ETV Bharat / entertainment

101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 6:43 PM IST

Pushpa 2 The Rule Teaser
101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে

Pushpa 2 The Rule Teaser : আজি মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত পুষ্পা দ্য ৰুল 2 ৰ টীজাৰ ৷ টীজাৰটো মুক্তি লাভ কৰাৰ প্ৰায় 101 মিনিটৰ পিচতে অভিলেখ ভংগ কৰি 5 লাখতকৈ অধিক লাইকছ লাভ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে ৷

চিটাৰা ডেস্ক, 8 এপ্ৰিল : আজি দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ জন্মদিন উপলক্ষে মুক্তি পালে পুষ্পা দ্য ৰুল 2 ৰ টীজাৰ ৷ তাৰকাগৰাকীৰ জন্মদিনৰ বিশেষ দিনটোত অনুৰাগীসকলক টীজাৰটো উপহাৰ হিচাপে আগবঢ়াই পুষ্পা দ্য ৰুল 2 ৰ নিৰ্মাতাসকলে ৷ এই টীজাৰত পুষ্পৰাজক এক নতুন অৱতাৰত দেখা গৈছে ৷ তাৰকাগৰাকীৰ এই দেৱীসদৃশ অৱতাৰটো দেখি অনুৰাগীসকলৰ উৎকণ্ঠা বৃদ্ধি হৈছে ৷

ইয়াৰ পিচতে 'পুষ্পা-২ দ্য ৰুল'ৰ টীজাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰি ১০১ মিনিটত ৫ লাখতকৈও অধিক লাইক লাভ কৰিবলৈ সক্ষম হৈছে ৷ 15 আগষ্ট 2024 ত বিশ্বজুৰি গ্ৰেণ্ড ৰিলীজ হ’ব ছবিখন ৷

টীজাৰটোত আল্লু অৰ্জুনক নীলা শাৰীত দেখা গৈছে ৷ টীজাৰত আল্লু অৰ্জুনে মহিলাৰ পোছাক পৰিধান কৰি দেৱীৰ ৰূপত নিজকে সজোৱা পৰিলক্ষিত হৈছে । বহুতো অনুৰাগীয়ে তেওঁৰ এই অৱতাৰক বাবে দেৱী কালীৰ সৈতে তুলনা কৰাৰ উপৰিও তেলুগু অনুৰাগীসকলে অভিনেতাগৰাকীৰ এই অৱতাৰটোক তেওঁলোকৰ আৰাধ্যা গণগাম্মা দেৱীৰ লগত তুলনা কৰিছে ৷

ইয়াৰ পূৰ্বে নিৰ্মাতাসকলে ছবিখনৰ টীজাৰ ঘোষণা কৰি ইনষ্টাগ্ৰামত লিখিছিল, "তেওঁৰ আগমন উদযাপন কৰক। তেওঁৰ অন্তৰ্নিহিত অগ্নিক পূজা কৰক । এই শিহৰণকাৰী মুহূৰ্ত অনুভৱ কৰক। পুষ্পা ২ দ্য ৰুলৰ টীজাৰটো অলপতে মুকলি কৰা হৈছে । শুভ জন্মদিন আইকন তাৰকা আল্লু অৰ্জুন।"

1.08 মিনিটৰ টীজাৰটোত "জাথাৰা" ৰ আভাস দেখুওৱা হৈছে ৷'জাথাৰা',ক 'সম্মাক্কা সৰলাম্মা জাথাৰা' বুলিও জনা যায় ৷ তেলেংগানা ৰাজ্যত হিন্দু জনজাতীয় দেৱ-দেৱীৰ সন্মানস্বৰূপে উদযাপন কৰে এই উৎসৱ । হাতত ত্ৰিশূল লৈ তাৰকাগৰাকীয়ে গুণ্ডাক মাৰপিট কৰা দেখুওৱা হৈছে টীজাৰটোত। ছবিখন স্বাধীনতা দিৱস উপলক্ষে ২০২৪ চনৰ ১৫ আগষ্টত ছবিগৃহত মুক্তি দিয়া হ'ব ।

লগতে পঢ়ক: জন্মদিনৰ দিনাই অনুৰাগীলৈ উপহাৰ আল্লু অৰ্জুনৰ: শাৰী পৰিধান কৰি শত্ৰুক বধিলে আল্লুৱে - Pushpa 2 Teaser

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.