ETV Bharat / entertainment

বহু বছৰৰ পিচত স্বামী, সন্তানৰ সৈতে যজ্ঞ কৰা দেখা গ’ল তাৰক মেহতা শ্ব’ৰ দয়াবেনক

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:52 AM IST

Updated : Feb 25, 2024, 10:23 AM IST

Disha Vakani aka Daya Ben performs Ashwamedh Yagya puja with her Family
দিশা বাকানী ভাইৰেল ভিডিঅ’

Disha Vakani : বহু বছৰ পিচত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দিশা বাকানীৰ এটি ভিডিঅ’ । য’ত দিশাক স্বামী আৰু সন্তানৰ সৈতে দেখা গৈছে ।

চিটাৰা ডেস্ক, ২৫ ফেব্ৰুৱাৰী: টিভি জগতৰ পৰা বহু বছৰ ধৰি আঁতৰি থকা দিশা বাকানী ওৰফে দয়াবেন বৰ্তমান ক’ত আছে আৰু কি কৰি আছে ? এই প্ৰশ্নৰ উত্তৰ তেওঁৰ সকলো অনুৰাগীয়ে জানিব বিচাৰে ৷ এতিয়া বহু বছৰৰ পিচত ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ দয়াবেন অৰ্থাৎ দিশা বাকানীৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দিশাই পৰিয়ালৰ সৈতে যজ্ঞ কৰা দেখা গৈছে ।

পৰিয়ালৰ সৈতে দেখা গৈছে দিশাক

উল্লেখ্য যে, শেহতীয়াকৈ মুম্বাইত অশ্বমেধ গায়ত্ৰী মহাযজ্ঞৰ আয়োজন কৰা হৈছিল । এই পূজাত অংশ লৈছিল অভিনেত্ৰী দিশাই । এই সময়চোৱাত দিশাৰ সৈতে দেখা গৈছে দুই সন্তান আৰু স্বামীক ৷ ভাইৰেল ভিডিঅ’টোত দিশাই স্বামী আৰু সন্তানৰ সৈতে হাভান পৰিৱেশন কৰা দেখা গৈছে । সমগ্ৰ পৰিয়ালটোক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা দেখা গৈছে । দিশাই পৰিধান কৰিছিল হালধীয়া শাৰীৰ সৈতে গধুৰ গহনা ।

এই সময়চোৱাত অল ৱৰ্ল্ড গায়ত্ৰী পৰিয়াল নামৰ পেজটোত দিয়া সাক্ষাৎকাৰত দিশাই কয়,‘‘তাৰক মেহতা কা উল্টা চশমান চেটতো আমি বহুবাৰ গায়ত্ৰী পূজা কৰিছিলো । এনে যজ্ঞ হ’ব লাগে, ইয়াৰ ফলত সমগ্ৰ পৰিৱেশৰ উন্নতি হয় । মনলৈ ভাল ধাৰণা আহে আৰু ল’ৰা-ছোৱালীয়ে শিকে ।’’

উল্লেখ্য যে, দিশা বাকানী দয়াবেনৰ চৰিত্ৰৰ বাবে পৰিচিত । ২০০৮ চনৰ পৰা তাৰক মেহতা কা উল্টা চশমা নামৰ অনুষ্ঠানটোৰ অংশ হৈ আহিছিল । কিন্তু ২০১৭ চনত তেওঁ প্ৰসূতি ছুটী লৈ শ্ব’টোৰ পৰা আঁতৰি যায় আৰু তাৰ পিচত শ্ব’টোলৈ কেতিয়াও ঘূৰি নাহে ।

ইয়াৰ পিচত অৱশ্যে এবাৰ দিশাক এটা খণ্ডত দেখা গৈছিল । কিন্তু ইয়াৰ পিচত শ্ব’টোত আৰু কেতিয়াও দেখা পোৱা নগ’ল দিশাক ৷ তেওঁক শ্ব’টোত দেখাৰ বাবে অনুৰাগী আগ্ৰহেৰে অপেক্ষা কৰি আছে । শেহতীয়াকৈ শ্ব’টোৰ নিৰ্মাতাই কৈছিল যে তেওঁলোকে অতি সোনকালেই দয়াবেনক পুনৰ শ্ব’টোলৈ ঘূৰাই আনিব । অৱশ্যে এতিয়ালৈকে এনে হোৱা নাই ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে দিশাই যোধা আকবৰ, দেৱদাসৰ দৰে ছবিতো সহ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: বন্ধ হ’ব নেকি তাৰক মেহতা কা উল্টা চশমা শ্ব’ ? কি ক’লে অসিত মোদীয়ে

Last Updated :Feb 25, 2024, 10:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.