ETV Bharat / entertainment

বন্ধু সতীশ কৌশিকৰ শেষৰখন ছবিক লৈ অনিল কাপুৰে ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 12:07 PM IST

Updated : Feb 10, 2024, 12:25 PM IST

Kaagaz 2 Trailer: প্ৰয়াত অভিনেতা সতীশ কৌশিকে Kaagaz ২ ছবিৰ জৰিয়তে নিজৰ শেষ অভিনয়ৰ চমক পুনৰবাৰ দৰ্শকক দেখুৱাইছে । শুকুৰবাৰে মুক্তি লাভ কৰে ছবিখনৰ ট্ৰেইলাৰ । সতীশৰ উপৰি অনুপম খেৰ এই চিনেমাখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এনে পৰিস্থিতিত Kaagaz ২ৰ ট্ৰেইলাৰ চাই সতীশৰ বেষ্ট ফ্ৰেণ্ড অনিল কাপুৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Anil Kapoor reacted to the trailer of best friend Satish Kaushik's last film Kaagaz 2
বন্ধু সতীশ কৌশিকৰ শেষৰখন ছবিক লৈ অনিল কাপুৰে ক’লে এই কথা

চিটাৰা ডেস্ক, 10 ফেব্ৰুৱাৰী: শুকুৰবাৰে মুক্তিলাভ কৰে ছবি Kaagaz 2ৰ শ্ৰেষ্ঠ ট্ৰেইলাৰ ৷ এই ছবিখন হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ অন্তিমখন ছবি ৷ প্ৰয়াত অভিনেতাগৰাকীক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত চাবলৈ অনুৰাগীসকল অতিশয় আগ্ৰহী হৈ পৰিছে ৷

ইয়াৰ লগতে সতীশৰ বেষ্ট ফ্ৰেণ্ড অভিনেতা অনিল কাপুৰেও আগ্ৰহেৰে অপেক্ষা কৰি আছে Kaagaz 2ৰ বাবে ৷ ছবিখনৰ ট্ৰেইলাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অনিলে কাপুৰেও নিজৰ মতামত প্ৰকাশ কৰি বন্ধুক স্মৰণ কৰি সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ ব্যক্ত কৰে ৷

অনিল কাপুৰে শ্বেয়াৰ কৰিলে Kaagaz 2ৰ ট্ৰেইলাৰ

Kaagaz 2 ছবিখনক লৈ দীৰ্ঘদিন ধৰি শিৰোনাম প্ৰচাৰ হৈ আহিছে ৷ অনুপম খেৰ আৰু সতীশ কৌশিকৰ এই চিনেমাখনক লৈ অনুৰাগীৰ মাজত ব্যাপক হাইপ দেখা গৈছে ৷ Kaagaz 2ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে অনিল কাপুৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰে ৷ ট্ৰেইলাৰ শ্বেয়াৰ কৰাৰ সময়ত অনিল কাপুৰে লিখে যে-

মোৰ প্ৰিয় বন্ধুৰ এই শেষ ছবিখন অতি বিশেষ ৷ তেওঁক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত অভিনয় কৰা দেখি মই অতি সৌভাগ্যৱান ৷ এইটো কেৱল এটা ইছ্যু নহয়, এটা আৱেগ ৷

এনেদৰে বন্ধুৰ শেষৰখন ছবিৰ বিষয়ে অনিল কাপুৰে নিজৰ হৃদয়স্পৰ্শী টোকা লিখে ৷ আপোনালোকক জনাই দিও যে, অনিল কাপুৰ, সতীশ কৌশিক আৰু অনুপম খেৰৰ বন্ধুত্ব সকলোৰে পৰিচিত, কিন্তু বিগত বছৰটোত সতীশ কৌশিকৰ মৃত্যুৰ পিছত এই তিনি বন্ধুৰ সম্পৰ্কৰ বিচ্ছেদ ঘটে ৷ সতীশ কৌশিকৰ মৃত্যুৰ সময়ত অনিল কাপুৰ আৰু অনুপম খেৰো বন্ধুৰ মৃত্যুত শোকত ভাগি পৰা দেখা গৈছিল ৷

Kaagaz 2 কেতিয়া মুক্তি পাব ?

কেৱল অভিনেতা নহয়, লেখক, সতীশ কৌশিকে প্ৰস্তুত কৰিছিল Kaagaz 2 ৷ যদি আমি এই চিনেমাখনৰ মুক্তিৰ তাৰিখৰ কথা ক’বলৈ যাও তেন্তে পৰিচালক ভি কে প্ৰকাশৰ এই ছবিখন ২০২৪ চনৰ ১ মাৰ্চত চিনেমাগৃহত মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ নতুন মোৰ

Last Updated : Feb 10, 2024, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.