ETV Bharat / international

ৰাছিয়াৰ গণহত্যাৰ বাবে ইছলামিক সন্ত্ৰাসবাদীক দোষাৰোপ পুটিনৰ - Russian President Vladimir Putin

author img

By PTI

Published : Mar 26, 2024, 9:16 AM IST

ইছলামিক সন্ত্ৰাসবাদীক দোষাৰোপ পুটিনৰ
ইছলামিক সন্ত্ৰাসবাদীক দোষাৰোপ পুটিনৰ

Putin on Moscow Attack : পুটিনে ইয়াৰ পূৰ্বে কৈছিল যে চাৰিজন আক্ৰমণকাৰীক ইউক্ৰেইনলৈ পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । কিন্তু তেওঁ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ইছলামিক ষ্টেট গোটৰ সহযোগীৰ কথা উল্লেখ কৰা নাছিল । তেওঁ সোমবাৰে তেওঁৰ মন্তব্যত পুনৰ আইএছৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে ।

ইণ্টাৰনেচনেল ডেস্ক, ২৬ মাৰ্চ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সোমবাৰে কয় যে যোৱা সপ্তাহত মস্কোৰ উপনগৰত ১৩০ জনৰো অধিক লোকক হত্যা কৰা কনচাৰ্ট হল আক্ৰমণৰ বন্দুকধাৰীসকল উগ্ৰ ইছলামবাদী আছিল ।

চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত বক্তব্য ৰাখি পুটিনে কয় যে এই হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হৈছিল, যাৰ আদৰ্শৰ বাবে ইছলামিক বিশ্বই বহু শতাব্দী ধৰি যুঁজি আহিছে ।

পুটিনে অৱশ্যে ইয়াৰ পূৰ্বে কৈছিল যে সপ্তাহান্তত চাৰিজন আক্ৰমণকাৰীক ইউক্ৰেইনলৈ পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । কিন্তু তেওঁ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ইছলামিক ষ্টেট গোটৰ সহযোগীৰ কথা উল্লেখ কৰা নাছিল । তেওঁ সোমবাৰে তেওঁৰ মন্তব্যত পুনৰ আইএছৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে ।

তেওঁ এইটো কোৱাৰ পৰাও বিৰত থাকে যে কোনে আক্ৰমণৰ নিৰ্দেশ দিছিল । কিন্তু এই কথা কৈছিল যে সন্ত্ৰাসবাদীয়ে অপৰাধ সংঘটিত কৰাৰ পিচত কিয় ইউক্ৰেইনলৈ পলাই যাবলৈ চেষ্টা কৰিছিল আৰু তাত তেওঁলোকৰ বাবে কোনে অপেক্ষা কৰি আছিল সেইটো বিচাৰি উলিওৱাটো প্ৰয়োজনীয় ।

আনহাতে, আইএছ সহযোগীয়ে ইয়াৰ দায়বদ্ধতা স্বীকাৰ কৰাৰ পিচত আমেৰিকাৰ চোৰাংচোৱাই তেওঁলোকৰ দাবীৰ সমৰ্থন কৰে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে কয় যে মস্কো আক্ৰমণৰ আঁৰত আইএছ গ্ৰুপ এটাৰ হাত থকাৰ তথ্য ফ্ৰান্সৰ চোৰাংচোৱাৰ ওচৰত আছে ।

ইয়াৰ পূৰ্বে সোমবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিত্রি পেছকভে ৰাছিয়াত তদন্তৰ ফলাফলৰ বাবে অপেক্ষা কৰিবলৈ সাংবাদিকসকলক আহ্বান জনাই দোষ আৰোপ কৰিবলৈ অস্বীকাৰ কৰে । তেওঁ ৭ মাৰ্চত মস্কোত আমেৰিকাই সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়া প্ৰতিবেদনৰ ওপৰত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি কয় যে এনে ধৰণৰ যিকোনো চোৰাংচোৱা তথ্য গোপনীয় ।

উল্লেখ্য যে মস্কোৰ এখন আদালতে দেওবাৰে নিশা চাৰিজন লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযোগ উত্থাপন কৰে । তেওঁলোক আদালতত উপস্থিত হোৱাৰ সময়ত তেওঁলোকৰ শৰীৰত গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লক্ষণ দেখা যায় । আনহাতে, নাগৰিক সংগঠনবোৰে ইয়াক এনে এক চিহ্ন হিচাপে উল্লেখ কৰিছে যে পুটিনৰ অধীনত মানৱ অধিকাৰৰ ক্ষেত্ৰত ৰাছিয়াই দুৰ্বল অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছে ।

ইফালে ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিচুষ্টিনে কয় যে তদন্ত এতিয়াও চলি আছে । কিন্তু লগতে প্ৰতিজ্ঞা কৰে যে অপৰাধীসকলক শাস্তি দিয়া হ'ব, তেওঁলোক দয়াৰ যোগ্য নহয় ।

প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰ্তমান ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ উপ-মুৰব্বী ডিমিত্রি মেদভেদেভে কৰ্তৃপক্ষক আটাইকেইগৰাকীকে হত্যা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে শুকুৰবাৰে নিশা মস্কোৰ পশ্চিম প্ৰান্তৰ ক্ৰকাছ চিটি হলত সংঘটিত আক্ৰমণত ১৩৭ জন লোক নিহত আৰু ১৮০ জনৰো অধিক লোক আহত হয় । যিটো ছৰটোৰ ভিতৰত ৰাছিয়াত আটাইতকৈ ভয়ংকৰ ঘটনা হিচাপে প্ৰমাণিত হৈছে । ইয়াৰ উপৰি মুঠ ৯৭ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

লগতে পঢ়ক :ISIS-Kৰ উত্থান আৰু ইয়াৰ সন্ত্ৰাসৰ চক্ৰ; মস্কো সন্ত্ৰাসবাদী আক্ৰমণ - Islamic State Terror Attack Moscow

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.