ETV Bharat / health

দিনৰ অলপ সময়ৰ টোপনিয়েও বৃদ্ধি কৰিব পাৰে আপোনাৰ স্মৃতিশক্তি

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:41 PM IST

Short Nap Benefits: স্বাস্থ্যৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত ৰাতি ৭-৮ ঘন্টা টোপনি আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয় যদিও কিছুমান স্বাস্থ্য অধ্যয়নত দিনৰ ভাগত কম সময়ৰ বাবে শুলে উপকাৰী বুলি গণ্য কৰা হয় । দিনৰ ভাগত কম সময়ৰ বাবে গ্ৰহণ কৰা টোপনিৰ এই উপকাৰিতাসমূহ জানো আহক-

Short Naps Can Help You Become Smarter
দিনৰ অলপ সময়ৰ টোপনিয়েও বৃদ্ধি কৰিব পাৰে আপোনাৰ স্মৃতিশক্তি

বহু সময়ত ৰাতি টোপনিৰ অভাৱ বা অত্যধিক ভাগৰুৱা হোৱাৰ বাবে দিনত টোপনি আহি থকাৰ দৰেই অনুভৱ হয় ৷ একে সময়তে কিছুমান মানুহৰ প্ৰতিদিনে কিছু সময় শোৱাৰ অভ্যাসো আছে ৷

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত মানুহে শিথিলতা অনুভৱ কৰে আৰু ব্যক্তিজনে নিজৰ কামবোৰ ভালকৈ কৰিবলৈ সক্ষম হয় ৷ কেৱল এয়াই নহয়, কিছুমান স্বাস্থ্য অধ্যয়নত টোপনিও স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হৈছে ৷ কিন্তু টোপনিৰ লগত জড়িত এই সুবিধাসমূহ নিৰ্ভৰ কৰে যে এজন ব্যক্তিয়ে দিনটোত কিমান সময়ৰ বাবে শোৱে ৷

দিনত শুব লাগে নে নাই ?

এন চি বি আইত প্ৰকাশিত এক গৱেষণা পত্ৰৰ মতে, দিনৰ ভাগত শুলে মানসিক চাপ দূৰ হোৱাত সহায় হয় ৷ যিয়ে আপোনাক গোটেই দিনটো সতেজ কৰি ৰখাৰ লগতে আপোনাৰ কামবোৰো ভালদৰে সমাধা কৰাটো অতি প্ৰয়োজনীয় ৷ লগতে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাটো সহায় কৰে ৷ এনে পৰিস্থিতিত দিনৰ ভাগত শোৱাটো উপকাৰী বুলি ধৰিব পাৰি ৷

দিনৰ টোপনিয়ে আপোনাক কৰি তুলিব পাৰে স্মাৰ্ট

জনছ হপকিন্স মেডিচিনৰ মতে, দিনটোত ৩০-৯০ মিনিট টোপনি লয় সেইসকল লোকৰ স্মৃতিশক্তি অন্য লোকৰ তুলনাত বেছি হয় ৷ তেওঁলোকৰ শব্দ মনত ৰখাৰ ক্ষমতা বেছি ৷ লগতে তেওঁলোকে কথাবোৰো ভালদৰে বুজিবলৈ সক্ষম হয় ৷

টোপনিৰ উপকাৰিতা

  • হৃদৰোগৰ সম্ভাৱনা কমি যায়
  • ক্লান্তি দূৰ হয়
  • মগজু সক্ৰিয় হৈ থাকে
  • মেজাজ সতেজ হৈ পৰে

মনত ৰাখিব যে, দিনটোত বেছি সময়লৈকে শুলে এই লাভসমূহ লোকচানলৈ পৰিণত হ’ব পাৰে ৷ দিনটোত বেছি সময় শুলে উচ্চ ৰক্তচাপ, হতাশা, অষ্টিঅ’পৰ’ছিছ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মেদবহুলতা, কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

লগতে পঢ়ক: ফুলকবি নে ব্ৰকলি কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উত্তম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.