ETV Bharat / health

মিঠা বৰণীয়া ছালৰ মহিলাসকলৰ ওপৰত খুব ধুনীয়া লাগে এইসমূহ লিপষ্টিক; আপুনিও কৰক ট্ৰাই

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 12:26 PM IST

Updated : Feb 16, 2024, 2:51 PM IST

Lipstick Shades for Dusky Women: যদি আপুনিও মিঠা বৰণীয়া ছালৰ মহিলাৰ শাৰীত পৰে আৰু যদি আপুনি নাজানে কোনটো ৰং মিঠা বৰণীয়া ছালৰ লোকৰ বাবে অধিক উপযুক্ত হ’ব, তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ বাবে উত্তম লিপষ্টিক শ্বেডসমূহৰ বিষয়ে জানি লওক-

What lipstick shades look good on dusky skin tones?
মিঠা বৰণীয়া মহিলাসকলৰ ওপৰত খুব ধুনীয়া লাগে এইসমূহ লিপষ্টক শ্বেড; আপুনিও কৰক ট্ৰাই

লিপষ্টিক এনে এবিধ প্ৰসাধন সামগ্ৰী যিয়ে আমাৰ মুখমণ্ডলৰ সৌন্দৰ্যতা বৃদ্ধি কৰাই নহয় এক নতুন মাত্ৰাও প্ৰদান কৰে ৷ ক’বলৈ গ’লে লিপষ্টিক সকলো ৰঙেই ধুনীয়া ৷ কিন্তু সকলো লিপষ্টিকৰ শ্বেড আমাৰ মুখমণ্ডলৰ সৈতে খাপ নোখোৱাৰ বাবে নিৰ্দিষ্ট ৰঙৰ লিপষ্টিক আমি লগাও যাৰ ফলত আমাৰ ছালখন আৰু অধিক উজ্জ্বল হৈ উঠে ৷

কাপোৰৰ ৰং আৰু লিপষ্টিক ক্ৰয় কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো জৰুৰী ৷ বহুবাৰ ডাস্কি স্কিন টোন থকা মহিলাসকলে খেলি-মেলিত পৰে যে কোনটো ৰং তেওঁৰ ছালৰ সৈতে মিল খাব ৷

ডাস্কি স্কিন টোন ষ্টাইলিং

আমাৰ মাজত বহুতো মিঠা বৰণীয়া মানুহ আছে যাৰ ড্ৰেছিং চেন্স আৰু মেক-আপ ষ্টাইল চালে চকুৰোৱা ৷ ইয়াৰ কাৰণ তেওঁলোকৰ নিজৰ শৈলী আৰু আত্মবিশ্বাস ৷

একেদৰে মিঠা বৰণীয়া ছালৰ মহিলাসকলে মেকআপ কৰে কিন্তু লিপষ্টিক লগোৱাৰ কথা আহিলে তেওঁলোকে চিন্তিত হয় কাৰণ তেওঁলোকে নাজানে যে এই ৰং তেওঁলোকৰ ওপৰত ভাল দেখা যাব নে নাই সেয়ে আমি আজি এই প্ৰতিবেদনৰ জৰিয়তে কেইটিমান লিপষ্টিক শ্বেডৰ বিষয়ে ক’বলৈ ওলাইছো যি ডাস্কি ছালত মিঠা বৰণীয়া ছাল থকা মহিলাসকলে পৰিধান কৰিলে খুব সুন্দৰ দেখা যায় ৷

ডাস্কি ছালৰ বাবে লিপষ্টিক শ্বেড

গোলাপী ৰং

মিঠা বৰণীয়া ছালৰ মহিলাৰ ওপৰত গোলাপী ৰঙৰ সকলো শ্বেড বৰ ভাল লাগে ৷ সেয়েহে যিকোনো সময়তে ট্ৰাই কৰিব পাৰে ৷ পাৰ্টী বা নিয়মীয়া পৰিধানৰ বাবে এই শ্বেডটো বাছি ল’ব পাৰে ৷

পীচৰ ৰং

পিচ ৰঙৰ লিপষ্টিক শ্বেডবোৰ উজ্জ্বল ছালৰ লগতে মিঠা বৰণীয়া ছালত অতি সুন্দৰ দেখা যায় ৷ পাৰ্টী, কেজুৱেল বা অফিচিয়েল এটেয়াৰত যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰে ৷

নিউড ৰং

আজিকালি নিউড ৰঙৰ লিপষ্টিকে মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ নিউড ৰঙৰ লিপষ্টিক এটা অল টাইম হিট ৰং বুলি গণ্য কৰা হয়, আপুনিও ইয়াক যিকোনো সময়তে প্ৰয়োগ কৰি নিজকে এটা নেচাৰেল লুক দিব পাৰে ৷ অৱশ্যে হেভী আই মেকআপৰ সৈতে নিউড লিপষ্টিক শ্বেডবোৰ অতি ধুনীয়া দেখা যায় ৷

মেজেন্টা ৰং

বিশেষকৈ ভাৰতীয়ৰ বাবে মেজেন্টা ৰঙৰ শ্বেড এটা অতি মৰমলগা ৰং ৷ এই ৰংটো উজ্জ্বল আৰু ডাস্কি ছাল উভয়ে ভাল দেখা যায় ৷

ৰঙা ৰং

ৰঙা ৰং সকলো মহিলাৰ অল টাইম ফেভৰেট ৰং ৷ বিশেষকৈ ঘেঁহুৰ আৰু মিঠা বৰণীয়া ছালৰ মহিলাৰ ওপৰত এই ৰংটো বৰ ধুনীয়া দেখা যায় ৷

চকলেট ব্ৰাউন ৰং

গাঢ় ৰঙৰ ওপৰত চকলেট ব্ৰাউন বৰ ধুনীয়া ৰং ৷ এইটো এটা অতি ধুনীয়া ৰং যিটো আপুনি মাজে মাজে ট্ৰাই কৰি আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে ৷

কপাৰ ব্ৰাউন ৰং

কপাৰ ব্ৰাউন ৰং সকলো ধৰণৰ ছালৰ বাবে উপযুক্ত ৷ যিকোনো সময়তে আপুনি ইয়াক কৰিব পাৰে ৷

লগতে পঢ়ক: দিনৰ অলপ সময়ৰ টোপনিয়েও বৃদ্ধি কৰিব পাৰে আপোনাৰ স্মৃতিশক্তি

Last Updated :Feb 16, 2024, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.