ETV Bharat / entertainment

কাৰ্তিক আৰিয়ানক লগ কৰিবলৈ ঝাঁচীৰ পৰা চাইকেলেৰে মুম্বাই পালেহি এজন বিশেষ অনুৰাগী

Kartik Aaryan Fan: কাৰ্তিক আৰিয়ানৰ এজন অনুৰাগীয়ে তেওঁক লগ কৰিবলৈ চাইকেলেৰে ঝাঁচীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিছিল । এতিয়া এটা অতি সুন্দৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত কাৰ্তিকক অনুৰাগীজনৰ সৈতে ফটো ক্লিক কৰা দেখা গৈছে ।

From Jhansi to Mumbai: Kartik Aaryan's Die-hard Fan Cycles 1100 Kilometers for a Dream Meet
ঝাঁচীৰ পৰা চাইকেলেৰে মুম্বাই পালেহি এজন বিশেষ অনুৰাগী
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 10:28 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: উৎকৃষ্ট অভিনয়, আদৰ্শবান চৰিত্ৰ আৰু সু-ব্যক্তিত্বৰ বাবে অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰে কিছু তাৰকাই ৷ তেনে কিছু তাৰকাৰ ভিতৰত অন্যতম হৈছে অভিনেতা কাৰ্তিক আৰিয়ান । কাৰ্তিক আৰিয়ানৰ অনুৰাগীয়ে তেওঁক খুব ভাল পায় আৰু অভিনেতাজনক এবাৰ ওচৰৰ পৰা চাবলৈ বহু অনুৰাগীৰ হেঁপাহ ৷ শেহতীয়াকৈ তেনেকুৱাই কিবা এটা হৈছে, যিটো প্ৰতিগৰাকী অনুৰাগী আৰু অভিনেতাৰ বাবে এক সপোনৰ দৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আচলতে কাৰ্তিকক লগ কৰিবলৈ ঝাঁচী পৰা এজন অনুৰাগীয়ে চাইকেল চলাই মুম্বাইলৈ উপস্থিত হৈছে । হয়, বিশ্বাস কৰিবলৈ নিশ্চয় টান হৈছে ৷ কিন্তু এয়া সঁচা ৷ ইয়াৰ পৰাই আপুনি অনুমান কৰিব পাৰিব যে কাৰ্তিকক অনুৰাগীয়ে কিমান ভাল পায় ৷ এতিয়া সেই বিশেষ অনুৰাগীজনৰ সৈতে অভিনেতাগৰাকীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

চাইকেল চলাই মুম্বাই পালেহি কাৰ্তিকৰ এজন অনুৰাগী

তাৰকাসকলে জীৱনত যিমানেই ব্যস্ত নাথাকক কিয়, তথাপিও তেওঁলোকে নিজৰ অনুৰাগীক লগ কৰিবলৈ ব্যস্ত সময়ৰ পৰাও সময় উলিয়ায় ৷ কাৰণ অভিনেতাক এজন তাৰকা বনোৱাত বৃহৎ হাত থাকে অনুৰাগীৰ ৷ সেয়াহে, অনুৰাগীৰ মৰমৰ শলাগ লয় বহু তাৰকাই ৷ শেহতীয়া কাৰ্তিক আৰিয়ানক লগ কৰিবলৈ ঝাঁচীৰ পৰা ১২০০ কিলোমিটাৰ যাত্ৰা কৰি মুম্বাইলৈ আহিছিল এজন বিশেষ অনুৰাগী । সপোনৰ চহৰ পোৱাৰ লগে লগে সৌভাগ্যক্ৰমে কাৰ্তিকক লগ পোৱাৰ সুযোগ লাভ কৰে অনুৰাগীজনে ৷ কেৱল লগ পোৱাই নহয়, কাৰ্তিকৰ সৈতে বহু সময় কথাও পাতে অনুৰাগীজনে ৷

কাৰ্তিক আৰিয়ানক প্ৰশংসা নেটিজেনৰ

ভিডিঅ’টোৰ কমেণ্ট বক্সত কাৰ্তিক আৰিয়ানৰ অনুৰাগীয়ে তেওঁক প্ৰশংসা কৰা দেখা যায় । নেটিজেনে অভিনেতাগৰাকীৰ অনুৰাগী আৰু যিদৰে কাৰ্তিকে সময় উলিয়াইছিল তাৰো শলাগ লয় । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘আপুনি আপোনাৰ অনুৰাগীক সন্মানেৰে সময় দিয়াটো এটা ডাঙৰ কথা ।’’ আন এজনে লিখিছে, ‘‘আপুনি সঁচাকৈয়ে আপোনাৰ অনুৰাগীক বহুত ভাল পায় ।’’

কাৰ্তিক আৰিয়ানৰ ৱৰ্ক ফ্ৰণ্ট

কাৰ্তিক আৰিয়ানক শেষবাৰৰ বাবে দেখা গৈছিল ‘সত্যপ্ৰেম কি কথা’ ছবিখনত । এতিয়া অভিনেতাগৰাকীক আগন্তুক সময়ত দেখা যাব ‘চান্দু চেম্পিয়ন’ আৰু ‘আশিকি ৩’ ত । ‘চান্দু চেম্পিয়ন’ ছবিখনত ভাৰতীয় সেনা জোৱানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব কাৰ্তিকক । ইফালে ১৯৯০ চনত মুক্তি পোৱা ‘আশিকি’ ছবিৰ তৃতীয় খণ্ড ‘আশিকি ৩’ত দেখা যাব কাৰ্তিকক ।

লগতে পঢ়ক: বন্ধু সতীশ কৌশিকৰ শেষৰখন ছবিক লৈ অনিল কাপুৰে ক’লে এই কথা