ETV Bharat / entertainment

সমালোচকক উভতি ধৰিলে আয়েশাই, ক’লে-মোক কেনেকুৱা দেখা যায় . .

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 12:07 PM IST

Ayesha Takia Slams Trolls: শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী আয়েশা টাকিয়াক বিমানবন্দৰত দেখা গৈছিল, তাৰ পিচতে তেওঁক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছিল । এতিয়া সমালোচকক প্ৰত্যুত্তৰ দিলে অভিনেত্ৰীগৰাকীয়ে ।

Ayesha Takia reacts to trolls after Airport appearance
সমালোচকক প্ৰত্যুত্তৰ আয়েশাৰ

চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী আয়েশা টাকিয়াই ‘Tarzan the wonder car’ আৰু ‘Wanted’ ছবিৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ সেই সময়চোৱাত আয়েশা টাকিয়াৰ সৌন্দৰ্যত মোহিত হৈছিল দৰ্শক ৷ কিন্তু হঠাৎ চিনেমাৰ পৰা নাইকিয়া হৈ যায় অভিনেত্ৰীগৰাকী ৷ বহু বছৰ ধৰি চিনেমাৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে জীৱন-যাপন কৰি আছে আয়েশাই ।

এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক বিমানবন্দৰত দেখা গৈছিল, য’ত তেওঁৰ মুখখন সম্পূৰ্ণ সলনি হৈ যোৱা যেন দেখা গৈছিল । ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীৰ সলনি হোৱা লুক দেখি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰে ব্যৱহাৰকাৰীয়ে ৷ এতিয়া আয়েশাই উভতি ধৰিলে সমালোচকক ।

আয়েশাই এটা পোষ্ট শ্বেয়াৰ কৰি সমালোচকক উভতি ধৰে ৷ আয়েশাই নিজৰ পোষ্টত প্ৰকাশ কৰে যে তেওঁ মেডিকেল ইমাৰ্জেন্সিৰ বাবে গোৱালৈ গৈছিল । অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত লিখিছে, "এইটো কোৱাৰ প্ৰয়োজন, দুদিন আগতে গোৱালৈ গৈছিলো, মোৰ পৰিয়ালত মেডিকেল ইমাৰ্জেন্সি হৈছিল, মোৰ ভনীয়েক হাস্পতালত আছে । এই সকলোবোৰৰ মাজতে মোৰ মনত আছে কিছুমান মানুহে মোক বিমানবন্দৰত ৰখাই দিছিল আৰু পোজ দিবলৈ কৈছিল ৷ ইয়াৰ পিচতে মোৰ চেহেৰাক লৈ প্ৰশ্ন উত্থাপন কৰা হ’ল ছ’চিয়েল মিডিয়াত, যেন দেশত আৰু কোনো গুৰুত্বপূৰ্ণ বিষয় নাই আলোচনা কৰিবলৈ ।"

ছবিজগলৈ পুনৰ উভতিব নেকি আয়েশা ?

এই সন্দৰ্ভত আয়েশাই কয়, "মোক কেনেকুৱা দেখা যায়, মোক কেনেকুৱা দেখিব লাগিছিল এই কথা ভাবি চিন্তা কৰিবলৈ প্ৰয়োজন নাই । মই কোনো চিনেমাত কাম কৰিব নিবিচাৰো বা কোনো ধৰণৰ কামবেক কৰিব নিবিচাৰো । মই মোৰ জীৱনটো সুখেৰে কটাই আছো, লাইমলাইটত থাকিব নিবিচাৰো, কোনো খ্যাতিৰ প্ৰতি আগ্ৰহীও নহয়, কোনো চিনেমাত থাকিবলৈও আগ্ৰহী নহয়, গতিকে শান্তিত থাকক.. অনুগ্ৰহ কৰি মোক একেবাৰেই আওকাণ কৰিবলৈ নিঃসংকোচে অনুভৱ কৰক ৷”

লগতে আয়েশাই ক’লে, "১৫ বছৰৰ পিচতো কিশোৰ বয়সৰ দৰেই দেখা যাব বুলি আশা কৰিলে ভুল হ’ব, এই মানুহবোৰ হাস্যকৰ... ল’ল, প্লিজ । এইবোৰ চিন্তা কৰাৰ পৰিৱৰ্তে ভাল কাম বিচাৰি উলিয়াওক, মই এটা আচৰিত জীৱনৰ ধন্য হৈছো আৰু মোক আপোনাৰ মতামতৰ প্ৰয়োজন নাই, আগ্ৰহীসকলৰ বাবে সংৰক্ষণ কৰক আপোনাৰ মতামত । ভাল কাম কৰক, ভাল খাদ্য খাওক, বন্ধুৰ লগত কথা পাতক, হাঁহক , নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি লওক ।’’

আয়েশা টাকিয়া কোন ?

আয়েশাই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত ফাল্গুনী পাঠকৰ ‘মেৰী চুনাৰ উড় উড় জায়ে’ গীতেৰে জাতীয় ক্ৰাছ হৈ পৰিছিল । পৰৱৰ্তী সময়ত তেওঁ ‘টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল আৰু ২০০৪ চনত শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে । ইয়াৰ পিচত 'দিল মাংগে ম’ৰ', 'ডৌ’ৰ', 'নো স্মোকিং', 'ৱাণ্টেড', 'ছালাম-ই-ইশক' আৰু 'পাঠশালা' আদি ছবিত অভিনয় কৰিছে ।

আয়েশাৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ৰেষ্টুৰেণ্টৰ মালিক ফাৰহান আজমীৰ সৈতে আয়েশা বিবাহপাশত আৱদ্ধ হৈছে । ৰাজনীতিবিদ আবু আজমীৰ পুত্ৰ ফাৰহান আজমী । তেওঁলোকৰ এজন পুত্ৰও আছে, যাৰ নাম মিকাইল ।

লগতে পঢ়ক: উত্তৰত প্ৰদেশ আৰক্ষীত যোগদান কৰিব ছানী লিয়নীয়ে ! ভাইৰেল ছানীৰ এডমিট কাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.