বিবাহৰ 18 বছৰৰ পিচত কিয় বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে ধনুষ আৰু ঐশ্বৰ্যই ? - DHANUSH AND AISHWARYA RAJINIKANTH
DHANUSH AND AISHWARYA RAJINIKANTH : বিবাহৰ ১৮ বছৰৰ পিচত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে ধনুষ আৰু ঐশ্বৰ্য ৰজনীকান্তে । বিগত দুবছৰৰ পৰা পৃথকে পৃথকে বাস কৰি আছিল দম্পতীটোৱে ৷

Published : April 9, 2024 at 9:37 AM IST
চিটাৰা ডেস্ক, 9 এপ্ৰিল : অভিনেতা-পৰিচালক ধনুষ আৰু চলচ্চিত্ৰ নিৰ্মাতা ঐশ্বৰ্য ৰজনীকান্তে শেহতীয়াকৈ চেন্নাইৰ পাৰিবাৰিক আদালতত ধাৰা 13 বি-ৰ অধীনত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে । ২০২২ চনৰ জানুৱাৰীত দম্পতীটোৱে ১৮ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ পিচৰ পৰাই যোৱা দুবছৰ ধৰি পৃথকে পৃথকে বাস কৰিছিল দম্পতীটোৱে ৷ যদিও ভিন্ন সময়ত দম্পতীটো তেওঁলোকৰ সন্তানৰ লগত বিদ্যালয়ৰ অনুষ্ঠানত একেলগে দেখা গৈছিল ৷
এক বিবৃতিযোগে ধনুষে তেওঁলোকৰ সম্পৰ্কৰ সন্মান কৰি তেওঁলোকে ঘনিষ্ঠ বন্ধু হোৱাৰ পৰা ইজনে সিজনৰ বাবে সহ-অভিভাৱক আৰু শুভাকাংক্ষীলৈকে কৰা যাত্ৰাৰ কথা প্ৰকাশ কৰিছিল । তেওঁলোকে নিজৰ বিকাশ আৰু বুজাবুজিৰ বাবে পৃথকে পথকে থকাৰ সিদ্ধান্তত উপনীত হৈছে বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ৷
বিবৃতিটোত এইদৰে কোৱা হৈছে, "বন্ধু, দম্পতী, পিতৃ-মাতৃ আৰু ইজনে সিজনৰ শুভাকাংক্ষী হিচাপে ১৮ বছৰ একেলগে পাৰ কৰিলো ৷ আমাৰ এই দীঘলীয়া যাত্ৰাত বিকাশ, বুজা-বুজিৰ লগতে ইজনে সিজনক সহায় কৰিছিলো । এতিয়া আমি এনে এটা পৰিস্থিতিত উপনীত হৈছো, য’ত আমি পৃথকে পৃথকে পথ বাচি ল’বলৈ বাধ্য হৈছো ৷ ঐশ্বৰ্য আৰু মই দম্পতী হিচাপে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো আৰু এই সিদ্ধান্ত আমাৰ ভালৰ বাবে এজন ব্যক্তি হিচাপে নিজক বুজিবলৈ সময় ল’ম ।"
ঐশ্বৰ্যইও তেওঁৰ সামাজিক মাধ্যমত একে ধৰণৰ এক পোষ্ট আপলোড কৰিছিল ৷ ২০০৪ চনত এক বিশাল বিবাহ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল দম্পতীটো ৷ দম্পতীটোৰ দুটাকৈ সন্তান আছে ৷
লগতে পঢ়ক:101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser

