে বিয়লি বিশ্ববিদ্যালয়খনে নিজৰ কেম্পাছ বন্ধ কৰি দিয়ে ৷ কাৰণ এল এ পি ডিয়ে বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : ইৰাণৰ সৰ্বোচ্চ নেতাৰ ওপজা দিনতে ইজৰাইলৰ মিছাইল আক্ৰমণ - Iran Israel war

Last Updated :Apr 26, 2024, 3:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.