ETV Bharat / health

GI টেগ লাভ কৰা কাজি নেমুৰ কিছু নজনা কথা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:45 PM IST

Updated : Feb 13, 2024, 5:57 PM IST

Kaji Nemu: অসমত উপলব্ধ এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু হৈছে কাজি নেমু ৷ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰিলে কাজি নেমুৱে ৷ আহক ইয়াৰ সৈতে কিছু বিশেষ কথা জানি লওক-

Some unknown facts about Assam Kazi nemu aka citrus limon which has got GI tag
GI টেগ লাভ কৰা কাজি নেমুৰ কিছু নজনা কথা

বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ তথা খাবলৈ সোৱাদযুক্ত, সুগন্ধিযুক্ত কাজি নেমুৱে লাভ কৰিলে GI টেগ ৷ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰিলে কাজি নেমুৱে ৷ সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

অসমত উপলব্ধ এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু হৈছে কাজি নেমু ৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ ই Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি ৷ কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ কিছু পৃথক ৷

বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলক ভাবে ডাঙৰ ৷ কাজিনেমু পকি যোৱাৰ পিছতো বহু দিন গছত লাগি থাকি সৰি নাযায় আৰু গোটেই বছৰটো ফল লাগে ৷ ২০১৯ চনত কাজি নেমুয়ে ভৌগোলিক স্বীকৃতিও লাভ কৰে ৷

ঘৰত কাৰোবাৰ বমিভাৱ আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে ৷ পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয় ৷ অসমৰ প্ৰতিবিধ খাদ্য কাজি নেমু অবিহনে আধৰুৱা ৷ কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই স্বাস্থ্যৰ দিশতো যথেষ্ট উপকাৰী কাজি নেমু ৷ তেন্তে আহক আজি কাজি নেমুৰ স্বাস্থ্য উপকাৰিতা সন্দৰ্ভত ভালদৰে জানি লওক-

কাজি নেমু টেঙাৰ বহু ঔষধি গুণাগুণ

১) পেটৰ সৈতে জড়িত সমস্যা যেনে পেট জ্বলা-পোৰা সমস্যা, কামোৰণি আদি সমস্যাত কাজি নেমু অতি উপকাৰী ৷

২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয় ৷

৩) কাজি নেমু এটুকুৰা লৈ মুখ আৰু ডিঙি চাফা কৰিলে আপোনাৰ মুখমণ্ডলৰ ছাল যথেষ্ট উজ্বল হয় ৷

৪) সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত কাজি নেমুৰ ৰস আৰু গুটি পিহি খুওৱাব লাগে ৷

৫) ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত কাজি নেমুৰ ৰস যথেষ্ট উপকাৰী ৷

৬) আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷

৭) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগালে বহু ৰোগ উপশম হয় ৷

লগতে পঢ়ক: কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো সমানে উপকাৰী নেমু

Last Updated :Feb 13, 2024, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.