ETV Bharat / health

গোল্ডেন হাৰ্ট ইনিছিয়েটিভৰ অধীনত 50 টা শিশুক বিনামূলীয়া হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ - Golden Heart Initiative

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 5:20 PM IST

Free Heart Surgery
গোল্ডেন হাৰ্ট ইনিছিয়েটিভৰ অধীনত 50 টা শিশুক বিনামূলীয়া হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন

Free Heart Surgery : ভাৰতীয় ব্যৱসায়ী এম এ ইউছুফফালীৰ 50 বছৰৰ অৱদানৰ সন্মানস্বৰূপে গোল্ডেন হাৰ্ট ইনিছিয়েটিভ -এ বিশ্বব্যাপী 50 টা শিশুক বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷

মধ্য-প্ৰাচ্যস্থিত ভাৰতীয় ব্যৱসায়ী এম এ ইউছুফফালীৰ 50 বছৰৰ জনকল্যাণমূলক অৱদানক সন্মান জনাই গোল্ডেন হাৰ্ট ইনিছিয়েটিভে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ এই পদক্ষেপৰ অংশ হিচাপে সমগ্ৰ বিশ্বজুৰি পঞ্চাশটা শিশুক বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে ।

২০২৪ চনৰ ১ জানুৱাৰীত আৰম্ভ কৰা এই অস্ত্ৰোপচাৰবোৰ টিউনিছিয়া, ইজিপ্ত আৰু ভাৰতৰ ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল বুলি আয়োজকসকলে জানিবলৈ দিয়ে ৷ ছেনেগাল, লিবিয়া আৰু টিউনিছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলৰ শিশুৰ লগতে ইজিপ্ত আৰু ভাৰতৰ দুখীয়া পৰিয়ালসমূহৰ 50 টা শিশুক তিনি মাহৰ ভিতৰত এই অস্ত্ৰোপচাৰসমূহ সমাপ্ত হোৱাকৈ এই পদক্ষেপ হাতত লোৱা হৈছে ৷

এই বিশেষ অভিযানটো বুৰ্জিল হোল্ডিংছৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ ড৹ শ্বামছিৰ ভায়ালিলে আৰম্ভ কৰিছিল । এই অভিযানক ইউ.এ.ই.-ত লুলু গ্ৰুপৰ অধ্যক্ষ ইউছুফফালীয়ে বিগত 50 বছৰত জনকল্যানমূলক অৱদানৰ প্ৰতি সন্মান জনাবলৈ উচৰ্গা জনোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ কঠোৰ ভ্ৰমণ সীমাবদ্ধতাৰে শিশুসকলক এই অস্ত্ৰোপচাৰৰ বাবে সংঘৰ্ষক্ষেত্ৰৰ পৰা চিকিৎসালয়লৈ অনাত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বুলি আয়োজকসকলে জানিবলৈ দিয়ে ৷ এই পৰিয়ালবোৰক সহায় কৰিবলৈ বিভিন্ন সংস্থাৰ জৰিয়তে বিশেষ ভ্ৰমণৰ অনুমতি লোৱা হৈছিল ৷ আয়োজকসকলে এক বিবৃতিযোগে এই কথা জনায় ৷

কেৰালাত যিসকল শিশুক এই অস্ত্ৰোপচাৰ প্ৰয়োজন হৈছিল তেওঁলোকক তিৰুৱন্তপুৰম আৰু কোচিৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল ৷ সংগঠনটোৱে কেৰালা স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰি সংকটজনক পৰিস্থিতিত ভুগি থকা শিশুসকলৰ বাবে অতি প্ৰয়োজনীয় উচ্চ ব্যয়ৰ অস্ত্ৰোপচাৰ আগবঢ়াইছে ৷ এই শিশুসকলে ৰাজ্য চৰকাৰৰ হৰিদিয়াম প্ৰকল্পৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহত অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক: তামোল-পাণ-গুটখা খোৱাৰ ফলত দাঁতৰ কি কি সমস্যা হ'ব পাৰে? - Side effect of tobacco

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.