ETV Bharat / entertainment

ৰাজনীতিত যোগদানক লৈ কি ক’লে ৰণদ্বীপ হুড্ডাই ?

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:13 PM IST

Randeep Hooda on politics, says Its not the right time
ৰাজনীতিত যোগদান কৰিব নেকি ৰণদ্বীপে ?

Randeep Hooda On Politics: কিছুদিনৰ পৰা ৰণদ্বীপ হুড্ডাই ৰাজনীতিত যোগদান কৰিব বুলি খবৰ আহিছিল । এতিয়া এই খবৰটোক লৈ অভিনেতাজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন ৷ এনে পৰিস্থিতিত তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ আনহাতে নিৰ্বাচনৰ পূৰ্বে বহু নতুন মুখেও যোগদান কৰিছে ৰাজনীতিত ৷ ইয়াৰ মাজতে এতিয়া বলীউডৰ অভিনেতা ৰণদ্বীপ হুড্ডাক লৈ এক ডাঙৰ খবৰ আহিছে । খবৰ অনুসৰি অভিনেতাগৰাকীয়ে হাৰিয়ানাৰ ৰোহতকৰ পৰা অচিৰেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । এতিয়া এই খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰণদ্বীপে ।

ৰাজনীতিত যোগদান কৰিব নেকি ৰণদ্বীপে ?

শেহতীয়াকৈ পিটিআইৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰণদ্বীপ হুড্ডাই ৰাজনীতিত প্ৰৱেশ সন্দৰ্ভত নিজৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰকাশ কৰে । তেওঁক সোধা হৈছিল ‘তেওঁ ৰাজনীতিত যোগদান কৰিব বিচাৰে নেকি ?’ ইয়াৰ উত্তৰত অভিনেতাজনে কয়, ‘‘মই মানুহৰ সেৱা কৰি ভাল পাওঁ বা কাৰোবাক সহায় কৰিও ভাল পাওঁ । কিন্তু মোৰ মতে এতিয়া ৰাজনীতিত যোগদানৰ উপযুক্ত সময় নহয় ।’’

অভিনেতাগৰাকীয়ে নিজৰ সমগ্ৰ পৰিকল্পনাক লৈ কয়, ‘‘ৰাজনীতি এক গুৰুতৰ কেৰিয়াৰ । বৰ্তমান মই মোৰ চলচ্চিত্ৰ কেৰিয়াৰত গুৰুত্ব দিব বিচাৰিছো । বৰ্তমান মই অভিনেতা হিচাপে কাম কৰিব বিচাৰো আৰু ইয়াৰ পিচত মই পৰিচালক ৰূপে মোৰ ভাগ্য চেষ্টা কৰিব বিচাৰিম ।’’

উল্লেখ্য যে, এইকেইদিন অভিনেতাগৰাকী চৰ্চাত আছে তেওঁৰ ছবি ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ক লৈ ৷ এই চিনেমাখনত ৰণদ্বীপে সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ছবিখনৰ পৰিচালক স্বয়ং ৰণদ্বীপ । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, যিয়ে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । ট্ৰেইলাৰত ৰণদ্বীপ হুড্ডাৰ বলিষ্ঠ অভিনয়ে পুনৰবাৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷

কেতিয়া মুক্তি পাব এই ছবিখন ?

উল্লেখ্য যে, ছবিখনত অংকিতা লোখাণ্ডেকো দেখা যাব, যিয়ে সাৱৰকাৰৰ পত্নী যমুনাবাইৰ চৰিত্ৰত অভিনয় কৰিছে। ৰণদ্বীপ হুড্ডা আৰু অংকিতা লোখাণ্ডে অভিনীত এই ছবিখন অহা ২২ মাৰ্চত চিনেমাগৃহত মুক্তি পাব ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান অনুৰাধা পৌডৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.