ETV Bharat / entertainment

প্ৰসৱোত্তৰ হতাশাই আগুৰি ধৰিছে উপাসনাক: স্বামী থকাৰ পিচতো বিচাৰিছে থেৰাপিষ্ট - Postpartum Depression

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 7:58 AM IST

Upasana Konidela pregnancy journey: বিগত বছৰত প্ৰথমটি সন্তানৰ জন্মৰ পাচৰে পৰা অভিনেতা ৰাম চৰণ আৰু উপাসনা কনিডেলাই পেৰেণ্টহুড বাৰুকৈয়ে উপভোগ কৰি আছে ৷ অলপতে উপাসনাই মাতৃত্ব লাভ কৰাৰ এই গৌৰৱময় যাত্ৰাৰ আৱেগিক মুহূৰ্তবোৰৰ বিষয়ে মুকলিকৈ কয় ৷ প্ৰসৱোত্তৰ হতাশাত ভোগা উপাসনাই ল’বলগীয়া হৈছিল থেৰাপি ৷ সবিশেষ আগলৈ-

'My Husband Is My Therapist', Says Ram Charan's Wife Upasana Konidela on Postpartum Depression
ৰাম চৰণ আৰু উপাসনা (ETV BHARAT)

চিটাৰা ডেস্ক, 15 মে’ : দক্ষিণ ভাৰতৰ মনোৰঞ্জন জগতখনৰ সৈতে জড়িত তাৰকাসকলৰ ভিতৰত ৰাম চৰণ আৰু উপাসনাৰ যুটি খুবেই জনপ্ৰিয় ৷ বিগত বছৰটোত প্ৰথমটি সন্তানক জীৱনলৈ আদৰণি জনোৱাৰ পাচত এতিয়া দুয়োৱে পিতৃ-মাতৃ হোৱাৰ আনন্দ উপভোগ কৰি আছে ৷ সন্তানৰ নাম ৰাখিছে ক্লিন কাৰা ৷ শেহতীয়াকৈ এটা নিউজ পৰ্টেলৰ সৈতে হোৱা সাক্ষাৎকাৰত উপাসনাই গৰ্ভধাৰণৰ আৱেগিক যাত্ৰাৰ বিষয়ে মুকলিকৈ কয় ৷ তেওঁ আনকি প্ৰসৱোত্তৰ হতাশাতো ভূগিছিল ৷ সেই কঠিন সময়ছোৱাত তেওঁৰ সৈতে থকা এজন বিশেষ ব্যক্তিৰ কথাও উল্লেখ কৰে উপাসনাই ৷

প্ৰথমবাৰৰ বাবে মাতৃত্বৰ গৌৰৱ লাভ কৰা উপাসনাই শেহতীয়াকৈ এক সাক্ষাৎকাৰত আলোচনা কৰে যে তেওঁৰ সংগীয়ে তেওঁক প্ৰসৱৰ পিচৰ হতাশা দূৰ কৰাত কেনেদৰে সহায় কৰিছে । উপাসনা কনিডেলাই মাতৃ হোৱাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে যে যদিও সেয়া এক বিশেষ যাত্ৰা আছিল, তথাপিও তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । এই কঠিন সময়বোৰত তেওঁৰ কাষত থিয় দিয়া সেই বিশেষ ব্যক্তিজন আছিল স্বামী ৰাম ৷ প্ৰতিটো সময়তে তেওঁৰ কাষত মিত্ৰ হিচাপে লগত থকা আৰু সকলো কামতে তেওঁলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰামৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল উপাসনাই ৷

ৰাম চৰণৰ সমৰ্থনৰ কথা উল্লেখ কৰি তেওঁ কয়, "মোৰ স্বামীয়ে মোৰ থেৰাপিষ্ট আৰু সন্তান জন্মৰ পিচত মোৰ সৈতে মোৰ মা-দেউতাৰ ঘৰলৈ স্থানান্তৰিত হয় তেওঁ । মই জানো যে প্ৰতিগৰাকী মাতৃৰ অভিজ্ঞতা অনন্য, সেয়েহে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যক প্ৰথম স্থান দিয়াটো গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজন হ'লে পেছাদাৰীসকলৰ পৰা সহায় লোৱাটোও গুৰুত্বপূৰ্ণ," তেওঁ লগতে কয় । ইয়াৰ উপৰিও, উপাসনাই প্ৰকাশ কৰে যে তেওঁৰ স্বামী ৰাম সন্তানৰ প্ৰতিপালনত জড়িত থকাৰ ফলত তেওঁ যথেষ্ট লাভান্বিত হৈছে ।

কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত উপাসনা আৰু ৰামৰ কিমান কষ্ট হয় সেইয়াও প্ৰকাশ কৰে তাৰকাপত্নী গৰাকীয়ে ৷ উপাসনাৰ মতে কাৰাই পিতৃৰ সমান নাকান্দে ৷ 2012 চনৰ 14 জুনত বিবাহপাশত আৱদ্ধ হৈছিল ৰাম চৰণ আৰু উপাসনা কনিডেলা ৷

পেছাদাৰী ফ্ৰণ্টত ৰাম চৰণক পৰৱৰ্তী সময়ত এছ শংকৰৰ গেম চেঞ্জাৰত কিয়াৰা আদৱানী, অঞ্জলি, এছ জে সূৰ্য, জয়ৰাম, সুনীল, শ্ৰীকান্ত, সামুথিৰাকানি আৰু নাছাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে ৰাজনৈতিক একশ্যন থ্ৰিলাৰখন ।

লগতে পঢ়ক : আৱেগিক কৰণ জোহৰ, কিং খান-আদিত্য চোপ্ৰাৰ প্ৰতি কৃতজ্ঞ - Karan Johar instagram

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.