ETV Bharat / entertainment

অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰ কাপুৰে !

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:39 AM IST

Anant-Radhika Pre Wedding: অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা ভাইৰেল হৈ পৰিছে এখন ফটো ৷ যিখন ফটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ ফটোখনত দেখা গৈছে আদিত্য ৰয় কাপুৰ আৰু অনন্যা পাণ্ডেৰ সৈতে ৰণবীৰ কাপুৰক । ফটোখনৰ বিষয়ে সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ananya-Aditya's Romance Gets Thumbs-up from Ranbir in Pic from Anant-Radhika's Pre-wedding Bash
অনন্যা পাণ্ডে-আদিত্য ৰায় কাপুৰৰ ফটো

চিটাৰা ডেস্ক, ৪ মাৰ্চ: দেওবাৰে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ শেষ দিন আছিল । এই উদযাপন ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈকে চলে । গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশৰ লগতে বিশ্বৰ বৃহৎ ব্যক্তিসকলে অংশগ্ৰহণ কৰে । আনহাতে প্ৰায় সমগ্ৰ বলীউড এই উদযাপনৰ অংশ আছিল । এতিয়া প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইফালে এখন ফটো পোহৰলৈ আহিছে, যিখন ফটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ।

এই ফটোখনত ৰণবীৰ কাপুৰে বি-টাউনৰ নতুন কথিত প্ৰেমিক-প্ৰেমিকা আদিত্য ৰয় কাপুৰ আৰু অনন্যা পাণ্ডেৰ সৈতে আনন্দ কৰা দেখা গৈছে । ইফালে ফটোখনত আদিত্য আৰু ৰণবীৰক একেলগে দেখি অনুৰাগীৰ মনত পৰিল ‘য়েহ জৱানী হে দীৱানী’ ছবিখনৰ কথা ।

অনন্যা-আদিত্যৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰে !

আনহাতে ৰণবীৰে এই কথিত প্ৰেমিক-প্ৰেমিকাৰ ফালে বুঢ়া আঙুলি দেখুৱাই পোজ দিয়ে । ইয়াৰ বাবেই অনুমান কৰা হৈছে যে ক’ৰবাত ৰণবীৰে আদিত্য আৰু অনন্যাৰ সম্পৰ্কক যেন সেউজ সংকেত দিছে । এই ফটোখনত এই তিনি তাৰকাক অতি সুখী যেন লাগিছে । এই ফটোখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে, অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰ বিগত বহু দিনৰ পৰা প্ৰেমৰ সম্পৰ্কত থকা বুলি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ দুয়োগৰাকীক বহুবাৰ একেলগে সময় অতিবাহিত কৰা দেখা গৈছিল ৷ অৱশ্যে দুয়োৱে নিজৰ সম্পৰ্ক এতিয়াও নিশ্চিত কৰা নাই । কিন্তু এতিয়া ৰণবীৰৰ পোজৰ পৰা দুয়ো সম্পৰ্কত থকা বুলি অনুমান কৰিছে অনুৰাগীয়ে ৷

লগতে পঢ়ক: প্ৰি-ৱেডিং অনুষ্ঠানত শ্বাহৰুখ খানৰ ‘জয় শ্ৰী ৰাম’ ধ্বনি; ক’লে আম্বানী পৰিয়ালৰ ‘ত্ৰিমূৰ্তি’ কোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.