ETV Bharat / health

এইসকল লোকে শীতকালত ভুলতো নাখাব দৈ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:53 PM IST

Curd in Winter: দৈৰ এনে বহু স্বাস্থ্য উপকাৰিতা থাকিলেও কিছুমান লোকে ঠাণ্ডা বতৰত দৈ খোৱা পৰিহাৰ কৰিব লাগে ৷ চৰ্দি, কাহ আৰু কফৰ সমস্যাত ভূগি থকা সকলে দৈ খালে এই সমস্যা আৰু বৃদ্ধি হ'ব পাৰে ৷ কোন লোকে ঠাণ্ডাত দৈ পৰিহাৰ কৰিব লাগে, আজি জানো আহক-

These people should not eat Curd by mistake in winter
এইসকল লোকে শীতকালত ভুলতেও নাখাব দৈ

গাখীৰ-দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷যাৰ বাবে বহুতেই দৈনিক দৈ খায় ৷ কিন্তু শীতকালত দৈ খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক ৷ শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ, কফ আদিৰ সমস্যাই মাৰাত্মক ৰূপ লয় ৷ সেয়েহে, এই দিনকেইটাত পুৱা আৰু ৰাতি দৈ নাখোৱাই ভাল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষজ্ঞসকলৰ মতে, দৈ প্ৰ'বায়োটিকৰ এটা অতি ভাল উৎস, যি অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবে অতি দৰকাৰী ৷ দৈ কেলচিয়াম, ভিটামিন বি ১২ আৰু ফছফৰাছ সমৃদ্ধ ৷ সেয়েহে দৈ খোৱাৰ ফলত আমাৰ শাৰীৰিক সামগ্ৰিক স্বাস্থ্য ভাল হৈ থাকে ৷

আনহাতে, দৈৰ এনে বহু স্বাস্থ্য উপকাৰিতা থাকিলেও কিছুমান লোকে ঠাণ্ডা বতৰত দৈ খোৱা পৰিহাৰ কৰিব লাগে ৷ চৰ্দি, কাহ আৰু কফৰ সমস্যাত ভূগি থকা সকলে দৈ খালে এই সমস্যা আৰু বৃদ্ধি হ'ব পাৰে ৷ কোন লোকে ঠাণ্ডাত দৈ পৰিহাৰ কৰিব লাগে, আজি জানো আহক-

হাঁপানী ৰোগী

যদি আপুনি হাঁপানী ৰোগী, তেন্তে ঠাণ্ডাত দৈ খোৱা পৰিহাৰ কৰিব ৷ কিয়নো দৈ টেঙা হোৱাৰ ফলত ই শ্লেষ্মা বৃদ্ধি কৰিব পাৰে ৷ হাঁপানীৰ সমস্যাত দৈ খোৱাৰ বাবে ই বুকুত কফ হয় ৷ যিয়ে, উশাহ-নিশাহৰ সৈতে সম্পৰ্কিত সমস্যাৰ সৃষ্টি কৰে ৷ ইয়াৰ পাছতো যদি আপুনি দৈ খাবলৈ বিচাৰে, তেন্তে খুব কম পৰিমাণে খাব ৷

আৰ্থ্ৰাইটিছ ৰোগী

দৈ হাড় আৰু দাঁতৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ কিন্তু যদি আপোনাৰ ইতিমধ্যে আৰ্থ্ৰাইটিছৰ সমস্যা আছে, তেন্তে আপুনি দৈ খোৱা পৰিহাৰ কৰা উচিত ৷ দৈৰ অত্যাধিক সেৱন আৰ্থ্ৰাইটিছ ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে ৷ ই গাঁঠিৰ বিষ আৰু ফুলা সমস্যা বৃদ্ধি কৰিব পাৰে ৷বিশেষকৈ ঠাণ্ডা দিনত এনে ৰোগীসকলে ভুলতো দৈ খাব নালাগে ৷

যাৰ পাচন তন্ত্ৰ দুৰ্বল

যদি আপোনাৰ পাচন তন্ত্ৰ দুৰ্বল, তেন্তে দৈ নাখাব ৷ পাকস্থলীত গেছ আৰু এচিডিটি থাকিলেও দৈ একেবাৰে নাখাব ৷ বিশেষকৈ ৰাতি খাদ্যৰ সৈতে দৈ খালে ই বদহজমৰ সমস্যা বৃদ্ধি কৰে ৷

লেক্টজ অসহিষ্ণুতাত ভুগি থকাসকল

লেক্টজ অসহিষ্ণুতাত ভুগি থকা লোকসকলেও দৈ খোৱা পৰিহাৰ কৰিব লাগে ৷ লেক্টজ অসহিষ্ণু মানুহৰ গাখীৰ আৰু দৈ হজম নহয় ৷ এনে পৰিস্থিতিত, দৈ সেৱন কৰিলে ডায়েৰিয়া আৰু পেটৰ বিষৰ সমস্যা হ'ব পাৰে ৷এই লোকসকলে চিকিৎসকৰ পৰামৰ্শৰ পিছতহে দৈ খাব লাগে ৷আনহাতে, চাইনাছত ভোগীথকাসকলেও দৈ খাব নালাগে, অন্যথা এই সমস্যাটো বাঢ়িব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: আয়ুৰ্বেদ অনুসৰি বসন্ত ঋতুচৰ্যা কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.