ETV Bharat / entertainment

জাহ্নৱীৰ ডিঙিত শিখৰৰ নামৰ নেকলেচ, ৰেড কাৰ্পেটত জাহ্নৱীয়ে দিলে হিণ্ট - Janhvi Kapoor Dating Shikhar

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 1:03 PM IST

Updated : Apr 10, 2024, 3:09 PM IST

Janhvi Kapoor Dating Shikhar : জাহ্নৱী কাপুৰ আৰু শিখৰ পাহাৰিয়াৰ প্ৰেমৰ গুজৱত নতুন টুইষ্ট ৷ ৰেড কাৰ্পেটত হিণ্ট দিলে নেকি জাহ্নৱীয়ে ? এইবাৰ জাহ্নৱীৰ ডিঙিৰ নেকলেচক লৈ ব্যাপক চৰ্চা ৷

JanJanhvi Kapoor Dating Shikhar
জাহ্নৱীৰ ডিঙিত শিখৰৰ নামৰ নেকলেচ, ৰেড কাৰ্পেটত জাহ্নৱীয়ে দিলে হিণ্ট

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : বলীউডৰ মোহময়ী অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সততে লাইমলাইটত দেখা যায় ৷ এইবাৰ জাহ্নৱীৰ ডিঙিৰ নেকলেচক লৈ ব্যাপক চৰ্চা ৷ প্ৰকৃততে শিখৰ পাহাৰিয়াৰ লগত সম্পৰ্কত আছে নেকি জাহ্নৱীৰ ? অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক নিশ্চিতি দিয়া নাই অভিনেত্ৰীগৰাকীয়ে ৷

মঙলবাৰে নিশা, অভিনেত্ৰীগৰাকীয়ে মুম্বাইত তেওঁৰ পিতৃ বনী কাপুৰৰ নতুন প্ৰযোজনা মেইদানৰ স্ক্ৰীণিঙত উপস্থিত হয় । এই স্ক্ৰীণিঙত জাহ্নৱীৰ ডিঙিৰ চেইনডালে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ জাহ্নৱীৰ চেইনডালত তেওঁৰ তথাকথিত প্ৰেমিক শিখৰৰ উপনাম "শিখু" বুলি লিখা আছিল ।

উল্লেখ্য যে, জাহ্নৱী আৰু শিখৰক প্ৰায়ে একেলগে দেখা যায়, মন্দিৰ ভ্ৰমণৰ পৰা আৰম্ভ কৰি জামনগৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহ উদযাপনৰ দৰে অনুষ্ঠানলৈকে । জাহ্নৱীয়ে শেহতীয়াকৈ তেওঁৰ পিতৃ বনী কাপুৰৰ প্ৰযোজনা মেইদানৰ স্ক্ৰীণিঙত উপস্থিত থাকে ৷

ইয়াৰ পূৰ্বে কফী উইথ কৰণত সোধা এক প্ৰশ্নত জাহ্নৱীয়ে শিখৰক তেওঁৰ স্পীড ডায়েলত 'শিখু' বুলি উল্লেখ কৰিছিল । লগতে কৰণে জাহ্নৱীৰ প্ৰেমৰ জীৱনৰ বিষয়ে সোধা ধেমেলীয়া প্ৰশ্নৰ উত্তৰত কয় যে, 'নাদান পৰিন্দে ঘৰ আজা' গানটো শিখৰে তেওঁক গাই শুনাই আৰু তেওঁৰ সেইটো ভাল লাগে ৷ অৱশ্যে জাহ্নৱীয়ে শিখৰক তেওঁ বহুত ভাল বন্ধু বুলিহে উল্লেখ কৰিছিল ৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰত, বনী কাপুৰে শিখৰ পাহাৰিয়াক প্ৰশংসা কৰিছিল । তেওঁ শিখৰৰ বিষয়ে কৈছিল, যে শিখৰৰ তেওঁলোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ প্ৰয়োজনত শিখৰে তেওঁলোকৰ পৰিলায়টোৰ বাবে সদায় উপস্থিত থাকে ৷

জাহ্নৱীৰ জন্মদিনত, শিখৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ একেলগে থকা ফটোৰে শুভেচ্ছামূলক পোষ্ট কৰিছিল, তাৰ ভিতৰত আইফীল টাৱাৰৰ সন্মুখত এখন ফটো আছিল ৷

লগতে পঢ়ক: বিবাহৰ 18 বছৰৰ পিচত কিয় বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে ধনুষ আৰু ঐশ্বৰ্যই ? - DHANUSH AND AISHWARYA RAJINIKANTH

Last Updated : Apr 10, 2024, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.