ETV Bharat / international

নেপালৰ লুম্বিনী নদীত সোমাল যাত্ৰীবাহী বাছ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 3:51 PM IST

Bus fell into Lumbini river in Nepal
নেপালৰ লুম্বিনী নদীত সোমাল যাত্ৰীবাহী বাছ

Nepal bus accident: নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা । লুম্বিনী নদীত সোমাল যাত্ৰীবাহী বাছ । বৰ্তমানলৈ উদ্ধাৰ প্ৰায় ৩৮ গৰাকী যাত্ৰীক । থিতাতে নিহত ৬ জন । গুৰুতৰভাৱে আহত ৭ ।

ইন্টাৰনেশ্যনেল ডেস্ক,৬ মাৰ্চ: চুবুৰীয়া দেশ নেপালত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা । নেপালৰ লুম্বিনী নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ । নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ৬ জনকৈ লোক । গুৰুতৰভাৱে আহত ৭ জন । জানিব পৰা মতে বাছখনত আছিল মুঠ ৫১ জন যাত্ৰী । বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ।

ভয়ংকৰ বাছ দুৰ্ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে তীব্ৰ উত্তেজনাৰ । জানিব পৰা মতে নেপালৰ দাধিঙৰ ঘাটবেনচিলৈ যাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্থ বাছখনে । নদীৰ গভীৰতা বেছি হোৱা বাবে প্ৰায় সম্পূৰ্ণ বুৰ যায় বাহনখন । গুৰুতৰভাৱে আহত লোকসকলক কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হয় । বাকীসকলক গজুৰীৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা ৩৮ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

বুধবাৰে পুৱা নেপালৰ কপিলবাস্তুৰ কাঠমাণ্ডুৰ পৰা এই বাছখন ৰাওনা হৈছিল । যাত্ৰীবাহী বাছখন পাহাৰীয়া অঞ্চলৰ মাজেৰে নদীৰ ওপৰৰ পথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল । দাধিঙৰ ৫ নং গাজুৰী গাঁৱৰ পৌৰসভাৰ ঘাটবেনচি নামৰ স্থানত পুৱা প্ৰায় ৫ বজাত কপিলবাস্তুৰ কাঠমাণ্ডুলৈ যোৱাৰ সময়ত বাছ নম্বৰ LU-2B-2121 অসন্তুলিত হৈ লুম্বিনী নদীত পৰি যায় । বাছখন নদীত পৰাৰ লগে লগে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ।

নেপালৰ জিলা আৰক্ষী কাৰ্যালয় ধেদিঙৰ চেণ্টিনেল মুখপাত্ৰ চাব-ইন্সপেক্টৰ সান্তুলল প্ৰসাদ জয়ছোৱালে কয় যে দুৰ্ঘটনাত পতিত বাছখনত চালকসহ ৫১ জন যাত্ৰী আছিল । এতিয়ালৈকে নদীৰ পৰা ৩৮ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে । গুৰুতৰভাৱে আহত সাতজন যাত্ৰীক কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে । বাকীসকলক গজুৰীৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । ৰূপান্দেহী লুম্বিনী সংস্কৃতি পৌৰসভা ৯ ৰ বাসিন্দা ৩৮ বছৰীয়া হৰি ৰাম নামৰ বাছ চালকজনক নেপাল আৰক্ষীয়ে ইতিমধ্যে আটক কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দুৰ্বৃত্তৰ লক্ষ্য ভাৰতীয় নৃত্যশিল্পী; উদ্বেগ প্ৰকাশ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.