ETV Bharat / entertainment

অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত কিয় উপস্থিত নাছিল কংগনা ৰনৌত ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:56 PM IST

Kangana Ranaut Takes Sly Dig at Actors Dancing at Anant Ambani's Pre-Wedding Bash
অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত কিয় উপস্থিত নাছিল কংগনা ৰনৌত

Kangana Ranaut: বৰ্তমান চৰ্চাত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং উদযাপন । ইফালে কংগনা ৰনৌতে বিয়ালৈ নোযোৱাৰ কাৰণ পৰোক্ষভাৱে প্ৰকাশ কৰে ।

চিটাৰা ডেস্ক, ৫ মাৰ্চ: ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈকে গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছিল বিজনেছ টাইকুন মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিঙত অংশহগ্ৰহণ কৰিছিল বলীউড, হলিউড আৰু দক্ষিণ ছবিজগতৰ বহু ডাঙৰ ডাঙৰ তাৰকাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু এই তিনিদিনীয়া বৃহৎ উদযাপনত দেখা নগ’ল বলীউডৰ কুইন কংগনা ৰনৌতক ৷ কিন্তু কিয় ? যাৰ কাৰণ এতিয়া ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ।

কিয় আম্বানীৰ পাৰ্টিলৈ নগ’ল কংগনা ?

কংগনা ৰনৌতে নিজৰ ইনষ্টা একাউণ্টত এটা ষ্ট’ৰী পোষ্ট কৰিছে ৷ পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে,‘‘মই অতি কঠিন আৰ্থিক সময়ৰ সন্মুখীন হৈছো, কিন্তু লতা জী আৰু মই কেতিয়াও বিয়াত অনুষ্ঠান পৰিৱেশন কৰা নাই । লতা জী আৰু মই ডাঙৰ হিট গীত (যেনে ফেশ্বন, জালৱা, ঘনী বাৱৰী, লণ্ডন থুমকদা) দিছো । মোক বহুতো ছুপাৰহিট আইটেম গীতৰ প্ৰস্তাৱো দিয়া হৈছিল, কিন্তু মই নাকচ কৰিলোঁ । এৱাৰ্ড শ্ব’ৰ পৰাও আঁতৰি থাকিলো, খ্যাতি আৰু ধনক না ক’বলৈ শক্তিশালী চৰিত্ৰ আৰু মৰ্যাদাৰ প্ৰয়োজন । চৰ্টকাটৰ এই জগতখনত নৱপ্ৰজন্মই বুজিব লাগিব যে সৰ্বাধিক ধন উপাৰ্জন কৰাটোৱেই সকলো নহয়, সততাৰ সম্পদ উপাৰ্জন কৰাটোহে প্ৰকৃত কথা ।’’

আচলতে শেহতীয়াকৈ আশা ভোছলেৰ এটা পুৰণি সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত আশা ভোছলেই লতা মংগেশকাৰৰ বিষয়ে কোৱা দেখা গৈছে যে তেওঁ বিয়াত গান গোৱা নাছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এটা টিভি শ্ব’ত আশা ভোছলেই লতা দিদীৰ কথা কওঁতে তেওঁক বিয়াত গান গাবলৈ লাখ লাখ টকাৰ প্ৰস্তাৱ দিয়া বুলি কৈছিল যদিও এবাৰতে সেই প্ৰস্তাৱ নাকচ কৰিছিল । বিয়াত গান গাবলৈ তেওঁৰ ভাল নালাগিছিল । ইয়াৰে এটা বাতৰি কংগনাই শ্বেয়াৰ কৰি এই কথাষাৰ লিখিছে ৷

লগতে পঢ়ক: অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰ কাপুৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.