ETV Bharat / entertainment

চিকিৎসালয়ত সদগুৰুক দেখি আৱেগিক হৈ পৰিল কংগনা ৰনৌত - Sadhguru

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 12:25 PM IST

Sadhguru Brain Surgery : কংগনা বলীউডৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী । ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ কথা কোৱা দেখা যায় অভিনেত্ৰীগৰাকীক । এতিয়া শেহতীয়াকৈ তেওঁ এটা পোষ্ট কৰিছে । দৰাচলতে সদগুৰুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰি লাভ কৰাৰ পাচতেই আৱেগিক হৈ পৰিছে কংগনা ।

Kangana Ranaut wishes Sadhguru speedy recovery from brain surgery
চিকিৎসালয়ত সধগুৰুক দেখি আৱেগিক হৈ পৰিল কংগনা ৰনৌত

চিটাৰা ডেস্ক, ২১ মাৰ্চ: বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত স্পষ্টবাদী শৈলীৰ বাবে পৰিচিত । কোনো সংকোচ নোহোৱাকৈ সকলোৰে সন্মুখত নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় যদিও শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক অলপ আৱেগিক হৈ পৰা দেখা গৈছে । আচলতে শেহতীয়াকৈ আধ্যাত্মিক গুৰু তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰু জগ্গী বাসুদেৱৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছে । সেয়েহে, তেওঁৰ বাবে অভিনেত্ৰীগৰাকীক চিন্তিত হৈ পৰা দেখা গৈছে ।

কংগনা ৰনৌতে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰাম আৰু এক্স একাউন্টত সদগুৰুৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে আৱেগিক কেপচনো লিখিছে ।

সদগুৰুৰ মগজুৰ অস্ত্ৰোপচাৰ

যোৱা ১৭ মাৰ্চত দিল্লীৰ এপ’ল’ হাস্পতালত সদগুৰু জগ্গী বাসুদেৱৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল । তেওঁৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কংগনাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছে,‘‘যেতিয়াৰ পৰা মই ৰাধেৰ পৰা এই বিষয়ে গম পাইছো মই থতমত খাই পৰিছিলো । সেই অসহ্য যন্ত্ৰণাত সদগুৰুৱে বিশাল শিৱৰাত্ৰী অনুষ্ঠান আয়োজন কৰাৰ লগতে, কোনো সভা বা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা নাছিল । সোনকালে ভাল হ’ব, আপোনাৰ অবিহনে আমি একো নহয় ।’’

আৱেগিক হৈ পৰিল কংগনা ৰনৌত

ইয়াৰ পিচত কংগনাই আন এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘আজি সদগুৰুক আই চি ইউৰ বিচনাত পৰি থকা দেখি হঠাতে তেওঁৰ অস্তিত্বৰ অস্থায়ীত্ব উপলব্ধি কৰিলোঁ, ইয়াৰ আগতে মোৰ মনলৈ কেতিয়াও অহা নাছিল যে তেওঁৰ আমাৰ দৰেই হাড়, তেজ, মাংস আছে । পৃথিৱীখন লৰচৰ কৰা যেন লাগিল, আকাশখনে মোক এৰি থৈ গ’ল, মোৰ মূৰটো ঘূৰি থকা যেন লাগিল, এই বাস্তৱতাক মই বুজিব পৰা নাছিলো ।’’

কংগনাই লিখিলে,‘‘বিশ্বাস কৰিব নোখোজো, কিন্তু তাৰ পিচত হঠাতে মই ভাঙি পৰিলো । মোৰ দুখবোৰ আপোনালোক সকলোৰে লগত ভাগ কৰিব বিচাৰিছো, ৰোধ কৰিব নোৱাৰো । তেওঁ ভাল হ’লেই ভাল, নহ’লে সূৰ্য উদয় নহয়, পৃথিৱীখন লৰচৰ নকৰে । এই মুহূৰ্তটো নিৰ্জীৱ ৷’’

উল্লেখ্য যে, সদগুৰু দীৰ্ঘদিন ধৰি মূৰৰ বিষত ভুগি আছিল, তাৰ পিচত তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । এতিয়া তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে ।

লগতে পঢ়ক: পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন সিদ্ধু মুছেৱালাৰ পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.