ETV Bharat / entertainment

অভিনয়ৰ পৰা বিৰতিৰ পিচত পুনৰ কামলৈ উভতিল সামান্থা ৰুথ প্ৰভু

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 1:52 PM IST

Samantha Ruth Prabhu makes comeback after work break
পুনৰ কামলৈ উভতিল সামান্থা

Samantha Ruth Prabhu: সামান্থা ৰুথ প্ৰভুৱে পুনৰ আৰম্ভ কৰিছে নিজৰ কাম । এতিয়া অভিনেত্ৰীগৰাকীক দেখা যাব স্বাস্থ্য প’ডকাষ্টত। অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব প’ডকাষ্ট ।

চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: পুনৰ কাম আৰম্ভ কৰিছে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে । আচলতে অভিনেত্ৰীগৰাকী অটো ইম্যুন কণ্ডিচন (মাইঅ’চাইটিছ)ত আক্ৰান্ত, যাৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছিল । অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰাৰ পিচতে তেওঁ সম্পূৰ্ণ ৰূপে কাম-কাজৰ পৰা দূৰত আছিল । কিন্তু এটা বিৰতিৰ পিচত আকৌ ঘূৰি আহিছে সামান্থা ৷ এতিয়া স্বাস্থ্য প’ডকাষ্টৰ কাম কৰিব অভিনেত্ৰীগৰাকীয়ে । অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব প’ডকাষ্ট ।

আকৌ কামলৈ উভতিল সামান্থা ৰুথ প্ৰভু

অভিনেত্ৰী সামান্থাই এই সন্দৰ্ভত কয়, ‘‘হয়, অৱশেষত মই কামলৈ উভতি যাম । অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰাৰ পিচত মই সম্পূৰ্ণ নিবনুৱা হৈ পৰিছিলো । কিন্তু বন্ধু এজনৰ লগত কিবা এটা সুন্দৰ কাম কৰি আছো । এইটো এটা স্বাস্থ্য প’ডকাষ্ট । এই কামটো মোৰ বৰ ভাল লাগিল । মই ইয়াৰ প্ৰতি অতি আবেগিক আৰু মই অতি উত্তেজিত । অহা সপ্তাহত মুক্তি পাব । আশাকৰোঁ আপোনালোকৰ মাজৰ কিছুমানে ইয়াক সঁচাকৈয়ে উপযোগী বুলি বিবেচনা কৰিব ৷’’

উল্লেখ্য যে, বিগত বৰ্ষৰ জুলাই মাহত একশ্যন থ্ৰিলাৰ চিটাডেলৰ ভাৰতীয় অধ্যায়ৰ শ্বুটিং শেষ কৰি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ কৰ্মৰ পৰা বিৰতি লৈছিল অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অনুৰাগীক এই তথ্য দিছিল ।

কুশী ছবিখনত শেষবাৰৰ দেখা গৈছিল সামান্থাক

সেই সময়ত অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল যে অনাগত মাহত তেওঁ নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিব । অভিনেত্ৰী সামান্থাক শেষবাৰৰ বাবে দেখা গৈছিল তেলুগু ছবি কুশীত ৷ এই ছবিখনত বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।

লগতে পঢ়ক: কাৰ্তিক আৰিয়ানক লগ কৰিবলৈ ঝাঁচীৰ পৰা চাইকেলেৰে মুম্বাই পালেহি এজন বিশেষ অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.