ETV Bharat / entertainment

ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:17 PM IST

Salman Khan House Firing: Mumbai Police Investigate International Support, Suspect Terror Plot
ছলমান খানৰ ঘৰলৈ গুলীচালনা

Salman Khan House Firing : মুম্বাই পুলিচে সন্ত্ৰাসবাদী ক্ৰিয়াকলাপ জড়িত থাকিব পাৰে বুলি সন্দেহ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন সন্দৰ্ভতো অনুসন্ধান কৰি আছে ৷

চিটাৰা ডেস্ক, 1 মে’ : ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত গুলীচালনাৰ তদন্তৰ সন্দৰ্ভত শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা এক আপডেটত মুম্বাই আৰক্ষীয়ে কয় যে লৰেন্স বিষ্ণৈৰ চক্ৰটোৱে ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰীয় বিৰোধী সত্তাৰ পৰা আৰ্থিক সাহায্য আৰু অস্ত্ৰ-শস্ত্ৰৰ দৰে সাহায্য লাভ কৰিছে নেকি সেই বিষয়ে তেওঁলোকে তদন্ত কৰি আছে । আৰক্ষীয়ে আশংকা কৰিছে যে এটা 'সন্ত্ৰাস' আৰু 'ধন দাবী' আঁচনি চলি আছে ।

বলীউড অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা গুলীচালনাৰ তদন্ত কৰি থকা মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণৈ চক্ৰটোৱে ভাৰতৰ বাহিৰত সক্ৰিয় হৈ থকা জাতীয় বিৰোধী গোটৰ পৰা বিত্তীয় তথা অস্ত্ৰ-শস্ত্ৰৰ দৰে সহায় লাভ কৰিছিল নেকি সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা চলাই আছে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে ।

১৪ এপ্ৰিলৰ আৰম্ভণিতে অভিনেতাজনে বাস কৰা মুম্বাইৰ বান্দ্ৰাৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত দুজন লোকে চাৰিটা ৰাউণ্ড শ্বুট কৰিছিল । তাৰ পিচত আৰক্ষীয়ে গুজৰাটৰ বিকি গুপ্তা (২৪) আৰু সাগৰ পাল (২১) নামৰ দুয়োজন শ্বুটাৰৰ লগতে দুজন বন্দুক সৰবৰাহকাৰী চনু কুমাৰ চন্দ্ৰ বিষ্ণৈ (৩৭) আৰু অনুজ থাপান (৩২)ক পঞ্জাৱৰ পৰা আটক কৰে । মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই সোমবাৰে গুপ্তা, পাল আৰু থাপানক আদালতত হাজিৰ কৰোৱাই আৰু তেওঁলোকক ৮ মে’লৈকে আৰক্ষীৰ জিম্মাত ৰখা হ’ব ।

আহমেদাবাদৰ চাবৰমতী কেন্দ্ৰীয় কাৰাগাৰত থকা লৰেন্স বিষ্ণৈ আৰু তেওঁৰ সৰু ভায়েক অনমোল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত আছে বুলি ধাৰণা কৰা হয়, এই গুলীচালনাৰ গোচৰটোৰ সৈতে জড়িত আছে বুলি সন্দেহ কৰা হৈছে । অনমোলে এটা ফেচবুক পোষ্টত গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল, কিন্তু ইয়াৰ আইপি ঠিকনা পৰ্তুগালৰ সৈতে সংযুক্ত আছিল, কৰ্তৃপক্ষই জানিবলৈ দিয়ে । যিহেতু লৰেন্স বিষ্ণৈৰ সংগঠিত অপৰাধ ছিণ্ডিকেট বিশ্বব্যাপী চলি আছে, সেয়েহে আৰক্ষীৰ ৰিমাণ্ড আবেদন অনুসৰি ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰবিৰোধী সংগঠনৰ পৰা বিষ্ণৈ দলে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা বা বিত্তীয় সাহায্য লাভ কৰিছে নেকি সেই বিষয়ে কৰ্তৃপক্ষই তদন্ত কৰি আছে ।

এজন বিষয়াৰ মতে, আৰক্ষীয়ে অভিযুক্ত শ্বুটাৰসকলে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ উৎসও বিচাৰি আছে । তদন্তকাৰী আৰক্ষীয়ে সন্দেহ কৰিছে যে বিষ্ণৈ গেঙে দেশৰ বিত্তীয় কেন্দ্ৰ মুম্বাইত ভয়ৰ বীজ সিঁচাৰ পৰিকল্পনা কৰিছে আৰু দলটোৰ সদস্যই চহৰখনৰ ব্যৱসায়ী, চলচ্চিত্ৰ অভিনেতা আৰু নিৰ্মাতাসকলৰ পৰা ধন দাবী কৰাৰ চেষ্টা কৰিছিল নেকি সেই সন্দৰ্ভত তদন্ত কৰি আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে ।

ইফালে, ছলমান খানে শেহতীয়াকৈ ঘটনাটোৰ দুসপ্তাহৰ পিচত লণ্ডন ভ্ৰমণ কৰে ৷ ব্ৰেণ্ট নৰ্থ আসনৰ বাবে ইউকেৰ সাংসদ বেৰী গাৰ্ডিনাৰক সাক্ষাৎ কৰি ভাল সময় অতিবাহ কৰা দেখা যায় অভিনেতাজনক । তেওঁৰ লণ্ডন ভ্ৰমণৰ কেইবাখনো আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে, যিয়ে তেওঁৰ গুণমুগ্ধসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । ছলমানক গাৰ্ডিনাৰৰ সৈতে কথা পাতি থকা দেখা গৈছে ৷ তেওঁলোক দুয়োৱে উৎসাহেৰে কেমেৰালৈ চাই ফটোৰ বাবে প’জ দিছে ।

ৱৰ্ক ফ্ৰণ্টত শেহতীয়াকৈ ছলমানক টাইগাৰ ৩ত দেখা গৈছিল । মনীষ শৰ্মাৰ পৰিচালনাৰ ছবিখনত কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : ছলমানৰ বাসগৃহ গেলেক্সিৰ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেব বুকিং কৰি গ্ৰেপ্তাৰ যুৱক - Salman Khans Fan Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.